ETV Bharat / entertainment

গুৰুদুজনাৰ অমৰ সৃষ্টি সত্ৰীয়া নৃত্যৰ প্ৰচাৰ-প্ৰসাৰত ব্যস্ত এগৰাকী মহিলা

টিংখাঙৰ সত্ৰীয়া সংস্কৃতিৰ এগৰাকী নিৰলস সাধক, প্ৰশিক্ষক, নৃত্যশিল্পী মেঘালী কাকতি ৷ ঘৰৰ এটা সৰু কোঠাৰ পৰাই আৰম্ভ হৈছিল সত্ৰীয়া নৃত্যৰ প্ৰচাৰ-প্ৰসাৰ আৰু প্ৰশিক্ষণৰ যাত্ৰা ৷

sattriya dancer meghali kakati
সত্ৰীয়া সংস্কৃতিৰ এগৰাকী নিৰলস সাধক মেঘালী কাকতি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 3, 2026 at 1:21 PM IST

4 Min Read
Choose ETV Bharat

টিংখাং : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে অংকীয়া নাটৰ আধাৰতেই সৃষ্টি কৰিছিল সত্ৰীয়া নৃত্য । আধুনিক সমাজত সত্ৰীয়া নৃত্যৰ জনপ্ৰিয়তা কমি অহাৰ দৰে লাগিলেও অসমীয়া সাংস্কৃতিক ক্ষেত্ৰৰ ভেঁটি ধৰি ৰাখিছে সত্ৰীয়া নৃত্যৰ লগতে গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিয়ে ।‌ আধুনিক নৃত্য-গীতৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ সময়ত আধ্যাত্মিক গুণবিশিষ্ট সত্ৰীয়া নৃত্য নতুন প্ৰজন্মৰ বাবে ক্ৰমান্বয়ে অপৰিচিত হৈ উঠিছে ।

ইয়াৰ মাজতে গুৰুজনাৰ অমৰ সৃষ্টি ভাৰতৰ শাস্ত্ৰীয় সংস্কৃতিৰ অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে এগৰাকী বিশেষ মহিলাই । টিংখাঙৰ ২ নং কচলুপথাৰ গাঁৱৰ এইগৰাকী সত্ৰীয়া নৃত্যৰ সাধক তথা প্ৰশিক্ষক, নৃত্যশিল্পী মেঘালী কাকতি । যাৰ নিৰলস সাধনা আৰু অক্লান্ত প্ৰচেষ্টাৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহত্তৰ টিংখাং অঞ্চলত সত্ৰীয়া নৃত্যৰ চৰ্চাই বিশেষ প্ৰাধান্যতা লাভ কৰিবলৈ সক্ষম হৈছে ।

সত্ৰীয়া সংস্কৃতিৰ এগৰাকী নিৰলস সাধক, প্ৰশিক্ষক, নৃত্যশিল্পী মেঘালী কাকতি (ETV Bharat Assam)

বিশিষ্ট সত্ৰীয়া সাধক, পদ্মশ্ৰী যতীন গোস্বামীৰ ওচৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি মেঘালী কাকতিয়ে ১৯৯৬ চনৰ পৰা টিংখাঙত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ আৰম্ভ কৰে । সেই সময়ত আজিৰ দৰে সত্ৰীয়া নৃত্যৰ প্ৰসাৰ নথকাত এই শাস্ত্ৰীয় নৃত্যৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক আগ্ৰহী কৰি তুলিবলৈ যথেষ্ট কষ্ট আৰু সংগ্ৰাম কৰিবলগীয়া হৈছিল এইগৰাকী নৃত্যশিল্পীয়ে । বিগত তিনিটা দশক নিৰৱচ্ছিন্নভাৱে অসমৰ বিভিন্ন প্ৰান্তত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ তথা প্ৰচাৰ, প্ৰসাৰত জড়িত হৈ আছে মেঘালী কাকতি।

sattriya dancer
ঘৰৰ এটা সৰু কোঠাৰ পৰাই আৰম্ভ হৈছিল এই যাত্ৰা (Photo : ETV Bharat Assam)

তেওঁৰ প্ৰশিক্ষাৰ্থীসকলেও ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত নিজস্ব প্ৰতিভাৰে উজলি উঠিবলৈ সক্ষম হৈছে । তেওঁৰ শিষ্যই অসমীয়া চলচ্চিত্ৰ জগতৰ উপৰিও বলীউডতো খোপনি পুতিবলৈ সক্ষম হৈছে । তিনিটা দশক ধৰি সত্ৰীয়া সংস্কৃতিৰ ধ্বজা কঢ়িয়াই ফুৰা প্ৰচাৰ বিমুখ শিল্পীগৰাকীয়ে বৰ্তমান টিংখাং মহাবিদ্যালয়ত সত্ৰীয়া নৃত্যৰ শিক্ষক হিচাপে নিয়োজিত হৈ থকাৰ লগতে টিংখাঙৰ বিভিন্ন ঠাইত নৃত্যৰ প্ৰশিক্ষণ দি আছে ।

sattriya dancer
সত্ৰীয়া নৃত্যৰ প্ৰচাৰ-প্ৰসাৰত ব্যস্ত মেঘালী কাকতি (Photo : ETV Bharat Assam)

তেওঁৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে অলপতে সোণাৰি সাংস্কৃতিক মঞ্চই তেওঁক ‘মহীয়সী সাধিকা’ সন্মান প্ৰদান কৰে । ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান, বিভিন্ন দল-সংগঠনে তেওঁক সম্বৰ্ধনা জনাই উৎসাহিত কৰি আহিছে ।

sattriya dancer
পদ্মশ্ৰী যতীন গোস্বামীৰ ওচৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল তেওঁ (Photo : ETV Bharat Assam)

ঘৰৰ এটা সৰু কোঠাৰ পৰাই আৰম্ভ হৈছিল এই যাত্ৰা:

সত্ৰীয়া নৃত্যৰ সাধক তথা প্ৰশিক্ষক, নৃত্যশিল্পী মেঘালী কাকতিয়ে কয়, "১৯৯৬ চনৰ পৰাই সত্ৰীয়া নৃত্যৰ সৈতে জড়িত হৈ আছোঁ । পদ্মশ্ৰী যতীন গোস্বামীৰ ওচৰত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ । গুৰুৰ আহ্বানত দুগৰাকী ছাত্ৰীক লৈ টিংখাঙতে প্ৰশিক্ষণ দিয়াৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ । নিজৰ ঘৰৰ সৰু কোঠা এটাতে আৰম্ভ হৈছিল সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ যাত্ৰা । ইয়াৰ পাছতে দুলীয়াজান, ভাদৈ, ৰাজগড়, মৰাণ আদি অঞ্চলত বিদ্যালয়ত প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলোঁ ।”

sattriya dancer
ৰাজ্য চৰকাৰৰ পৰা সম্বৰ্ধনা লাভ কৰা মুহূৰ্তত (Photo : ETV Bharat Assam)

বহুত প্ৰত্যাহ্বান মাজেৰে আগবাঢ়িছিল এই যাত্ৰা:

বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল ছাত্ৰীসকলক সত্ৰীয়া নৃত্যৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ । এই সম্পৰ্কে শিল্পী মেঘালী কাকতিয়ে কয়, "সেই সময়ত বহু অভিভাৱকে গম পোৱা নাছিল সত্ৰীয়া নৃত্যৰ বিষয়টো । গাঁও অঞ্চলত চাৰি-পাঁচ কিলোমিটাৰ খোজকাঢ়ি গৈ ছাত্ৰ-ছাত্ৰীক শিকাবলৈ চেষ্টা কৰিছিলোঁ । অভিভাৱকসকলক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে সত্ৰীয়া নৃত্য স্বাস্থ্যৰ বাবে কিমান উপযোগী । কলা-সংস্কৃতি কেনেকৈ আগুৱাই নিব পাৰিম সেই বিষয়ে অৱগত কৰিছিলোঁ । লাহে লাহে অভিভাৱকসকলে বুজি উঠিছিল । এতিয়া বিদ্যালয়, মহাবিদ্যালয়সমূহত সত্ৰীয়া নৃত্য এটা বিষয় হিচাপে গ্ৰহণ কৰিছে বহুতে ।”

sattriya dancer
ৰাষ্ট্ৰীয় মঞ্চত নৃত্যশিল্পী মেঘালী কাকতি (Photo : ETV Bharat Assam)

উৎফুল্লিত অভিভাৱকসকল:

প্ৰশিক্ষক তথা নৃত্যশিল্পী মেঘালী কাকতিয়ে যি ধৰণেৰে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি নতুন প্ৰজন্মক আগুৱাই নিবলৈ চেষ্টা কৰিছে তাক লৈ উৎফুল্লিত অভিভাৱকসকলক । এগৰাকী অভিভাৱকে কয়, "মেঘালী কাকতিক আমি ধন্যবাদ দিবই লাগিব । সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় নৃত্য হিচাপে স্বীকৃতি দিয়া হ’ল, টিংখাঙত মোৰ ছোৱালীয়েও এই নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে । মেঘালী কাকতিৰ তত্বাৱধানত জুলাই মাহত ছিক্কিমত নৃত্য প্ৰদৰ্শন কৰি আহিছে । টিংখাঙৰ দৰে অঞ্চলত ৰাষ্ট্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰা সত্ৰীয়া নৃত্যক আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে, সংগ্ৰাম কৰিছে মেঘালী কাকতিয়ে ৷"

লগতে পঢ়ক : নিউয়ৰ্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ডেৰে সন্মানিত ৰীমা দাস