নতুন নাট্যবৰ্ষৰ বাবে সাজু বৰদৈচিলা থিয়েটাৰ: মুখ্য আকৰ্ষণ ট্ৰেজেডী কিং মৃদুল ভূঞা আৰু তিনিখন ব্যতিক্ৰমী নাটক
১৯৯৭ চনৰে পৰা দৰ্শকৰ মন জয় কৰা বৰদৈচিলা থিয়েটাৰে এইবাৰ কি নতুন চমক আনিব ? জানক সবিশেষ-

By ETV Bharat Entertainment Team
Published : May 18, 2026 at 1:01 PM IST
গুৱাহাটী: ২০২৬-২৭ নাট্যবৰ্ষৰ বাবে অধিক উৎসাহ আৰু নতুন পৰিকল্পনাৰে সাজু হৈছে অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰ গোষ্ঠী 'বৰদৈচিলা থিয়েটাৰ'। এইবাৰ দলটোৱে তিনিগৰাকী বিশিষ্ট নাট্যকাৰৰ তিনিখন ভিন্ন সোৱাদৰ নাটক দৰ্শকৰ বাবে লৈ আনিব । প্ৰতি বছৰৰ দৰেই ২০২৫-২৬ নাট্যবৰ্ষ শেষ হোৱাৰ লগে লগেই ৰাজ্যৰ ভ্ৰাম্যমাণ নাট্যদলসমূহৰ মাজত নতুন নাট্যবৰ্ষৰ প্ৰস্তুতি তুংগত উঠিছে ।
ইতিমধ্যে সকলো আগশাৰীৰ দলে নিজৰ আগন্তুক বৰ্ষৰ নাটক তিনিখনৰ নাম ঘোষণা কৰিবলৈ আৰম্ভ কৰিছে । ইয়াৰ সমান্তৰালকৈ, নিজৰ ব্যতিক্ৰমী অভিনয়শৈলীৰে দৰ্শকৰ মন জয় কৰা জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলৰ সৈতেও নাট্যগোষ্ঠীসমূহ চুক্তিবদ্ধ হৈছে । এইবাৰ বৰদৈচিলা থিয়েটাৰৰ মুখ্য আকৰ্ষণ হ’ব 'ট্ৰেজেডী কিং' হিচাপে খ্যাত জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা ।

নতুন নাট্যবৰ্ষৰ বাবে সাজু বৰদৈচিলা থিয়েটাৰ গোষ্ঠী
১৯৯৭ চনতে প্ৰতিষ্ঠা লাভ কৰা অসমৰ অন্যতম আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী 'বৰদৈচিলা থিয়েটাৰ' এতিয়া নতুন নাট্যবৰ্ষৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে । বিগত নাট্যবৰ্ষত নাট্যপ্ৰেমী ৰাইজৰ মাজত ব্যাপক আলোড়ন সৃষ্টি কৰাৰ পিছত, এইবাৰ প্ৰযোজক নজৰুল ইছলামৰ ‘বৰদৈচিলা থিয়েটাৰে’ অধিক উৎসাহ আৰু নতুন পৰিকল্পনাৰে আগন্তুক ২০২৬-২৭ নাট্যবৰ্ষৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । দৰ্শকক আকৰ্ষণ কৰিব পৰাকৈ এইবাৰ বৰদৈচিলা থিয়েটাৰে তিনিগৰাকী বিশিষ্ট নাট্যকাৰৰ তিনিখন ভিন্ন সোৱাদ আৰু ৰুচিৰ নাটক মঞ্চস্থ কৰাৰ যো-জা চলাইছে ।
ঘোষণা হ'ল বৰদৈচিলা থিয়েটাৰৰ নতুন নাট্যবৰ্ষৰ তিনিখন নাটকৰ নাম
আগন্তুক নতুন নাট্যবৰ্ষৰ বাবে বৰদৈচিলা থিয়েটাৰে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ তিনিখন আকৰ্ষণীয় নাটকৰ পোষ্টাৰ মুকলি কৰিছে । নাটক তিনিখনৰ চমু আভাস-

- মৰি যাম তোৰ বাবে (নাট্যকাৰ: অভিজিৎ ভট্টাচাৰ্য)--এই নাটকখনৰ জৰিয়তে ভাতৃপ্ৰেমৰ লগতে ত্যাগ, অনুভূতি আৰু সম্পৰ্কৰ বিভিন্ন জটিল মানসিক দিশসমূহ দৰ্শকৰ আগত সুন্দৰকৈ উপস্থাপন কৰাৰ চেষ্টা কৰা হ’ব ।
- দফা ৩০২ সত্যমেৱ জয়তে (নাট্যকাৰ: চম্পক শৰ্মা)--এইখন নতুন নাট্যবৰ্ষত মঞ্চস্থ হ’বলগীয়া বৰদৈচিলাৰ আন এক অন্যতম আকৰ্ষণীয় নাটক ।
- অভিমান (নাট্যকাৰ: প্ৰণৱ বৰুৱা)--অহংকাৰ আৰু ভুল বুজা-বুজিয়ে কেনেকৈ পবিত্ৰ সম্পৰ্কবোৰ ভাঙি থান-বান কৰিব পাৰে, তাৰ ওপৰতে ভিত্তি কৰি এই নাটখন ৰচনা কৰা হৈছে । প্ৰেম আৰু বিশ্বাসক মূল আধাৰ হিচাপে লোৱা এই নাটকখনত জুবিন গাৰ্গৰ কণ্ঠৰ জনপ্ৰিয় গীত ‘মোৰ কথাই আমনি কৰে নে’ অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিব পৰা গৈছে । নাটকখনৰ তিনিটা গীত সংগীতেৰে সজাব বিশিষ্ট সংগীত পৰিচালক জয়ন্ত কাকতিয়ে ।
বৰদৈচিলা থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ তাৰকা আৰু কলা-কুশলীসকল
জাকজমকতাৰ পৰিৱৰ্তে প্ৰকৃত আৰু সুস্থ ৰুচিসম্পন্ন নাটক উপহাৰ দি অহা বৰদৈচিলা থিয়েটাৰে এইবাৰো সেই ধাৰা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব । নতুন নাট্যবৰ্ষৰ বাবে দলটোৰ সৈতে চুক্তিবদ্ধ হোৱা শিল্পী আৰু মূল কুশলীসকলৰ ভিতৰত আছে ভ্ৰাম্যমাণৰ ‘ট্ৰেজেডী কিং’ হিচাপে খ্যাত জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা । আনহাতে নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় অভিনেতা যোগেশ কাশ্যপ, মোহময়ী অভিনেত্ৰী কাজল শৰ্মা, গীতাঞ্জলি বৰা, পংক্তি নেওগ, পংকুল বৰা, জয়ন্ত শৰ্মা, হেমন্ত ৰাজ, বিমল তালুকদাৰ আৰু সুজিত বৰগোহাঁইক দৰ্শকে মঞ্চত দেখিবলৈ পাব । ইয়াৰ উপৰিও বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে এইবাৰ দলটোত অভিনয় কৰিব ।
উল্লেখ্য যে, বৰদৈচিলা থিয়েটাৰৰ সহ-প্ৰযোজক হিচাপে আছে ইফটিকাৰুল ইছলাম আৰু সম্পাদকৰ দায়িত্বত থাকিব হিমাংশু ডেকা (মিণ্টু)। নতুন নাট্যবৰ্ষত বৰদৈচিলা থিয়েটাৰে দৰ্শকৰ মন কিদৰে জয় কৰিবলৈ সক্ষম হ’ব, সেয়া অনাগত সময়ত লক্ষ্যণীয় হ’ব ।
লগতে পঢ়ক : অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ: জাকজমকতা, অত্যাধুনিক প্ৰযুক্তিৰ মাজত হেৰাই গৈছে নেকি নাটকৰ 'প্ৰাণ'?

