Cockroach Janata Party: ভাইৰেল পেজৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ পিতৃ-মাতৃ শংকিত?
কোকৰোচ্ছ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ পিতৃ-মাতৃৰ মনত গ্ৰেপ্তাৰৰ ভয়; পুত্ৰক ৰাজনীতি এৰাৰ আহ্বান ৷

Published : May 23, 2026 at 10:10 AM IST
|Updated : May 23, 2026 at 1:45 PM IST
হায়দৰাবাদ : "Cockroach Janta Party" বৰ্তমান সকলোৰে মুখে মুখে থকা তিনিটা শব্দ ৷ সাধাৰণ ৰাইজৰ পৰা তাৰকাসকলো এই পাৰ্টীৰ অংশ হৈ পৰিছে ৷ বলীউডৰ বহু তাৰকাই মাত্ৰ কেইদিনমান আগতে জন্ম লোৱা এই পেজখন ইনষ্টাগ্ৰামত ফ’ল’ কৰিছে ৷ আকস্মিকভাৱে ভাইৰেল হৈ পৰা এই পেজখনৰ প্ৰতিষ্ঠাপক অভিজিতো এতিয়া দেশৰ সাধাৰণ জনতাৰ বাবে কোনো তাৰকাতকৈ কম নহয় ৷ পিছে আঁৰত আছে বহু কথা ৷
ভাইৰেল হোৱা ‘কোকৰোচ্ছ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ পিতৃ-মাতৃয়ে পুত্ৰক ৰাজনীতি এৰিবলৈ অনুৰোধ জনাইছে । তেওঁলোকে পুত্ৰ গ্ৰেপ্তাৰ হোৱাৰ আশংকাত ভুগিছে ৷ অনলাইন ৰাজনৈতিক ব্যংগ কৰি থকাৰ বাবে পুত্ৰ আইনী সংকটত পৰিব পাৰে বা গ্ৰেপ্তাৰ হ’ব পাৰে বুলি পিতৃ-মাতৃ চিন্তিত হৈ পৰিছে ।
সামাজিক মাধ্যমত ‘কোকৰোচ্ছ জনতা পাৰ্টী’ নামৰ পেজখন ভাইৰেল হোৱাৰ পিছৰে পৰা তেওঁলোকৰ পৰিয়ালটোৱে সুৰক্ষা আৰু আইনী মেৰপাকক লৈ ভয় খাইছে । নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈকে তেওঁলোকে অভিজিতক এইধৰণৰ অনলাইন ৰাজনৈতিক কাৰ্যকলাপ আৰু ৰাজনীতিৰ পৰা আঁতৰি আহিবলৈ বাৰে বাৰে অনুৰোধ কৰিছে । এই ঘটনাই বৰ্তমান সময়ত ইণ্টাৰনেটত কৰা ৰাজনৈতিক ব্যংগ বা ধেমালিক লৈ সাধাৰণ মানুহৰ মনত থকা নিৰাপত্তাহীনতা আৰু ভয়ৰ পৰিৱেশক প্ৰতিফলিত কৰিছে ।
কোকৰোচ্ছ জনতা পাৰ্টী নামৰ এই ব্যংগাত্মক মঞ্চখন অভিজিত দীপকে নামৰ এজন যুৱকে প্ৰতিষ্ঠা কৰিছে । তেওঁ বষ্টন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ । ইয়াৰ পূৰ্বে তেওঁ ‘আম আদমী পাৰ্টী’ৰ সৈতেও জড়িত আছিল । মাত্ৰ এসপ্তাহ পূৰ্বে আৰম্ভ হোৱা এই ইনষ্টাগ্ৰাম পেজখনত ইতিমধ্যে ২ কোটিতকৈও অধিক ফ’ল’ৱাৰ্ছ সংযুক্ত হৈছে ।
এই মঞ্চখনৰ জৰিয়তে মূলতঃ ৰাজনৈতিক ব্যংগ আৰু কেতবোৰ প্ৰচলিত গুৰুত্বপূৰ্ণ সামাজিক বিষয় যেনেঃ নিবনুৱা সমস্যা, পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাৰ ওপৰত তীক্ষ্ণ সমালোচনা কৰা হয় । জনপ্ৰিয়তা বৃদ্ধিৰ সমান্তৰালভাৱে অনলাইনত কৰা এনে ৰাজনৈতিক সমালোচনাৰ বাবে পুত্ৰ যাতে কোনো ডাঙৰ বিপদত নপৰে সেয়া পিতৃ-মাতৃয়ে কামনা কৰিছে ।
এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰত অভিজিত দীপকেৰ পিতৃ ভগৱান দীপকে আৰু মাতৃ অনিতা দীপকেই স্পষ্টকৈ কয় যে তেওঁলোকে কেতিয়াও নিজৰ পুত্ৰ ৰাজনীতিলৈ যোৱাটো বিচৰা নাছিল । এই অনলাইন মঞ্চখনৰ বিপুল জনপ্ৰিয়তাৰ বিষয়ে জনাৰ পিছৰে পৰা তেওঁলোক গভীৰ চিন্তাত মগ্ন হৈ পৰিছে ।
পিতৃ ভগৱান দীপকেয়ে কয়, "আজিকালিৰ ৰাজনীতিৰ পৰিস্থিতিলৈ চালে ভয় লগাটো তেনেই স্বাভাৱিক, তাৰ ফ’ল’ৱাৰ্ছ যিমানেই বেছি নহওক কিয় ।" পুত্ৰৰ এটা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰি পিতৃয়ে কয় যে, অভিজিতে নিজেই ভাৰতলৈ ঘূৰি অহাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি ভয় প্ৰকাশ কৰিছিল । পুত্ৰৰ কিবা অনিষ্ট হ’ব পাৰে বুলি চিন্তাত বিগত দুটা দিন ধৰি তেওঁ শুব পৰা নাই বুলি উল্লেখ কৰে । ইয়াৰ লগতে তেওঁ ক্ষোভেৰে কয়, "মই ৰাজনীতিক ঘিণ কৰোঁ আৰু ইয়াৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই ।" পুত্ৰৰ এই সফলতাই আনন্দ দিয়াৰ পৰিৱৰ্তে সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ বাবে পৰিয়ালটোক এক মানসিক মানসিক চাপৰ মাজলৈহে ঠেলি দিছে ।
অভিজিতৰ মাতৃ অনিতা দীপকেই জানিবলৈ দিয়ে যে তেওঁলোকৰ পৰিয়ালে পুত্ৰই ৰাজনৈতিক সক্ৰিয়তা এৰি এটা সুস্থিৰ কেৰিয়াৰৰ ওপৰত মনোযোগ দিয়াটো বিচাৰে । মাতৃয়ে কয়, "আমি মাত্ৰ তেওঁ সুৰক্ষিতভাৱে ঘৰলৈ ঘূৰি অহাটো বিচাৰোঁ ।" তেওঁ ভৱিষ্যতে ৰাজনীতিত থাকিব নে নাই সেয়া তেওঁৰ নিজৰ সিদ্ধান্ত হ’ব, কিন্তু পৰিয়াল হিচাপে তেওঁলোকে পুত্ৰই ৰাজনীতি কৰাটো নিবিচাৰে ।
উল্লেখ্য যে, অভিজিতে প্ৰথমে ছত্ৰপতি সম্ভাজীনগৰত পঢ়া-শুনা কৰিছিল আৰু তাৰ পিছত উচ্চ শিক্ষাৰ বাবে পুনে চহৰলৈ গৈছিল । প্ৰথম অৱস্থাত তেওঁ ইঞ্জিনীয়াৰিং পঢ়িছিল, কিন্তু বিষয়টো কঠিন পোৱাৰ বাবে পিছলৈ তেওঁ মাছ মিডিয়া বা গণসংযোগ পাঠ্যক্ৰমলৈ নিজৰ কেৰিয়াৰ সলনি কৰে । এগৰাকী মাতৃ হিচাপে তেওঁ পুত্ৰৰ উজ্জ্বল ভৱিষ্যত আৰু সুৰক্ষাৰ বাবে ৰাজনীতিৰ পৰা দূৰত থকাটোৱেই কামনা কৰিছে ।
অভিজিতৰ পিতৃয়ে জানিবলৈ দিয়ে যে পুত্ৰৰ ভগ্নী ইতিমধ্যে বিদেশত থকাৰ বাবেই অভিজিতেও বিদেশলৈ গৈ সাংবাদিকতা পঢ়াৰ সিদ্ধান্ত লৈছিল । কিন্তু পৰিয়ালে আশা কৰিছিল যে তেওঁ পঢ়া শেষ কৰি পুনে অথবা নতুন দিল্লীত কোনো চাকৰি কৰিব । পিতৃ-মাতৃয়ে ‘ক’ক্ৰ’চ জনতা পাৰ্টী’ পেজখনৰ বিষয়ে প্ৰথমতে নিজৰ চুবুৰীয়া আৰু আত্মীয়-স্বজনৰ পৰাহে জানিব পাৰিছিল । মাতৃ অনিতাই কয়, "মোৰ এজন নাতি ল’ৰাই মোক ক’লে যে দেশৰ বহুতো ডাঙৰ ডাঙৰ বিখ্যাত মানুহতকৈও মোৰ পুত্ৰৰ সামাজিক মাধ্যমত ফ’ল’ৱাৰ্ছৰ সংখ্যা বেছি ।" পুত্ৰই বিদেশত থাকি ইমান ডাঙৰ আৰু চৰ্চিত কাম এটা কৰি আছে বুলি ঘৰৰ মানুহে বহু পিছতহে গম পাইছিল ।
CJP পেজখন জন্ম হোৱাৰ আঁৰৰ কাহিনী
অধিবক্তাসকলৰ জ্যেষ্ঠ পদবী প্ৰদানৰ সন্দৰ্ভত হোৱা এক শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ মন্তব্যক কেন্দ্ৰ কৰি এক বিতৰ্কৰ সৃষ্টি হৈছিল । ইয়াৰ পিছতে এই ‘কোকৰোচ্ছ জনতা পাৰ্টী’ নামৰ মঞ্চখনৰ জন্ম হয় । আদালতৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে ব্যৱহাৰ কৰা বুলি চৰ্চিত হোৱা ‘পৰজীৱী’ আৰু ‘পঁইতাচোৰা’ শব্দ দুটাক লৈ ইণ্টাৰনেটত তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈছিল । অৱশ্যে পিছলৈ মুখ্য ন্যায়াধীশে স্পষ্ট কৰি দিয়ে যে তেওঁৰ মন্তব্যৰ ভুল বাখ্যা কৰা হৈছিল । তেওঁ এই মন্তব্য দেশৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে কৰা নাছিল, বৰঞ্চ ‘ভুৱা ডিগ্ৰী’ লৈ ওকালতি আৰু সাংবাদিকতা বৃত্তিত প্ৰৱেশ কৰা একাংশ লোকৰ বিৰুদ্ধেহে কৰিছিল ।
এই বিতৰ্কৰ পৰাই ‘পঁইতাচোৰা’ শব্দটোক নিজৰ প্ৰতীক হিচাপে লৈ ‘কোকৰোচ্ছ জনতা পাৰ্টী’ চমুকৈ চিজেপিৰ জন্ম হয় । দেশৰ বিভিন্ন ৰাজনৈতিক আৰু প্ৰশাসনীয় ত্ৰুটিসমূহক লক্ষ্য কৰি তৈয়াৰ কৰা ব্যংগাত্মক পোষ্ট, গ্ৰাফিক্স আৰু নিৰ্বাচনী ইস্তাহাৰৰ দৰে আকৰ্ষণীয় বিষয়বস্তুৰ বাবে পেজখন অতি কম সময়ৰ ভিতৰতে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে । অপমানসূচক শব্দ এটাকেই আশীৰ্বাদ বা প্ৰতিবাদৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি দেশৰ যুৱ প্ৰজন্মই এই মঞ্চখনৰ জৰিয়তে নিজৰ ক্ষোভ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে ।
লগতে পঢ়ক : আলীছা চিনাইৰ গীতৰ প্ৰশংসা কৰিছিল ৰাজীৱ গান্ধীয়ে !

