ETV Bharat / entertainment

স্তব্ধ হৈ পৰিল সকলোকে হঁহুৱাই থকা 'কেৰপা'; দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজ দি মৃত্য়ু

অভিনেতা কবিন্দ্ৰ দাসৰ অকাল মৃত্যু: ম্লান পৰিল বৰপেটাৰ সাংস্কৃতিক জগত ।

Borola Kai fame actor kabindra das popularly known as kerpa passes away
অভিনেতা কবিন্দ্ৰ দাসৰ অকাল মৃত্যু (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : March 26, 2026 at 10:41 AM IST

|

Updated : March 26, 2026 at 12:46 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাসৰ বিয়োগ ৷ অসমৰ জনপ্ৰিয় ধাৰাবাহিক 'বৰলা কাই'ৰ 'কেৰপা' চৰিত্ৰৰ জৰিয়তে দৰ্শকৰ মন জয় কৰা অভিনেতা কবিন্দ্ৰ দাস আৰু আমাৰ মাজত নাই । দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা অভিনেতাগৰাকীয়ে আজি পুৱা ৫:২৭ বজাত বৰপেটা কেঞ্চাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৫০ বছৰ । তেওঁৰ এই অকাল মৃত্যুত সমগ্ৰ বৰপেটা অঞ্চলৰ লগতে সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে ।

Borola Kai fame actor kabindra das popularly known as kerpa passes away
সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ (Photo : ETV Bharat Assam)

উল্লেখ্য যে, প্ৰখ্যাত অভিনেতা কবিন্দ্ৰ দাস সৰুৰে পৰাই অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল । নাটকৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা কবিন্দ্ৰ দাসে পোনপ্ৰথমবাৰৰ বাবে জনপ্ৰিয়তা লাভ কৰে ‘ৰং’ চেনেলৰ প্ৰথমখন ধাৰাবাহিক নিংনি ভাওৰীয়াৰ জৰিয়তে । এই ধাৰাবাহিকখনত ‘আকোলো’ নামৰ চৰিত্ৰটোত কৰা বলিষ্ঠ অভিনয়ে দৰ্শকক মুগ্ধ কৰিছিল ।

Borola Kai fame actor kabindra das popularly known as kerpa passes away
হঁহুৱাই থকা 'কেৰপা' গ’লগৈ অজান দেশলৈ (Photo : ETV Bharat Assam)

তাৰ পিছৰে পৰা তেওঁ আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই । তেওঁ অসমৰ বিভিন্ন ব্যক্তিগত চেনেলত ‘বোৱাৰী নাম্বাৰ ৱান’, ‘গোলমাল’, ‘শব্দ’, ‘নিশব্দ’ আৰু ‘ভাড়াঘৰ’ৰ দৰে জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি নিজৰ দক্ষতা প্ৰমাণ কৰিবলৈ সক্ষম হয় ।

Borola Kai fame actor kabindra das popularly known as kerpa passes away
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৫০ বছৰ (Photo : ETV Bharat Assam)

বৰ্তমান সময়ত তেওঁৰ জনপ্ৰিয়তাৰ অন্যতম কাৰণ হ’ল ‘ৰং’ চেনেলৰ অতি জনপ্ৰিয় ধাৰাবাহিক ‘বৰলা কাই’ । এই ধাৰাবাহিকখনৰ ‘কেৰপা’ চৰিত্ৰটোৰ জৰিয়তে তেওঁ আজি ঘৰে ঘৰে পৰিচিত । বৰ্তমান তেওঁক বহু লোকে নিজৰ আচল নামতকৈ ‘কেৰপা’ বুলিয়েই বেছিকৈ জানে ।

Borola Kai fame actor kabindra das popularly known as kerpa passes away
জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাসৰ বিয়োগ (Photo : ETV Bharat Assam)

অভিনয়ৰ উপৰি কবিন্দ্ৰ দাস বৰপেটাৰ বিভিন্ন সাংস্কৃতিক আৰু সামাজিক কাম-কাজৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল । তেওঁ পাটবাউসী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ ব্যক্তিত্ব আৰু জনপ্ৰিয়তাৰ প্ৰতি সন্মান জনাই কোনো প্ৰাৰ্থীয়ে তেওঁৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাছিল, যাৰ ফলত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল ।

তেওঁৰ এই বিয়োগ অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি । বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু গুণমুগ্ধসকলে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

Borola Kai fame actor kabindra das popularly known as kerpa passes away
আজি পুৱা ৫:২৭ বজাত বৰপেটা কেঞ্চাৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ (Photo : ETV Bharat Assam)

মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত পিতৃ-মাতৃ, পত্নী আৰু দুজন পুত্ৰক এৰি থৈ যায় ।

লগতে পঢ়ক : ছিংগাপুৰ আদালতৰ ৰায়ৰ পিছতে নিশা জুবিনক্ষেত্ৰত গৰিমাসহ একাংশ শিল্পী

Last Updated : March 26, 2026 at 12:46 PM IST