ETV Bharat / entertainment

গীতে-মাতে জীপাল সৰুপথাৰ মহাবিদ্যালয়: সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত-নৃত্য প্ৰতিযোগিতা

সৰুপথাৰ মহাবিদ্যালয়ৰ 'ডঃ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰ'ৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান ।

centenary of sudhakantha dr bhupen hazarika
সৰুপথাৰ মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত সংগীত-নৃত্য প্ৰতিযোগিতা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 30, 2026 at 4:46 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ: স্বকীয় কণ্ঠ, বিষয়বস্তুৰ বৈচিত্র্য, অপূর্ব গায়ন-শৈলী আৰু বলিষ্ঠ প্রক্ষেপণেৰে বিশ্বৰ সংগীত জগতত অনন্য স্থান দখল কৰা, ধৰাৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰা আজীৱন উৰণীয়া মৌ, দূৰন্ত তৰুণ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ গীতত আছে সময় আৰু সমাজৰ কথা, আছে লোকজীৱনৰ প্ৰতিচ্ছবি, দেশ আৰু জাতিৰ কাহিনী ।

একেধাৰে গীতিকাৰ, সুৰকাৰ, গায়ক, চিত্ৰকৰ, কবি, চিত্ৰ-পৰিচালক তথা এগৰাকী সফল সংগীত পৰিচালকৰূপে খ্যাতি লাভ কৰা এইগৰাকী কিংবদন্তিৰ সৃষ্টিৰাজিক স্মৰণ কৰাৰ মানসেৰে তথা শিল্পীগৰাকীৰ এশ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে সৰুপথাৰ মহাবিদ্যালয়ৰ 'ডঃ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰ'ৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত আৰু সৃষ্টিশীল নৃত্য প্রতিযোগিতা ।

গীতে-মাতে জীপাল সৰুপথাৰ মহাবিদ্যালয় (Photo : ETV Bharat Assam)

বিশ্ব দৰবাৰত অসমীয়াৰ পৰিচয় গৌৰৱেৰে দাঙি ধৰা এইগৰাকী মহান শিল্পীৰ আদৰ্শক সন্মান জনাই সৰুপথাৰ মহাবিদ্যালয়ে বিশেষ তথা সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিছে । সৰুপথাৰ মহাবিদ্যালয়ৰ 'ডঃ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰ'ৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ 'আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষ'ৰ সহযোগত সদৌ অসম ভিত্তিত 'ভূপেন্দ্ৰ সংগীত' প্ৰতিযোগিতা আৰু ডঃ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত 'সৃষ্টিশীল নৃত্য' প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

centenary of sudhakantha dr bhupen hazarika All-Assam Music and Dance Competition at Sarupathar College
ডঃ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত আৰু সৃষ্টিশীল নৃত্য প্রতিযোগিতা (Photo : ETV Bharat Assam)

অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে । সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ প্ৰতি থকা অগাধ প্ৰেম আৰু শ্ৰদ্ধাৰ নিদৰ্শন স্বৰূপে প্ৰতিযোগীসকলে অতিশয় উৎসাহ আৰু উদ্দীপনাৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । দুয়োটা শাখাতে অৰ্থাৎ ভূপেন্দ্ৰ সংগীত আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত সৰ্বমুঠ প্ৰায় ৪০ গৰাকীকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰে ।

centenary of sudhakantha dr bhupen hazarika
সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা (Photo : ETV Bharat Assam)

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে সুধাকণ্ঠৰ বিভিন্ন সুৰ আৰু অৰ্থপূৰ্ণ বাণীৰে গীতসমূহ পৰিৱেশন কৰি উপস্থিত দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে । নৱপ্ৰজন্মৰ মাজত ডঃ ভূপেন হাজৰিকাৰ মহান আদৰ্শ, তেখেতৰ গীতৰ বাণী আৰু সুৰৰ প্ৰসাৰ তথা ভূপেন হাজৰিকাৰ আদৰ্শক সন্মান জনাই সৰুপথাৰ মহাবিদ্যালয়ৰ এই প্ৰয়াস এক প্ৰশংসনীয় পদক্ষেপ । ডঃ ভূপেন হাজৰিকাৰ দৰে এগৰাকী মহান সাধকৰ জন্ম শতবৰ্ষ উপলক্ষে সৰুপথাৰ মহাবিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰ আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক কোষে যি পদক্ষেপ গ্ৰহণ কৰিলে, সেয়া নিশ্চিতভাৱে অসমৰ সাংস্কৃতিক বুৰঞ্জীত আৰু সুধাকণ্ঠৰ প্ৰতি জনোৱা শ্ৰদ্ধাঞ্জলিৰ এক উজ্জ্বল দৃষ্টান্ত হিচাপে চিহ্নিত হৈ ৰ'ব ।

centenary of sudhakantha dr bhupen hazarika
ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন (Photo : ETV Bharat Assam)

সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ প্ৰাপ্তি ঠাকুৰে কয়, "সৰুপথাৰ মহাবিদ্যালয়ৰ ডঃ ভূপেন হাজৰিকা অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আমি প্ৰায় প্ৰত্যেক বছৰে ২০১২ চনৰ পৰা ভূপেন্দ্ৰ সংগীতৰ আয়োজন কৰি আহিছোঁ সদৌ অসম ভিত্তিত । এই বছৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই । অসমৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিযোগীসকল আহিছে । খুব সুন্দৰকৈ ভূপেন্দ্ৰ সংগীতেৰে আজিৰ এই সময়খিনি আমি মানে জীপাল হৈ পৰিছে । বিচাৰকৰ আসনত আছে গুৱাহাটীৰ বিশিষ্ট সংগীত শিল্পী কবীন্দ্ৰ দাস ডাঙৰীয়া, দেৰগাঁৱৰ স্বপ্না বৰুৱা মহন্ত বাইদেউ আৰু সৰুপথাৰৰ তৰুণ শৰ্মা ডাঙৰীয়া ।"

লগতে পঢ়ক : ধুবুৰীত জিলা ভিত্তিক 'আবৃত্তি মহাৰণ': সফল প্ৰতিযোগীৰ লক্ষ্য এতিয়া গুৱাহাটীৰ ৰাজ্যিক মঞ্চ