ETV Bharat / entertainment

শ্বাহৰুখ খানৰ ৯০% ফটো লোৱা হৈছিল 'মন্নত'ত, আঁৰৰ কাহিনী প্ৰকাশ কৰিলে ডাব্বু ৰত্নানীয়ে

ৰত্নানীৰ কেমেৰাত কিয় ইমান আকৰ্ষণীয় দেখায় শ্বাহৰুখ খানক ? জানক আচল ৰহস্য-

Dabboo Ratnani Reveals Behind-The-Scenes Secrets of Shah Rukh Khan's Photoshoots
ডাব্বু ৰত্নানীৰ মন্তব্য: শ্বাহৰুখ খানৰ ৯০ শতাংশ ফটো তেওঁৰ ঘৰতে কৰা হৈছিল (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : May 30, 2026 at 4:47 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বিখ্যাত চেলেব্ৰিটী ফটোগ্ৰাফাৰ ডাব্বু ৰত্নানীয়ে ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে থকা তেওঁৰ দীৰ্ঘদিনীয়া কামৰ অভিজ্ঞতাৰ কিছুমান আমোদজনক কথা শ্বেয়াৰ কৰিছে । তেওঁ সদৰী কৰিছে যে তেওঁলোকে কৰা আলোকচিত্ৰগ্ৰহণৰ প্ৰায় ৯০ শতাংশই শ্বাহৰুখ খানৰ নিজৰ ঘৰ 'মন্নত'ত কৰা হৈছিল । ডাব্বু ৰত্নানীয়ে শ্বাহৰুখ খানৰ সৈতে দীৰ্ঘদিন ধৰি এগৰাকী চেলেব্ৰিটী ফটোগ্ৰাফাৰ হিচাপে কাম কৰি আহিছে । শেহতীয়াকৈ ফটোগ্ৰাফাৰগৰাকীয়ে শ্বাহৰুখ খানৰ সৈতে কাম কৰাৰ এই আঁৰৰ কাহিনীসমূহ অনুৰাগীৰ আগত প্ৰকাশ কৰিছে ।

প্ৰখ্যাত ফটোগ্ৰাফাৰ ডাব্বু ৰত্নানীয়ে এই আমোদজনক তথ্যসমূহ চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেত্ৰী পূজা ভাটৰ এটা প’ডকাষ্টত শ্বেয়াৰ কৰিছে । কথা-বতৰাৰ মাজতে তেওঁ মনত পেলাই যে, শ্বাহৰুখ খানৰ স্বাভাৱিক আৰু সহজ মুহূৰ্তবোৰেই প্ৰায়েই তেওঁৰ আটাইতকৈ স্মৰণীয় ফটো হৈ পৰিছিল । কথোপকথনৰ সময়ত পূজা ভাটে ৰত্নানীক কয়, “তুমি সঁচাকৈয়ে শ্বাহৰুখক দেখাত বহুত আকৰ্ষণীয় কৰি তুলিছা । তোমাৰ সন্মুখত তেওঁ নিজৰ আৱৰণ আঁতৰাই সম্পূৰ্ণ সহজ হৈ পৰে ।” ইয়াৰ উত্তৰত ফটোগ্ৰাফাৰগৰাকীয়ে প্ৰকাশ কৰে, “শ্বাহৰুখৰ সৈতে মই কৰা ৯০ শতাংশ ফটোশ্বুট তেওঁৰ ঘৰৰ ভিতৰতে কৰিছোঁ ।”

ডাব্বু ৰত্নানীয়ে পুৰণি কথা মনত পেলাই কয় যে, এবাৰ শ্বাহৰুখ খান তেওঁৰ ষ্টুডিঅ’লৈ আহিছিল । সেই সময়ত অভিনেতাগৰাকী ৰত্নানীৰ পোহনীয়া কুকুৰৰ সৈতে খেলা-ধূলা কৰাত ব্যস্ত আছিল । ফটোগ্ৰাফাৰগৰাকীয়ে শ্বাহৰুখক কোনো ধৰণৰ পোজ দিবলৈ নকৈ, কেমেৰাৰ বাবে সচেতন হৈ থকাতকৈ নিজৰ আনন্দত মগ্ন থকা সেই স্বাভাৱিক মুহূৰ্তবোৰকে কেমেৰাত বন্দী কৰিছিল । ৰত্নানীয়ে কয়, “যেতিয়া তেওঁ ওছিৱাৰাত থকা মোৰ ষ্টুডিঅ’লৈ আহিছিল, তেওঁ মোৰ কুকুৰ ফ্লেছৰ সৈতে খেলি আছিল । আৰু মই তাৰেই ফটো তুলিছিলোঁ । গতিকে তেওঁ ফটোৰ বাবে পোজ দিয়াতকৈ সেই মুহূৰ্তটো উপভোগ কৰিবলৈ আৰম্ভ কৰিছিল । সেই সময়ছোৱাত তেওঁ যি দেখাতেই নাথাকক কিয়, মই সেই অনুসৰিয়েই এটা ধাৰণা উলিয়াই লৈছিলোঁ ।”

ডাব্বু ৰত্নানীয়ে পুৰণি কথা মনত পেলাই কয় যে, কেনেকৈ এখন টায়াৰৰ দোকানত হঠাত হোৱা এক অভিজ্ঞতাৰ বাবে ২০০ টা পুৰণি ব্যৱহৃত টায়াৰেৰে এটা ব্যতিক্ৰমী ছেট তৈয়াৰ কৰা হৈছিল । তেওঁ কয়, “উদাহৰণস্বৰূপে, মই এখন টায়াৰৰ দোকানত মোৰ গাড়ীৰ টায়াৰ সলনি কৰি আছিলোঁ । ঠিক সেই সময়তে এজন মানুহে ব্যৱহৃত পুৰণি টায়াৰবোৰ এখন টেম্পোত উঠাই আছিল । মই ভাবিলোঁ— ৱাহ, ইমান ধুনীয়া এটা পটভূমি হ’ব পাৰে ! তাৰ পিছত মই সেই টায়াৰ দোকানখনৰ সৈতে যোগাযোগ কৰিলোঁ আৰু ২০০ টা টায়াৰ মেহবুব ষ্টুডিঅ’লৈ আনিবলৈ দিলোঁ । সেই ফাটি যোৱা পুৰণি টায়াৰবোৰেৰে মই গোটেই ছেটটো সাজি উলিয়ালোঁ আৰু ফটোশ্বুটটো কৰিলোঁ ।”

ডাব্বু ৰত্নানী তেওঁৰ বাৰ্ষিক কেলেণ্ডাৰৰ বাবে অত্যন্ত জনপ্ৰিয়, য’ত প্ৰতি বছৰে ২৪ গৰাকীকৈ চেলেব্ৰিটীয়ে স্থান পায় । তেওঁ এই কেলেণ্ডাৰৰ বাবে অমিতাভ বচ্চন, শ্বাহৰুখ খান, বিপাশা বসু, অৰ্জুন ৰামপাল, ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ দৰে ডাঙৰ ডাঙৰ তাৰকাসকলৰ সৈতে অতি ওচৰৰ পৰা কাম কৰিছে ।

লগতে পঢ়ক : ভাইৰেল ভিডিঅ’: সন্তানৰ সৈতে পূজাত বহিছিল ছুপাৰষ্টাৰ শ্বাহৰুখ খান