গুৱাহাটীৰ ৰাজপথত মাজনিশা দুৰ্ঘটনাগ্ৰস্ত বলীউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী, আহত পত্নী ৰূপালী বৰুৱাও
গুৱাহাটী মহানগৰীৰ জু-ৰোডত সংঘটিত হৈছে এই ঘটনা ৷

By ETV Bharat Entertainment Team
Published : January 3, 2026 at 1:55 PM IST
|Updated : January 3, 2026 at 5:55 PM IST
গুৱাহাটী : পথ দুৰ্ঘটনাত পতিত হৈছে বলীউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী । গুৱাহাটী মহানগৰীৰ জু-ৰোডত সংঘটিত হৈছে এই ঘটনা । শুকুৰবাৰে মাজনিশা গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেলখনৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনা ।
এই পথ দুৰ্ঘটনাত বলীউডৰ বিখ্যাত অভিনেতা তথা অসমৰ জোঁৱাই আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱা আঘাতপ্ৰাপ্ত হয় ।
জানিব পৰা মতে, দিছপুৰৰ দিশৰ পৰা আহি থকা তীব্ৰবেগী AS 01 DY 5061 নম্বৰৰ এভেঞ্জাৰ বাইকখনে তীব্ৰবেগেৰে আহি খুন্দা মাৰে দুয়োগৰাকীক । দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় বাইক চালকজন আৰু আঘাতপ্ৰাপ্ত হয় আশীষ বিদ্যাৰ্থীসহ পত্নী ৰূপালী বৰুৱা । লগে লগে ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত বাইক আৰোহীজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতলৈ প্ৰেৰণ কৰে আৰু আশীষ বিদ্যাৰ্থীসহ পত্নীক গুৱাহাটী এপ’ল’ হাস্পতাললৈ প্ৰেৰণ কৰে ।
এপ’ল’ হাস্পতালৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি, "কালি নিশা পথ দুৰ্ঘটনাত দুয়োজন আঘাতপ্ৰাপ্ত হয় । আমাৰ চিকিৎসাললৈ আহিছিল । আশীষ বিদ্যাৰ্থীক চিকিৎসা প্ৰদান কৰা হয় । বৰ্তমান বিদ্যাৰ্থী দম্পতী সুস্থ । কিন্তু তেওঁৰ পত্নীক কিছু পৰীক্ষাৰ বাবেহে হাস্পতালত ভৰ্তি কৰি ৰখা হৈছে ।"
লগতে পঢ়ক : জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহ ন্যাসৰ নামত আগবঢ়াই দিয়া হ'ব: গৰিমা শইকীয়া গাৰ্গ

