পিতৃয়ে কৰিছিল জুবিনৰ সৈতে কাম, পুত্ৰই সেইগৰাকী শিল্পীৰে গীত গাই পালে শ্ৰেষ্ঠ গায়কৰ সন্মান
এসময়ত পিতৃয়ে লিখিছিল জুবিনে কণ্ঠদান কৰা বহুকেইটা বিহুগীত, গোৱাইছিল প্ৰসংগীয়া নাম, ঘোষা-ভটিমা, দিহানাম ৷ পিতৃৰ পদাংক অনুকৰণ কৰি পুত্ৰৰ সাংগীতিক যাত্ৰা ৷

By ETV Bharat Entertainment Team
Published : December 13, 2025 at 4:44 PM IST
কলিয়াবৰ : কেছেটে বিদায় লোৱাৰ পিছতো কেছেট বুলি ক’লেই জুবিন গাৰ্গলৈ মনত পৰে ৷ আগতে প্ৰতিবৰ্ষৰ ডিচেম্বৰত মুক্তিলাভ কৰা বিহু কেছেট বুলিলেই জুবিন গাৰ্গৰ কণ্ঠত গীত শুনিবলৈ ৰৈ থাকে অনুৰাগী ৷ এতিয়া জুবিনৰ অবৰ্তমানত পুৰণি দিনৰ কথা সুঁৱৰিয়েই ভাঙি পৰিছে বহুজন ৷
জুবিনৰ গান শুনাৰ লগতে জুবিনৰ সৈতে কাম কৰাসকলৰ কথা ক’বই নালাগে ৷ জুবিন গাৰ্গে কণ্ঠদান কৰা বিহু, দিহানামৰ গীতিকাৰ-সুৰকাৰ, ঘোষা-ভটিমা, প্ৰসংগীয়া নামৰ এগৰাকী প্ৰযোজকৰ কাষ চাপিছিল ই টিভি ভাৰতৰ সাংবাদিক ৷ অতীত সুঁৱৰি মনোকষ্ট পাইছে এইগৰাকী শিল্পীয়ে ।
তথাপিও সেই সোঁৱৰণৰ এক অনন্য অনুভৱ বুকুত বান্ধি কলিয়াবৰৰ এসময়ৰ এ ডি পি প্ৰডাকশ্যনৰ অন্যতম প্ৰযোজক, এসময়ৰ ঢুলীয়া-বিহুৱা অচ্যুৎ শইকীয়াই শুনালে জুবিন গাৰ্গৰ কণ্ঠৰ "আহিবা বুলিয়েই খুলি মই ৰাখিলোঁ পদূলিৰ নঙলা…" যিটো গীত লিখি সুৰ দিছিল অচ্যুত শইকীয়াই । লগতে শুনালে দিহানাম "আকৌ শংকৰ গুৰু আহা আমাৰ মাজলৈ, ভক্তিৰ অমিয়া ৰস ভক্তক বিলাবলৈ...," ভটিমা আৰু প্ৰসংগীয়া নামৰ কিছু অংশ ।

জুবিন গাৰ্গৰ সৈতে কাম কৰিবলৈ পোৱা সুযোগৰ বিষয়ে অচ্যুৎ শইকীয়াই কয়, “জুবিনদা সঁচাকৈয়ে অমৰ হৈ থাকিব । যিসমূহ গীত গাই আনন্দ-ভকতিৰ মাজেৰে অসমৰ সকলো স্তৰৰ শ্ৰোতা ৰাইজক যিখিনি দি গ'ল, তাৰ বাবেই জুবিনদাই অমৰ হৈ থাকিব । জুবিনদাৰ লগত যিখিনি সময় আমি কটাইছিলোঁ, সেই সময়খিনি পাহৰিব নোৱৰা স্মৃতি হৈ মনত থাকি যাব । জুবিনদাক ঘৰৰ ওচৰতে পায়ো, আমাৰ ঘৰলৈ আনিব নোৱৰাৰ দুখ এটা চিৰদিন থাকি যাব ।”

গীত গোৱাবলৈ যোৱাৰ এক মধুৰ সময়ৰ স্মৃতি সুঁৱৰি শইকীয়াই কয়, “এবাৰ গুৱাহাটীৰ জোনালীৰ ষ্টুডিঅ'ত এটি গীত ৰেকৰ্ডিং কৰিবলৈ গৈছিলোঁ । সেই সময়ত গুৱাহাটীত বানসদৃশ পৰিৱেশ হোৱাৰ বাবে নিশা কলিয়াবৰৰ ঘৰলৈ উভতি অহাটো সম্ভৱ নাছিল । সেই নিশা জুবিনদাই নিজেই এসাঁজ ভাত ৰান্ধি খুৱাইছিল । সেই অপূৰ্ব ভাতসাঁজৰ সোৱাদ এতিয়াও মোৰ জিভাত লাগি আছে । জুবিনদাই ৰান্ধি খুওৱা সেই সাঁজ ভাতৰ কথা এতিয়াও মই সকলোকে কওঁ, সেই মিঠা লগা মুহূৰ্তটোৰ কথা কওঁ ।”
বৰ্তমান সময়ত ভাওনা-বৰগীত, নামৰ চৰ্চাৰ লগত জড়িত হৈ থকা অচ্যুৎ শইকীয়াৰ পুত্ৰ অনিমেষ শইকীয়াও পিতৃৰ পথেৰে আগবাঢ়িছে । শাস্ত্ৰীয়, সত্ৰীয়া সংগীতচৰ্চাৰ লগতে আধুনিক গীতৰ চৰ্চাৰ জৰিয়তে নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে তেওঁ ।

কলিয়াবৰ মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাসিকৰ ইংৰাজী বিভাগৰ ছাত্ৰ অনিমেষে অলপতে সামৰণি পৰা গুৱাহাটী মহাবিদ্যালয়ৰ 'যুৱ মহোৎসৱ'ত শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰি মহাবিদ্যালয়ৰ লগতে কলিয়াবৰলৈ বিৰল সন্মান কঢ়িয়াই আনিছে ।

অনিমেষে সংগীত চৰ্চাৰ বিষয়ে কয়, “সৰুৰে পৰা সংগীতৰ প্ৰতি এক ভালপোৱা আছিল । সেইক্ষেত্ৰত মোৰ মা-দেউতাই আগবঢ়াই নিছিল । বৰ্তমান মই শ্ৰদ্ধাৰ জয়ন্ত সৰকাৰ ছাৰৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লৈ বিশাৰদ সম্পূৰ্ণ কৰিছোঁ । এতিয়া তেজপুৰৰ ৰমেশ ডেকা ছাৰৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ নিপুণৰ বাবে শিক্ষা গ্ৰহণ কৰি আছোঁ । শেহতীয়াকৈ ২০২৪-২৫ বৰ্ষৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'যুৱ মহোৎসৱ'ত সংগীত প্ৰতিযোগিতাৰ ছটা শিতানত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ । ইয়াৰে তিনিটা শিতানত প্ৰথম স্থান, দুটা শিতানত দ্বিতীয় স্থান আৰু এটাত তৃতীয় স্থান লাভ কৰি শ্ৰেষ্ঠ গায়কৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ ।”

অনিমেষ শইকীয়াই লগতে আৰু কয়, “সকলোতকৈ ভাললগা কথাটো হ'ল – গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'যুৱ মহোৎসৱ'ৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে জুবিন গাৰ্গদেৱৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । সেই প্ৰতিযোগিতাত জুবিন গাৰ্গদেৱৰ 'তুমি মোৰ মাথোঁ মোৰ' বোলছবিৰ 'গুণ গুণ গুণ গুণ, কোনোবা দূৰণিত আছা সোণ...' গীতটি গাই তেখেতৰ আশীৰ্বাদতেই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ ।”

কলিয়াবৰ মহাবিদ্যালয়ে ইতিপূৰ্বে 'যুৱ মহোৎসৱ'ত সুন্দৰ ফলাফলেৰে বহুকেইটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে যদিও এইবাৰেই মহাবিদ্যালয়খনে শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিছে । অনিমেষে লাভ কৰা পুৰস্কাৰসমূহ-
- বৰগীত - প্ৰথম স্থান
- পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত - প্ৰথম স্থান
- জুবিন গাৰ্গৰ কণ্ঠৰ গীত - প্ৰথম স্থান
- ভূপেন্দ্ৰ সংগীত - দ্বিতীয় স্থান
- শাস্ত্ৰীয় সংগীত - দ্বিতীয় স্থান
- জ্যোতি সংগীত - তৃতীয় স্থান
তদুপৰি, কলিয়াবৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা পিনাকী দাসে যুগুতাই থকা জুবিন গাৰ্গে ৰচনা কৰা গীতৰ গৱেষণালব্ধ গ্ৰন্থ এখনৰ লগতো অনিমেষ সহায়কাৰীৰ ভূমিকাত অৱতীৰ্ণ হৈছে । বৰ্তমান কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সংগীত বিভাগৰ সম্পাদক অনিমেষৰ সংগীতৰ এই যাত্ৰাত পিতৃ অচ্যুৎ শইকীয়া আৰু মাতৃ মৌচুমী শইকীয়াই ৰাইজৰ আশিস বিচাৰিছে । অনিমেষৰ এই যাত্ৰা সেন্দুৰীয়া হওক, সেই আশা কলিয়াবৰবাসীৰ ।
লগতে পঢ়ক : সোণৰ কণী দিয়া এটা হাঁহ ! জুবিনৰ সহপাঠীয়ে কিয় ক’লে এইদৰে ?

