ETV Bharat / entertainment

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰি প্ৰদানৰ কেবিনেট সিদ্ধান্ত

গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী সংস্থাপনৰ সিদ্ধান্ত ৷ সংবাদমেলৰ জৰিয়তে ঘোষণাৰ পাছতে মুখ্যমন্ত্ৰীক ধন্যবাদ উপাসনা বকলিয়ালৰ ৷

CABINET DECIDES TO GIVE GOVERNMENT JOB TO UPASANA BOKOLIYAL GOGOI WIFE OF SINGER RAJIB SADIYA
পত্নী উপাসনা বকলিয়াল গগৈৰ সৈতে ৰাজীৱ শদিয়া (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : February 27, 2026 at 12:40 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া : শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ কেবিনেটৰ এক সিদ্ধান্তই আনন্দিত কৰি তুলিছে তিনিচুকীয়া জিলাবাসীৰ লগতে ৰাজ্যবাসীক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সন্ধিয়া এক সংবাদমেলৰ জৰিয়তে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনাৰ বকলিয়াল গগৈক চৰকাৰী চাকৰিৰ তৃতীয় বৰ্গত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে ৷ উক্ত ঘোষণাটো কৰাৰ পাছতে আনন্দিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈয়ে ৷

মুখ্যমন্ত্ৰীক ধন্যবাদ উপাসনা বকলিয়াল গগৈৰ

উপাসনা বকলিয়াল গগৈৰ ভাষ্য (ETV Bharat Assam)

এই সন্দৰ্ভত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈয়ে কয়, “সংবাদমেলৰ জৰিয়তে খবৰ লাভ কৰিলোঁ যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মোক তিনিচুকীয়া জিলাতে চৰকাৰী তৃতীয় বৰ্গৰ চাকৰিৰ জৰিয়তে স্থানীয় নিযুক্তি প্ৰদান কৰিব । মই মনতে যথেষ্ট সকাহ অনুভৱ কৰিছোঁ । যিহেতু ২০২৫ চনৰ ১৩ জানুৱাৰীত সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে মোৰ স্বামী ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল । আমাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীগৰাকী হঠাৎ নাইকিয়া হৈ যোৱাত মই আচলতে দিশহাৰা হৈ গৈছিলোঁ । মোৰ একমাত্ৰ সন্তানটিৰ লগতে পৰিয়ালটোৰ কাৰণে যথেষ্ট চিন্তিত হৈ পৰিছিলোঁ ৷ আগন্তুক দিনসমূহত চৰকাৰৰ এই সিদ্ধান্তই হয়তো মোৰ সন্তানটিৰ সৈতে পৰিয়ালটোক এক সুৰক্ষিত গতিৰে লৈ যাব পাৰিম । গতিকে মই পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।”

rajib sadiyaCABINET DECIDES TO GIVE GOVERNMENT JOB TO UPASANA BOKOLIYAL GOGOI WIFE OF SINGER RAJIB SADIYA
গণশিল্পী ৰাজীৱ শদিয়া (Photo : ETV Bharat Assam)

গণশিল্পী ৰাজীৱ শদিয়াই গীত পৰিৱেশন কৰি থাকোতেই কৰিছিল প্ৰাণত্যাগ

উল্লেখ্য যে, বিগত বৰ্ষৰ ১৩ জানুৱাৰীত তিনিচুকীয়া জিলাৰ তৰাণী বনাঞ্চলৰ কাষত, দুৱাৰমৰা নৈৰ পাৰৰ ভিতৰুৱা ৰসবাৰী গাঁৱত আয়োজন কৰা ‘ৰসবাৰী পৰ্যটন মেলা’ৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল ৰাজীৱ শদিয়াই । ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত কেইবাশতাধিক জনতাৰ সন্মুখত দুটা গান পৰিবেশন কৰি তৃতীয়টো গান গাবলৈ আৰম্ভ কৰাৰ সময়তে সংঘটিত হয় অঘটনটো ৷ মঞ্চৰ পৰা হঠাৎ অসুস্থ হৈ বাগৰি পৰে শিল্পী ৰাজীৱ শদিয়া ৷ শিল্পীগৰাকীয়ে বুকু আৰু কাণত সোপা মাৰি ধৰা বুলি মন্তব্য কৰি নিমিষতে মঞ্চৰ তলত বাগৰি পৰিছিল ৷

rajib sadiya
গণশিল্পী ৰাজীৱ শদিয়া (Photo : ETV Bharat Assam)

ভোগালীৰ উৰুকাৰ দিনাই গুচি গৈছিল অজান দেশলৈ

প্ৰথমে ৰাজীৱ শদিয়াক ততাতৈয়াকৈ সতীৰ্থ তথা উদ্যোক্তাসকলে ৰূপাইৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ লৈ যায় যদিও পিছত জৰুৰীকালীনভাৱে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয় শিল্পী ৰাজীৱ শদিয়াক ৷ চিকিৎসকৰ মতে, ৰাজীৱ শদিয়াৰ ৰক্ত চাপ অতি নিম্ন হৈ পৰে । চিকিৎসকে শিল্পীগৰাকীৰ প্ৰাণ ৰক্ষা কৰিবলৈ অহৰহ চেষ্টা কৰিছিল যদিও শেষ নিশ্বাস ত্যাগ কৰি এই পৃথিৱী গুচি যায় গণশিল্পীগৰাকী ।

লগতে পঢ়ক : জুবিন ক্ষেত্ৰত একেথৰে জুবিনৰ ফটোলৈ চাই ৰ’ল গৰিমাই