ETV Bharat / entertainment

সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উপলক্ষে জাজৰিত আবৃত্তিৰ জোৱাৰ !

জাজৰি আঞ্চলিক সমিতিৰ নতুন প্ৰস্তাৱ- খুব কম সময়ৰ ভিতৰতে আয়োজন হ’ব বৃহৎ আবৃত্তি প্ৰতিযোগিতা ৷

Centenary of Sudhakantha dr. Bhupen Hazarika: Preparations for 'Maharan of Recitation' in Jajori
জাজৰিত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ ‘আবৃত্তিৰ মহাৰণ’ৰ প্ৰস্তুতি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : May 18, 2026 at 12:48 PM IST

3 Min Read
Choose ETV Bharat

ধিং: সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ’ৰ উদ্যোগত সমগ্ৰ অসমজুৰি চলি থকা ‘আবৃত্তিৰ মহাৰণ’ কাৰ্যসূচীক অধিক সফল কৰি তোলাৰ লক্ষ্যৰে মৰিগাঁও জিলাৰ জাজৰি অঞ্চলত এখন বিশেষ সভা অনুষ্ঠিত কৰা হয় । জাজৰিৰ চাহ খোৱা পুখুৰী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত এই সভাখনত অঞ্চলটোৰ বহুসংখ্যক সাহিত্য-সংস্কৃতিপ্ৰেমী লোক, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু সমাজসেৱী উপস্থিত থাকে ।

সভাখনত সভাপতিত্ব কৰে মৰিগাঁও জিলা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি ডঃ উৎপল নাথে । সভাৰ মূল উদ্দেশ্য বাখ্যা কৰে বিদ্যালয়খনৰ শিক্ষক তথা কবি নেকিব উদ্দিন আহমেদে । নেকিব উদ্দিন আহমেদে কয়, "আবৃত্তি কেৱল কবিতা পঢ়াই নহয়, ই সমাজত এক সুস্থ সাংস্কৃতিক চেতনা গঢ়ি তোলাৰো এটা শক্তিশালী মাধ্যম । আমাৰ নতুন প্ৰজন্মক সাহিত্য আৰু সংস্কৃতিৰ সৈতে অধিক কাষ চপাই নিয়াৰ বাবে এনেধৰণৰ অনুষ্ঠানৰ খুবেই প্ৰয়োজন ।"

Centenary of Sudhakantha dr. Bhupen Hazarika: Preparations for 'Maharan of Recitation' in Jajori
‘আবৃত্তিৰ মহাৰণ’ৰ প্ৰস্তুতি সভা (Photo : ETV Bharat Assam)

মৰিগাঁও জিলা সমিতিৰ সম্পাদক নজৰুল ইছলামে সভাখনত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মূল লক্ষ্য, কাম-কাজ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে বহলাই আলোচনা কৰে । তেওঁ পৰিষদৰ গঠন, উদ্দেশ্য, সাংগঠনিক গাঁথনি আৰু সাংস্কৃতিক আন্দোলনৰ ধাৰণা স্পষ্ট কৰে । গ্ৰাম্য অঞ্চলত লুকাই থকা প্ৰতিভাবোৰক আগবঢ়াই অনাৰ ক্ষেত্ৰত পৰিষদে কাম কৰি আহিছে আৰু ভৱিষ্যতেও এই কাম চলাই নিব ।

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ ‘আবৃত্তিৰ মহাৰণ’ কাৰ্যসূচী অতি শীঘ্ৰে ‘জাজৰি আঞ্চলিক সমিতি’ৰ উদ্যোগতো অনুষ্ঠিত কৰা হ’ব । এই প্ৰতিযোগিতাই অঞ্চলটোৰ কণ-কণ ল’ৰা-ছোৱালীক নিজৰ প্ৰতিভা দেখুওৱাৰ এখন সুন্দৰ মঞ্চ দিব । সভাত মৰিগাঁও জিলা সমিতিৰ উপ-সভাপতি ডঃ নাজমা বেগম আৰু ভবেন চন্দ্ৰ নাথেও সাংগঠনিক দিশত মূল্যৱান বক্তব্য আগবঢ়ায় । তেওঁলোকে সাহিত্য আৰু সংস্কৃতিৰ জৰিয়তে সমাজত, ইতিবাচক চিন্তাধাৰা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

Centenary of Sudhakantha dr. Bhupen Hazarika: Preparations for 'Maharan of Recitation' in Jajori
জাজৰিত ‘আবৃত্তিৰ মহাৰণ’ৰ প্ৰস্তুতি (Photo : ETV Bharat Assam)

সভাত সৰ্বসন্মতিক্ৰমে ‘অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ’ৰ এখন নতুন ‘জাজৰি আঞ্চলিক সমিতি’ গঠন কৰা হয় । তৈয়বুৰ ৰহমানক সভাপতি, প্রদীপ তালুকদাৰক উপ-সভাপতি আৰু নেকিব উদ্দিন আহমেদক সম্পাদক হিচাপে লৈ নতুন সমিতিখন গঠন কৰা হয় । নৱগঠিত সমিতিয়ে খুব কম সময়ৰ ভিতৰতে এক বৃহৎ আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰে ।

Centenary of Sudhakantha dr. Bhupen Hazarika: Preparations for 'Maharan of Recitation' in Jajori
ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ: জাজৰিত ‘আবৃত্তিৰ মহাৰণ’ৰ প্ৰস্তুতি (Photo : ETV Bharat Assam)

ইয়াৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে অনুষ্ঠানটো সফলতাৰে সামৰণি পৰে । ডঃ উৎপল নাথ, ভবেন চন্দ্ৰ নাথ আৰু প্রদীপ তালুকদাৰে ধুনীয়া কবিতা আবৃত্তিৰে ৰাইজক মোহিত কৰে । কণমানি ছাত্ৰ নুৰ ৱাছবিৰ আহমেদ আৰু ছাজনিন জাহানৰ সুমধুৰ আবৃত্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । জাজৰি অঞ্চলৰ বহুতো বিশিষ্ট ব্যক্তি, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণৰ বাবেই সমগ্ৰ অনুষ্ঠানটো সফলতাৰে সম্পন্ন হয় ।

লগতে পঢ়ক : কাঁ চলচ্চিত্ৰ মহোৎসৱত কাৰ্বি পোছাকেৰে বিশ্বৰ দৃষ্টি আকৰ্ষণ আইমী বৰুৱাৰ