ETV Bharat / entertainment

বৰাক উপত্যকাত জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত

"হাজাৰ কণ্ঠত জুবিন গাৰ্গ" - শিলচৰৰ ডি এছ এ খেলপথাৰত ১৮ নৱেম্বৰত জুবিন গাৰ্গৰ ঐতিহাসিক জন্মদিন উদযাপনৰ প্ৰস্তুতি ।

zubeen garg birthday  preparation
জুবিন গাৰ্গ (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : November 1, 2025 at 4:56 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ: জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন অতি ধুমধামেৰে উদযাপন কৰা হ’ব । শিল্পীগৰাকীৰ মৃত্যুত স্তব্ধ হৈ পৰা অসমে জুবিনৰ স্মৃতিৰ মাজেৰেই পাৰ কৰিছে এটা এটা দিন ৷ জুবিনৰ গীত-মাতৰ মাজেৰেই আৱৰি ৰাখিছে সকলোৱে শিল্পীগৰাকীক ।

জুবিনৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ই কালি মুক্তি লাভ কৰে ৷ অসমত ভাবিব নোৱৰা পৰিৱেশ ৷ ইতিহাস সলনি কৰি দিলে ছবিখনে ৷ বন্ধ হৈ থকা হলো খোল খালে ৷ এতিয়া কাষ চাপি আহিছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন ৷

জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত (ETV Bharat Assam)

১৮ নৱেম্বৰত জুবিনৰ জন্মদিন । যেনেকৈ জুবিনে প্ৰতিবাৰেই অনুৰাগীৰ সৈতে জন্মদিন উদযাপন কৰিছিল, এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ব । ইতিমধ্যে বৰাক উপত্যকাত জুবিন গাৰ্গৰ ঐতিহাসিক জন্মদিন উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে ।

"হাজাৰ কণ্ঠত জুবিন গাৰ্গ" - এই শিৰোনামেৰে সংগীত জগতৰ কিংবদন্তি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম জনাই এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ১৮ নৱেম্বৰৰ সন্ধিয়া ৪ বজাত শিলচৰৰ ডি এছ এ ময়দানত অনুষ্ঠিত হ'ব এই অনুষ্ঠান । এই কথা শনিবাৰে এক সংবাদমেলত শিৱব্ৰত দত্ত (অধ্যক্ষ, শিলচৰ জিলা ক্ৰীড়া সন্থা), ৰজত ঘোষ (মুখপাত্ৰ, শিলচৰ উকীল সন্থা) আৰু সুৰজিৎ ​​সোম (কাৰ্যবাহী সভাপতি, স্মাইল এন জি অ’) এ ঘোষণা কৰে ।

তেওঁলোকে কয়, "এই অনন্য সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে বৰাক উপত্যকাৰ শিল্পী, সাংস্কৃতিক কৰ্মী আৰু সাধাৰণ জনতাই একত্ৰিত হৈ নিজৰ মৰমৰ শিল্পীগৰাকীক সন্মান আৰু মৰম প্ৰদৰ্শন কৰিব । এই দিনটো কেৱল জন্মদিন হিচাপেই নহয়, সাংস্কৃতিক ঐক্যৰ প্ৰতীক হিচাপেও উদযাপন কৰা হ'ব ।”

উদ্যোক্তাসকলে কয়, "জুবিন গাৰ্গ কেৱল এজন গায়ক নহয়, তেওঁ এক আৱেগ, এটা প্ৰজন্মৰ কণ্ঠ । তেওঁৰ জন্মদিনত ‘মায়াবিনী’ গীতটি প্ৰতিধ্বনিত হ’ব হাজাৰটা কণ্ঠত । বৰাকৰ জুবিনপ্ৰেমী আজি এটি সুৰৰ প্ৰবাহত যোগদান কৰিবলৈ সাজু হৈছে, প্ৰেম, সন্মান আৰু স্মৃতিৰ সংগীতেৰে ।"

লগতে পঢ়ক : টীম ৰৈ ৰৈ বিনালেৰ সৈতে বুকুত সাহস বান্ধি ছবিগৃহত জুবিন পত্নী গৰিমা