মহানায়কৰ জীৱন সামৰি ১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে উন্মোচন 'জুবিন গাৰ্গ ...ইত্যাদি'
জুবিন গাৰ্গৰ জীৱনৰ উল্লেখযোগ্য কথা-কাহিনীৰে ৰচিত সংকলন উন্মোচন ।

Published : November 9, 2025 at 9:11 PM IST
গুৱাহাটী: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জীৱনৰ বিভিন্ন দিশ সামৰি প্ৰকাশ পালে এখন গ্ৰন্থ । সংগীত জগতৰ মহানায়কৰ মহাপ্ৰয়াণৰ পিছতেই এতিমধ্য়ে প্ৰকাশ পাইছে কেইবাখনো গ্ৰন্থ তথা কবিতা পুথি । দেওবাৰে মহান শিল্পীগৰাকীৰ মহানগৰীৰ কাহিলীপাৰাস্থিত বাসগৃহত উন্মোচন কৰা হ'ল ১০০ গৰাকী ব্যক্তিৰ বিশেষ লেখাৰে 'জুবিন গাৰ্গ …ইত্যাদি'ৰ পৰিবৰ্ধিত সংকলন ।
মহানায়ক জুবিন গাৰ্গৰ পিতৃ কপিল ঠাকুৰে উন্মোচন কৰে এই গ্ৰন্থখন । উল্লেখ্য যে যোৱা ২০১৫ চনত জুবিন গাৰ্গৰ জন্মদিনত জোনাক যুগান্তৰ বৰাৰ সম্পাদনাত প্ৰথম প্ৰকাশ পাইছিল 'জুবিন গাৰ্গ …ইত্যাদি' সংকলখনি । দহ বছৰৰ পাছত আজি তাৰেই পৰিবৰ্ধিত সংস্কৰণটিৰ উন্মোচন কৰা হয় ।

উক্ত গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে জুবিন গাৰ্গৰ জীৱনৰ বহু উল্লেখযোগ্য ব্যক্তিৰ কথা-কাহিনীৰ লগতে উল্লেখনীয় সময়ৰ ঘটনা-পৰিঘটনা ।
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে মুনিন বৰুৱা, ৰতন লহকৰ, শান্তা উজীৰ, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, অতনু ভূঞা, পবিত্ৰ মাৰ্ঘেৰিটা, মানস ৰবীন, প্রাণজিৎ শইকীয়া, ৰঞ্জু হাজৰিকা, ৰবচন বৰুৱা, বিতোপন বৰা, গৌতম চক্ৰৱৰ্তী, আলাপ দুদুল শইকীয়া, জ্যোতি নাৰায়ণ নাথ, হিমাংশু প্রসাদ দাস (হিমু), বিমান বৰুৱা, অনুপম হাজৰিকা, দ্বীপকেশ বৰগোহাঁই, প্ৰণৱ কুমাৰ বৰ্মন, অনুপ বৰুৱা, যতীন বৰা, প্ৰস্তুতি পৰাশৰ, শিৱাণু বৰা, বিদ্যুৎ কুমাৰ ভূঞা, শোণিত কুমাৰ ভূঞা, প্রসেনজিৎ লাহন, গীতাশ্রী তামুলী, শান্তনু ৰৌমূৰীয়া, ড৹ অসীম চুতীয়াকে ধৰি মুঠ ১০০ গৰাকী অগ্ৰজ আৰু নৱপ্ৰজন্মৰ লেখকৰ কলমত গ্ৰন্থখনৰ জৰিয়তে প্ৰকাশ পাইছে জুবিন গাৰ্গৰ জীৱন আৰু দৰ্শন । লগতে এই গ্ৰন্থখনত ২০০৬ চনতে জুবিন গাৰ্গে দিয়া এটি বিশেষ সাক্ষাৎকাৰো সন্নিবিষ্ট হৈ আছে ।

পৰিবৰ্ধিত সংকলনটিৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে গ্ৰন্থখনৰ সম্পাদক জোনাক যুগান্তৰ বৰা, প্ৰকাশক গোকুল দাস, সংগীত শিল্পী ভদ্ৰকান্ত দাস, সংগীত পৰিচালক আলাপ দুদুল শইকীয়া, জুবিন গাৰ্গৰ সহপাঠী তথা ছবি পৰিচালক জয়ন্ত বৰদলৈ, সাংস্কৃতিক সাংবাদিক অনুপম হাজৰিকা, সাংস্কৃতিক সাংবাদিক শিৱাণু বৰা, ফেশ্যন ফটোগ্ৰাফাৰ বিক্ৰম বৰপাত্ৰ, সাংস্কৃতিক সাংবাদিক হেমন্ত শৰ্মা, সংবাদকৰ্মী নিপম চুতীয়া, চাণক্য বৰুৱা, অংকুমান বৰদলৈকে ধৰি কেইবাগৰাকীও ভিন্নক্ষেত্ৰৰ ব্যক্তি ।
লগতে পঢ়ক: জুবিন গাৰ্গে বেয়া পোৱা পাইৰেচী হৈছে 'ৰৈ ৰৈ বিনালে' ছবিখনকলৈ: ক্ষোভিত নিৰ্মাতাগোষ্ঠীৰ সংবাদমেল

