যুদ্ধক্ষেত্ৰত আকৌ ছানীৰ গৰ্জন ! বিজয় দিৱস ৰোমাঞ্চকৰ হ’ল ‘বৰ্ডাৰ ২’ৰ টিজাৰেৰে
ছানীৰ সৈতে দিলজিৎ, বৰুণ আৰু আহানে অভিনয় কৰা ‘বৰ্ডাৰ ২’ ২০২৬ চনৰ ২৩ জানুৱাৰীত মুক্তি পাব ।

By ETV Bharat Entertainment Team
Published : December 16, 2025 at 5:17 PM IST
হায়দৰাবাদ : তৰ্জন-গৰ্জন কৰি ভাৰতৰ হৈ পুনৰবাৰ যুদ্ধক্ষেত্ৰত নামি পৰিছে ছানী দেওল । ১৯৯৯ চনৰ আৱেগ পুনৰ ডাঙৰ পৰ্দালৈ লৈ আহিছে অভিনেতাগৰাকীয়ে । আজি বিজয় দিৱসৰ দিনা ‘বৰ্ডাৰ ২’ চিনেমাখনৰ টিজাৰ মুকলি কৰিছে নিৰ্মাতাগোষ্ঠীয়ে । ছানীৰ লগতে দিলজিৎ দোছাঞ্জ, আহান শ্বেট্টী আৰু বৰুণ ধৱনে যুদ্ধক্ষেত্ৰত যোগদান কৰিছে ।
শব্দ কিমান দূৰলৈ
বিজয় দিৱসৰ দিনাই নিৰ্মাতাসকলে ছবিখনৰ টিজাৰ মুকলি কৰে, যিয়ে চিনেমাপ্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে । মুম্বাইত অনুষ্ঠিত হয় এই টিজাৰ মুকলি অনুষ্ঠান । এই শক্তিশালী ট্ৰেইলাৰটো ছবিখনৰ ক্ৰুৰ উপস্থিতিত উন্মোচন কৰা হয় ।
মঙলবাৰে নিৰ্মাতাগোষ্ঠীয়ে ইনষ্টাগ্ৰামত 'বৰ্ডাৰ ২'ৰ টিজাৰ মুকলি কৰি কেপশ্যনত লিখিছে, "শব্দ কিমান দূৰলৈ যাব লাগে... এই বিজয় দিৱসত, বছৰৰ আটাইতকৈ প্ৰত্যাশিত টিজাৰ উপভোগ কৰক ।"
টি ছিৰিজ আৰু জে পি ফিল্মছৰ প্ৰযোজনাত ‘বৰ্ডাৰ ২’ত পুনৰবাৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছানী দেওলে । ইয়াৰ উপৰিও বৰুণ ধৱন, দিলজিৎ দোছাঞ্জ, আহান শ্বেট্টী, সোণম বাজৱা, মোনা সিং আৰু মেধা ৰাণাই অভিনয় কৰিছে । অনুৰাগ সিঙৰ পৰিচালনাত নিৰ্মিত ‘বৰ্ডাৰ ২’ মুক্তি পাব ২০২৬ ৰ ২৩ জানুৱাৰীত, গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৷
টিজাৰৰ আভাস
২ মিনিট ৪ ছেকেণ্ডৰ টিজাৰটো ছাইৰেনৰ শব্দৰে আৰম্ভ হয়, যিয়ে যুদ্ধ আৰম্ভ হোৱাৰ সংকেত দিয়ে । টিজাৰটোত ভাৰতীয় সেনাৰ বাংকাৰত শত্ৰু বাহিনীৰ আক্ৰমণৰ আভাস পোৱা গৈছে । আক্ৰমণত আহত ভাৰতীয় জোৱানকো দেখুওৱা হৈছে । এই সময়ত ছানী দেওলৰ মাত শুনা যায়, য'ত তেওঁ কয়, "আপুনি য'তেই প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিব, আকাশৰ পৰা, স্থলভাগৰ পৰা, সাগৰৰ পৰা... আপুনি আপোনাৰ সন্মুখত এজন ভাৰতীয় সৈনিক থিয় হৈ থকা দেখিব... যিয়ে আপোনাৰ চকুলৈ চাই গৌৰৱেৰে ক'ব... যদি আপোনাৰ সাহস আছে, তেন্তে আহক, ইয়াত ভাৰত থিয় হৈ আছে ।"
এই সংলাপতে বৰুণ ধৱন, দিলজিৎ দোছাঞ্জ আৰু আহান শ্বেট্টীকে ধৰি ছবিখনৰ সকলো চৰিত্ৰৰ আভাস পোৱা যায় । এই সংলাপৰ পিছত ছানী দেওলে শত্ৰুক আক্ৰমণ কৰা দেখুওৱা হৈছে । এই দৃশ্যই ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধক পুনৰ সোঁৱৰাই দিছে ।
উল্লেখ্য যে, ১৯৯৯ চনত জে পি দত্তৰ পৰিচালনাত মুক্তি পোৱা ‘বৰ্ডাৰ’ চিনেমা জগতৰ ইতিহাসৰ এক মহাকাব্যস্বৰূপ । ছবিখনৰ শক্তিশালী কাহিনী, অবিস্মৰণীয় গীত আৰু অতুলনীয় অভিনয়ক আজিও দৰ্শকে প্ৰশংসা কৰে । সেই সময়ত ছবিখনে বিশ্বজুৰি ৫৫ কোটিৰো অধিক উপাৰ্জন কৰিছিল ।
মন কৰিবলগীয়া যে ‘বৰ্ডাৰ ২’ৰ টিজাৰ মুক্তিৰ পূৰ্বে আহান শ্বেট্টীয়ে মুম্বাইৰ সিদ্ধি বিনায়ক মন্দিৰত প্ৰাৰ্থনা কৰা দেখা গৈছিল । আনহাতে, ২০২৩ চনত গদৰ ২ ৰ সফলতাৰ পিছত ছানী দেওলে বুজাই দিলে যে কিয় বৰ্ডাৰ ২ ছবিগৃহলৈ অহাত পলম হৈছে । তেওঁ এটা সাক্ষাৎকাৰত কয়, "আমি ২০১৫ চনতে কাম আৰম্ভ কৰাৰ কথা আছিল । কিন্তু তেতিয়া মোৰ ছবি ফ্লপ হৈছিল । গতিকে পৰিচালকসকলে ছবিখন নিৰ্মাণ কৰিবলৈ ভয় কৰিছিল । এতিয়া সকলোৱে কৰিবলৈ বিচাৰিলে ।"
অৱশেষত সকলো অপেক্ষাৰ অন্ত পেলাই ২০২৬ চনৰ ২৩ জানুৱাৰীত ৰূপালী পৰ্দালৈ আহি আছে ‘বৰ্ডাৰ ২’ ।
লগতে পঢ়ক : বছৰটোৰ সেই বিশেষ গানকেইটা যাৰ হুক ষ্টেপে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিলে

