ETV Bharat / entertainment

অৰিজিত সিঙৰ অৱসৰৰ পাছত নতুন গীতৰ মুক্তি সন্দৰ্ভত অনুৰাগী শ্ৰোতাৰ প্ৰশ্ন?

অৱসৰৰ কথা ঘোষণা কৰাৰ পাছত মুক্তি পাই থকা নতুন নতুন গীতসমূহ সন্দৰ্ভত নিজাকৈ স্পষ্টীকৰণ দিছে জনপ্ৰিয় গায়ক অৰিজিত সিঙে ৷

Clarification regarding Arijit Singh's retirement and release of subsequent songs
অৰিজিত সিং (Photo : Getty Images)
author img

By ETV Bharat Entertainment Team

Published : February 25, 2026 at 10:41 AM IST

3 Min Read
Choose ETV Bharat

মুম্বাই : জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিত সিঙে পূৰ্বে নেপথ্য গায়নৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল । কিন্তু অৱসৰ ঘোষণাৰ পাছতো তেওঁৰ নতুন নতুন গীত মুক্তি পাই থকাত অনুৰাগীসকলৰ মাজত উৎসুকতাৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত শিল্পীগৰাকীয়ে শেহতীয়াকৈ নিজৰ স্থিতি স্পষ্ট কৰিছে ।

মঙলবাৰে অৰিজিত সিঙে তেওঁৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত এটা দীঘলীয়া টোকা শ্বেয়াৰ কৰি গীতসমূহ মুক্তি পোৱাৰ প্ৰক্ৰিয়াটো বুজাই দিয়ে । তেওঁ উল্লেখ কৰে যে বৰ্তমান মুক্তি পাই থকা বহুতো গীত আচলতে বহু আগতেই ৰেকৰ্ডিং কৰা হৈছিল । চিনেমা বা মিউজিক ভিডিঅ'ৰ কাম সম্পূৰ্ণ হোৱাৰ ওপৰত নিৰ্ভৰ কৰি এই গীতবোৰ এতিয়া এটা এটাকৈ মুকলি কৰি থকা হৈছে ।

তেওঁ লিখিছে, “এই বাৰ্তাটো কেৱল মোৰ শ্ৰোতাসকলৰ বাবে; যদি আপুনি মোৰ শ্ৰোতা নহয়, তেন্তে অনুগ্ৰহ কৰি বাৰ্তাটো পঢ়ি আমনি নকৰিব—এয়া মোৰ এক বিনম্ৰ অনুৰোধ । নমস্কাৰ মৰমৰ বন্ধুসকল ! মই কেৱল ক’ব বিচাৰো যে মই আপোনালোক সকলোকে বহুত ভাল পাওঁ । এই নিৰ্দয় পৃথিৱীখনত আপোনালোকৰ মৰম আৰু উদাৰতাৰ বাবে অশেষ ধন্যবাদ ।”

লগতে লিখা আছে, “মই যদিও নতুন কাম লোৱা বন্ধ কৰিছোঁ, তথাপিও মোৰ পুৰণি বহুতো গীতৰ কাম এতিয়াও বাকী আছে । সেই আধৰুৱা গীতবোৰ মই সম্পূৰ্ণ কৰিবই লাগিব । মানুহক বুজাই থাকি নিজৰ শক্তি নষ্ট নকৰিব, কিমান বাৰনো বুজাব ? মোৰ বহুত গীতৰ কাম এতিয়াও শেষ হোৱা নাই, গতিকে সেইবোৰ সম্পূৰ্ণ নোহোৱালৈকে ইটোৰ পাছত সিটোকৈ মুক্তি পাই থাকিব । হয়তো এই গোটেই বছৰটো আনকি অহা বছৰলৈকেও মোৰ এই গীতবোৰ ওলাই থাকিব পাৰে । গতিকে আপোনালোক শান্ত হৈ থাকক ।”

তেওঁ লগতে পৰামৰ্শ দি কয়, “ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা অলপ আঁতৰি থাকিবলৈ চেষ্টা কৰক । শৰীৰৰ পৰা ক্ষতিকাৰক উপাদান আঁতৰাই সুস্থ হৈ থাকক, ৫জি ৰ পৰা আঁতৰত থাকক, কিতাপ পঢ়ক আৰু ধ্যান কৰক । জয় দেৱী ।”

উল্লেখ্য যে, অৰিজিত সিঙে নেপথ্য গায়নৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি এক আৱেগিক টোকা লিখিছিল । তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰি লিখিছিল, “মই এতিয়াৰ পৰা নেপথ্য কণ্ঠশিল্পী হিচাপে কোনো নতুন কাম হাতত নলওঁ । মই ইয়াতেই যতি পেলাইছোঁ । এই যাত্ৰা সঁচাকৈয়ে অতি সুন্দৰ আছিল ।”

অৱশ্যে গান গাবলৈ এৰিলেও তেওঁ মনোৰঞ্জন জগতৰ পৰা আঁতৰি যোৱা নাই । খবৰ অনুসৰি কণ্ঠশিল্পী হিচাপে বিদায় লোৱাৰ পাছত তেওঁ এতিয়া এজন পৰিচালক হিচাপে কাম কৰিবলৈ সাজু হৈছে ।

লগতে পঢ়ক : ছবি পৰিচালনাৰ দিশে অৰিজিত সিং ! বিখ্যাত অভিনেতাৰ কন্যাই সেই ছবিৰেই ঘটাব নেকি অভিষেক ?