নিশাই ১০০১ গছি বন্তি প্ৰজ্বলন কৰি উদযাপন মহানায়কৰ ৫৩ সংখ্যক জন্মদিন
হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিচত আজি প্ৰথমটো ওপজা দিন পালন কৰিব অনুৰাগীয়ে ।

Published : November 18, 2025 at 7:53 AM IST
মৰাণ : আজি প্ৰাণৰ শিল্পী মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিচত প্ৰথমটো জন্মদিন উদযাপন কৰিব ৰাজ্য়বাসীয়ে । দুখৰ চকুলোৰে প্ৰিয় শিল্পীৰ জন্মদিন পালন কৰিব ৰাজ্যৰ লাখ লাখ জুবিন অনুৰাগী । হিয়াৰ আমঠুৰ জন্মদিন সোমবাৰে নিশাৰে পৰাই উদযাপন কৰিলে অনুৰাগীয়ে । খোৱাঙৰ ধেমেচিত নিশা জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিলে ৰাইজে ।
জুবিন গাৰ্গৰ জন্মদিনৰ প্ৰাকক্ষণত সোমবাৰে নিশা শতাধিক লোকে শ্ৰদ্ধা নিবেদন কৰে শিল্পীগৰাকীলৈ । দুই শতাধিক লোকে জুবিন গাৰ্গৰ 'মায়াবিনী' গীতেৰে জীপাল কৰিলে পৰিৱেশ । ধেমেচিৰ মিলনজ্যোতি যুৱক সংঘৰ উদ্যোগত এই জন্মদিন উদযাপনত ১ হাজাৰ এগছি বন্তি প্ৰজ্বলন কৰা হয় । কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতেৰে মঙলবাৰে নিশা ১২ বজালৈকে চলি থাকিব জন্মদিনৰ এই অনুষ্ঠান । অঞ্চলটোৰ ৰাইজে প্ৰিয়শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে ।
জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন:
১০০১ গছি বন্তি প্ৰজ্বলন কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা এগৰাকী উদ্যোক্তাই কয়, "ধেমেচিৰ মিলনজ্যোতি যুৱক সংঘৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত জুবিন গাৰ্গৰ জন্মদিন অনুষ্ঠিত কৰা হৈছে । শিৱ মন্দিৰৰ প্ৰাংগনত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰা হৈছে । জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই ১ হাজাৰ এগছি বন্তি প্ৰজ্বলন কৰা হয় ।"

জুবিন গাৰ্গক জীয়াই ৰখাৰ চেষ্টা:
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন অনুষ্ঠানত অংশগ্ৰহণ কৰি ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই কয়, "আমি জুবিন গাৰ্গ কেনেকৈ জীয়াই ৰাখিব পাৰো, নতুন প্ৰজন্মৰ মাজত জুবিন গাৰ্গ যাতে সদায় জীয়াই থাকে তাৰ বাবে উদ্যোগতা সকলে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে । জুবিন গাৰ্গৰ দৰে মহান শিল্পীসকলৰ অৱদান যাতে সদায় চিৰসেউজ হৈ থাকে তাৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ গীত পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে ।"

