ব’ৰ্ডাৰ ২ ট্ৰেইলাৰ : শক্তিশালী চৰিত্ৰৰে প্ৰত্যাৱৰ্তন ছানী দেওলৰ, দেশপ্ৰেমৰ অনুভৱত নিজকে বিলীন কৰিবলৈ সাজু হওক
ব’ৰ্ডাৰ ২ ট্ৰেইলাৰত শক্তিশালী ৰূপত ছানী দেওল, ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত দেশপ্ৰেমেৰে উদ্বুদ্ধ সেনা জোৱানসকল আৰু সকলোৰে মাজৰ আৱেগিক মুহূৰ্তসমূহৰ সংমিশ্ৰণে কন্দুৱাব দৰ্শকক ৷

By ETV Bharat Entertainment Team
Published : January 16, 2026 at 3:55 PM IST
হায়দৰাবাদ : দিন চমু চাপি অহাৰ লগে লগে অনুৰাগীৰ উৎকণ্ঠাও বাঢ়ি আহিছে ৷ নিৰ্মাতাই শেহতীয়াকৈ সেই উৎকণ্ঠা আৰু অধিক বঢ়াই তুলিছে ৷ ব’ৰ্ডাৰ ২ৰ নিৰ্মাতাসকলে মুক্তি দিছে ট্ৰেইলাৰটো ৷
ট্ৰেইলাৰটোত ছানী দেওলক তেওঁৰ আটাইতকৈ চিনাকি, শক্তিশালী ৰূপটোত দেখিবলৈ পোৱা গৈছে । ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ একশ্যন, আৱেগ, দেশপ্ৰেম আৰু বীৰত্বৰ অকথিত কাহিনীৰ এক শক্তিশালী মিশ্ৰণ ট্ৰেইলাৰটোৱে খুব সুন্দৰকৈ দাঙি ধৰিছে । আৰম্ভণিৰ পৰা শেষৰ মুহূৰ্তলৈকে ট্ৰেইলাৰটোৱে স্পষ্টভাৱে জে পি দত্তৰ ১৯৯৭ চনৰ ক্লাছিক ছবিখনৰ আত্মাক সজীৱ কৰি তুলিছে ।
নেটিজেনে খুব পছন্দ কৰিছে ট্ৰেইলাৰটো ৷ কমেণ্ট শাখাটো যোগাত্মক মন্তব্যৰেই ভৰি পৰিছে ৷ বহুতেই ইতিমধ্যেই ছবিখন ছুপাৰ হিট বুলি ঘোষণা কৰিছে ৷ পুৰণা তাৰকাৰ সৈতে নতুন প্ৰজন্মৰ তাৰকাৰ সংমিশ্ৰণ এই ছবিখনত দেখিবলৈ পোৱা যাব ৷ ছানী দেওলৰ প্ৰশংসাত পঞ্চমুখ অনুৰাগী ৷
ট্ৰেইলাৰটোত বুকু ফিন্দাই থিয় হৈ আছে ছানী দেওল । বিশেষকৈ এটা দৃশ্যই ইতিমধ্যে ব্যাপক দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । তিনি মিনিট ৩৫ ছেকেণ্ডৰ ট্ৰেইলাৰটোৰ শেষৰ ফালে ছানীৰ চৰিত্ৰটোৱে ফোনৰ আনটো মূৰত পাকিস্তানী বিষয়াক খঙত গালি পাৰিছে । উচ্চস্বৰত তেওঁ কয়, "হমে ক্যা হাৰাওগে । আৰে তুম্হাৰে পাকিস্তান মে ইতনে লগ নেহি জিতনে হমাৰে য়াহা ঈদ পাৰ বক্ৰে কাতে জাতে হে ।"
ট্ৰেইলাৰটোৱে মূল ব’ৰ্ডাৰৰ অন্যতম বিখ্যাত সংলাপ এটাৰ স্মৃতিও ঘূৰাই আনে । এটা দৃশ্যত ছানীয়ে নিজৰ সৈন্যক প্ৰেৰণা দিয়া দেখা গৈছে । "আৱাজ কাহা টক জানি চাহিয়ে ?" তেতিয়া তেওঁৰ সকলো জোৱানে কয়, "লাহোৰ টক ।"
ট্ৰেইলাৰত বৰুণ ধৱন, দিলজিৎ দোছাঞ্জ আৰু আহান শ্বেট্টীকো দেখা গৈছে, যিসকলে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ বিভিন্ন শাখাক প্ৰতিনিধিত্ব কৰিছে ছবিখনত । ভিজুৱেলবোৰে যুদ্ধৰ নাটকীয় দৃশ্যৰ পৰা সৈনিকসকলৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত দাঙি ধৰিছে ৷ দেশৰ বাবে ইউনিফৰ্ম পিন্ধাসকলে কৰা ত্যাগক চিত্ৰিত কৰিব এই ছবিখনে ।
অনুৰাগ সিঙৰ পৰিচালনাত নিৰ্মিত ব’ৰ্ডাৰ ২ খন জে পি দত্তৰ জে পি ফিল্মছৰ সহযোগত উপস্থাপন কৰিছে গুলচন কুমাৰ আৰু টি-ছিৰিজে । ভূষণ কুমাৰ, কৃষণ কুমাৰ, জে পি দত্ত আৰু নিধি দত্তৰ প্ৰযোজনা এইখন ছবি । ছবিখনত অভিনয় কৰিছে সোণম বাজৱা, মোনা সিং, মেধা ৰানা, পৰমবীৰ চিমা, গুনীত সন্ধু আৰু অংগদ সিঙে ।
লগতে পঢ়ক : ব'ৰ্ডাৰ ২ : ৮ খন নতুন মুখ, কাৰ চৰিত্ৰত কোন ?

