ETV Bharat / entertainment

সৰায়াহ মালহোত্ৰা- সিদ্ধাৰ্থ আৰু কিয়াৰাৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ

জন্মৰ পাঁচ মাহৰ পাছত ৰাজহুৱাকৈ কন্যাৰ নাম প্ৰকাশ কৰিলে সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে ৷ এই নামটোৰ অৰ্থ কি জানেনে ?

Bollywood couple Kiara Advani Sidharth Malhotra, reveal their baby girl's name
সিদ্ধাৰ্থ আৰু কিয়াৰা (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : November 28, 2025 at 12:13 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাই খুব সুন্দৰকৈ উপভোগ কৰি অভিভাৱকত্বৰ দায়িত্ব ৷ কন্যাৰ বয়স মাত্ৰ পাঁচ মাহ- সেয়াই যথেষ্ট পিতৃ-মাতৃক সম্পূৰ্ণৰূপে নিজৰ লগত ব্যস্ত কৰি ৰাখিবলৈ । সন্তানৰ জন্মৰ পিছৰে পৰা অনুৰাগী ৰৈ আছিল নাম জানিবলৈ ৷ আজি সেই আশা পূৰণ কৰিলে পিতৃ-মাতৃদ্বয়ে ৷ সামাজিক মাধ্যমত এখন ফটো আপলোড কৰি সৰায়াহ মালহোত্ৰা হিচাপে সমাজৰ আগত চিনাকি কৰাই দিলে দুয়োৱে ৷

তাৰকা দম্পতীয়ে ছ’চিয়েল মিডিয়াত এটা যুটীয়া পোষ্ট শ্বেয়াৰ কৰে । কিয়াৰাই লিখিছে, "আমাৰ প্ৰাৰ্থনাৰ পৰা আমাৰ দুবাহুলৈকে, আমাৰ জীৱনৰ শ্ৰেষ্ঠ আশীৰ্বাদ, আমাৰ ৰাণী । সৰায়াহ মালহোত্ৰা ।"

নামটোৰ অৰ্থ

ছাৰ্চ ইঞ্জিনৰ মতে সৰায়াহ এটা আধুনিক নাম । ইয়াৰ সম্ভাৱ্য অৰ্থ আৰু উৎপত্তি- হিব্ৰু নাম চাৰা (ৰাজকুমাৰী) বা আৰবী নাম সৰয়া (ৰাতিৰ ডাৱৰ)ৰ সৈতে জড়িত হ'ব পাৰে । ইয়াৰ লগত কেতিয়াবা পাৰ্চী নাম সৰয়াও জড়িত হ’ব পাৰে, যাৰ অৰ্থ হৈছে 'মণি' বা "Pleiades star cluster"। একাধিক উৎপত্তিৰ বাবে এই নামটোৱে সৌন্দৰ্য, শক্তি আৰু ৰহস্যৰ লগতে ৰাজকীয়তা বহন কৰিব পাৰে ।

তাৰকাৰ প্ৰতিক্ৰিয়া

ফটোখন আপলোড কৰাৰ পাছতে শুভেচ্ছাবাণীৰ জোৱাৰ উঠিছে । পৰিচালক-প্ৰযোজক কৰণ জোহৰে লিখিছে, "মোৰ মৰম আৰু আশীৰ্বাদ সদায় ।" বৰুণ ধৱনে লৱ ইম’জী ব্যৱহাৰ কৰিছে ৷

উল্লেখ্য যে, ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজস্থানৰ জয়ছালমেৰত সিদ্ধাৰ্থ মালহোত্ৰ আৰু কিয়াৰা আদৱানী বিবাহপাশত আবদ্ধ হয় । বিবাহৰ ঠিক দুবছৰৰ পিছত ইনষ্টাগ্ৰামত এটা সুন্দৰ পোষ্ট দি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকে সন্তানৰ আগমনৰ কথা ঘোষণা কৰে ।

কিয়াৰা প্ৰথমবাৰৰ বাবে বেবী বাম্প লৈ ৰাজহুৱা স্থানলৈ ওলাই আহিছিল মেট গালাৰ ৰেড কাৰ্পেটত । ক’লা আৰু সোণালী ৰঙৰ পোছাক পৰিধান কৰিছিল অভিনেত্ৰীগৰাকীয়ে । ১৬ জুলাইত কিয়াৰাই কন্যা সন্তান জন্ম দিয়ে । তাৰ পিছত বলীউডৰ এই দম্পতীয়ে প্ৰথমবাৰৰ বাবে কন্যাৰ মোজা পিন্ধা ফটোখন শ্বেয়াৰ কৰে ।

লগতে পঢ়ক : সিদ্ধাৰ্থ নহয় ! কিয়াৰাই নিজৰ কন্যাৰ মাজত এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ গুণহে বিচাৰে