ব্লকবাষ্টাৰ সফলতাৰ আঁৰত আইনী জঞ্জাল ! ৰণবীৰ সিঙক জোকাৰি যোৱা ৫টা ডাঙৰ বিতৰ্ক
বিতৰ্কৰ আৱৰ্তত ৰণবীৰ সিং ! ‘ডন ৩’ৰ পৰা আঁতৰি অহাৰ পিছত পুনৰ চৰ্চাত অভিনেতাজন ৷ এক নজৰ অভিনেতাগৰাকীৰ ৫টা বিতৰ্কিত অধ্যায়লৈ-

By ETV Bharat Entertainment Team
Published : May 27, 2026 at 6:02 PM IST
হায়দৰাবাদ: ‘এ.আই.বি. নকআউট শ্ব’টোৰ বিতৰ্কৰ পৰা আৰম্ভ কৰি ‘ডন ৩’ চিনেমাখনক লৈ হোৱা মতানৈক্যলৈকে— বলীউডৰ তাৰকা ৰণবীৰ সিঙৰ কেৰিয়াৰত কেইবাৰো আইনী জঞ্জালে দেখা দিছে ৷ সমালোচনা আৰু ৰাইজৰ অসন্তুষ্টিৰ সন্মুখীন হৈছে তেওঁ ।
ৰণবীৰ সিং বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা । ২০১০ চনত ‘বেণ্ড বাজা বাৰাত’ চিনেমাখনেৰে অভিনয় জগতত ভৰি থোৱাৰ পিছৰে পৰা তেওঁ ‘বাজীৰাও মাস্তানী’, ‘পদ্মাৱত’, ‘গলী বয়’ আৰু শেহতীয়াকৈ ‘ধূৰন্ধৰ’ৰ দৰে বহু সফল ছবিত অভিনয় কৰি নিজৰ এক সুকীয়া স্থান গঢ়ি তুলিছে । নিজৰ অপৰিসীম শক্তি, অগতানুগতিক ফেশ্বন আৰু স্পষ্টবাদী স্বভাৱৰ বাবে ৰণবীৰ সদায় সংবাদ মাধ্যম আৰু জনসাধাৰণৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আহিছে ।
কিন্তু ছুপাৰহিট চিনেমাৰ সফলতাৰ সমান্তৰালভাৱে তেওঁৰ জীৱনলৈ আহিছে বিতৰ্কৰ এক দীঘলীয়া তালিকা । আপত্তিকৰ মন্তব্য আৰু আইনী গোচৰৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক সমালোচনা আৰু চিনেমা উদ্যোগৰ সংঘাতলৈকে— অভিনেতাগৰাকী প্ৰায়েই ৰাইজৰ অসন্তুষ্টিৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।
শেহতীয়াকৈ ‘ডন ৩’ চিনেমাখনৰ পৰা তেওঁ আঁতৰি অহাৰ খবৰে তেওঁক পুনৰ তীব্ৰ সমালোচনাৰ মাজলৈ ঠেলি দিছে । তেওঁৰ ৫টা বিতৰ্কিত ডাঙৰ ঘটনা-
১. ‘ডন ৩’ৰ বিতৰ্ক আৰু FWICE-ৰ অসহযোগিতাৰ নিৰ্দেশনা
#WATCH | Mumbai | On FWICE issues, Non-Cooperation Directive against Actor Ranveer singh, Chief Advisor of the Federation of Western India Cine Employees (FWICE), Ashoke Pandit says, " we received a complaint filed by farhan akhtar, who is a member of our association, against… https://t.co/rMweDQtESa pic.twitter.com/Xea6msJF7q
— ANI (@ANI) May 25, 2026
ৰণবীৰ সিঙে ‘ডন ৩’ চিনেমাখনৰ পৰা আঁতৰি অহাৰ খবৰে বৰ্তমান তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিছে । ২০২৩ চনত ‘এক্সেল এণ্টাৰটেইনমেণ্ট’ প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিকভাৱে এই চিনেমাখনৰ ঘোষণা কৰিছিল । পূৰ্বে অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানে কৰা ‘ডন’ৰ সেই বিখ্যাত চৰিত্ৰটোত অভিনয় কৰিবলৈ ৰণবীৰক বাচনি কৰা হৈছিল । পিছে শেহতীয়া খবৰ অনুসৰি, চিনেমাখনৰ নিৰ্মাতাসকলৰ সৈতে সৃষ্টি হোৱা মতানৈক্যৰ বাবে অভিনেতাগৰাকীয়ে এই প্ৰজেক্টৰ পৰা আঁতৰি আহে ।
কথা বিষম দিশলৈ গতি কৰে যেতিয়া প্ৰযোজক তথা পৰিচালক ফাৰহান আখটাৰে ‘ইণ্ডিয়ান ফিল্ম এণ্ড টেলিভিছন ডাইৰেক্টৰ্ছ এছ’চিয়েশ্বন’ (IFTDA)-ৰ কাষ চাপে । ফাৰহানৰ অভিযোগ অনুসৰি— চিনেমাখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’বলৈ মাত্ৰ কেইসপ্তাহমান বাকী থকা অৱস্থাতে ৰণবীৰ সিঙে হঠাতে কামটো এৰি দিয়ে ।
‘ফেডাৰেশ্বন অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্পলইজ’ (FWICE)-ৰ তথ্য অনুসৰি, ‘এক্সেল এণ্টাৰটেইনমেণ্ট’ নামৰ প্ৰযোজনা প্ৰতিষ্ঠানটোৱে চিনেমাখনৰ দৃশ্যগ্ৰহণৰ পূৰ্বৰ প্ৰস্তুতিৰ কামত ইতিমধ্যে প্ৰায় ৪৫ কোটি টকা খৰচ কৰিছিল । ৰণবীৰৰ এই হঠাৎ প্ৰস্থানৰ ফলত হোৱা লোকচানৰ বাবদ নিৰ্মাতাসকলে প্ৰায় ৪০ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰে । ইয়াৰ পিছতে FWICE-এ ৰণবীৰ সিঙক ফেডাৰেশ্বনৰ সন্মুখত হাজিৰ হৈ এই অভিযোগৰ উত্তৰ দিবলৈ তিনিবাৰকৈ জাননী প্ৰেৰণ কৰে । কিন্তু অভিনেতাগৰাকীয়ে ইয়াৰ কোনো সঁহাৰি নিদিয়াত, FWICE-এ তেওঁৰ বিৰুদ্ধে এক ‘অসহযোগিতাৰ নিৰ্দেশনা’ (non-cooperation directive) জাৰি কৰে । অৱশ্যে FWICE-ৰ মুখ্য উপদেষ্টা অশোক পণ্ডিতে পিছত স্পষ্ট কৰি দিয়ে যে, এয়া কাৰিকৰীভাৱে কোনো নিষিদ্ধকৰণ নহয় । কিন্তু ফেডাৰেশ্বনৰ সৈতে জড়িত সকলো সদস্যকে ৰণবীৰ সিঙৰ আগন্তুক চিনেমাৰ কাম-কাজত সহযোগিতা নকৰিবলৈ অনুৰোধ জনোৱা হৈছে ।
ইফালে ৰণবীৰৰ মুখপাত্ৰই এই সন্দৰ্ভত এটা বিবৃতি জাৰি কৰি কয় যে, অভিনেতাগৰাকীয়ে এই বিষয়ত মৌন হৈ থকাটোৱেই পছন্দ কৰিছে আৰু তেওঁ বিশ্বাস কৰে যে বৃত্তিমূলক কথাবোৰ সদায় মৰ্যাদা আৰু পাৰস্পৰিক সন্মানৰ মাজেৰে সমাধান কৰিব লাগে ।
২. ‘এ.আই.বি. নকআউট ৰ’ষ্ট’ (AIB Knockout Roast) বিতৰ্ক

২০১৫ চনত ৰণবীৰ সিং বলীউডৰ আটাইতকৈ বিতৰ্কিত কৌতুক অনুষ্ঠান ‘এ.আই.বি. নকআউট ৰ’ষ্ট’ৰ অংশীদাৰ হৈ পৰিছিল । এই শ্ব’টোত ৰণবীৰ সিং আৰু অৰ্জুন কাপুৰক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল আৰু কৰণ জোহৰে অনুষ্ঠানটো পৰিচালনা কৰিছিল । অশ্লীল ধেমালি, গালি-গালাজ আৰু যৌনতাৰ কৌতুকৰে ভৰপূৰ এই অনুষ্ঠানৰ ভিডিঅ’টো ইণ্টাৰনেটত আপলোড হোৱাৰ লগে লগেই খুবেই ভাইৰেল হৈ পৰিছিল । বহু দৰ্শকে ইয়াক আধুনিক যুগৰ ধেমালি বুলি সমৰ্থন কৰিছিল যদিও কেইবাটাও ৰাজনৈতিক সংগঠন আৰু সমাজকৰ্মীয়ে এই অনুষ্ঠানৰ বিষয়বস্তুক তীব্ৰ বিৰোধিতা কৰিছিল । অনুষ্ঠানটোত অংশগ্ৰহণ কৰা লোকসকলৰ বিৰুদ্ধে অশ্লীলতা বিয়পোৱাৰ অভিযোগত আৰক্ষীৰ ওচৰত গোচৰো তৰা হৈছিল । এই বিতৰ্কই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু ভাৰতত বাক-স্বাধীনতা, কৌতুক আৰু চিনেমাৰ নিয়ন্ত্ৰণ সম্পৰ্কে এক ডাঙৰ তৰ্কৰ সূচনা কৰিছিল ।
৩. উলংগ ফটোশ্বুট আৰু আৰক্ষীৰ ওচৰত গোচৰ

২০২২ চনত এখন আন্তঃৰাষ্ট্ৰীয় আলোচনীৰ বাবে কৰা এটা উলংগ ফটোশ্বুটেৰে ৰণবীৰ সিঙে ইণ্টাৰনেটত খলকনি তুলিছিল । হলীউডৰ অভিনেতা বাৰ্ট ৰেনল্ডছৰ ১৯৭২ চনৰ এটা বিখ্যাত কভাৰ ফটোশ্বুটৰ আৰ্হিত তেওঁ এই কাম কৰিছিল । ফটোবোৰ ছ’চিয়েল মিডিয়াত আপলোড হোৱাৰ লগে লগেই ভাইৰেল হৈ পৰে । একাংশ লোকে পুৰুষত্বৰ পুৰণি ধাৰণাক প্ৰত্যাহ্বান জনোৱা বাবে অভিনেতাগৰাকীক প্ৰশংসা কৰাৰ বিপৰীতে বহু লোকে এই ফটোশ্বুটৰ তীব্ৰ সমালোচনা কৰে । ইয়াৰ পিছতে মুম্বাইত তেওঁৰ বিৰুদ্ধে কেইবাটাও অভিযোগ দাখিল কৰা হয় । অশ্লীলতা বিয়পোৱা, মহিলাৰ মৰ্যাদা হানি কৰা আৰু তথ্য প্ৰযুক্তি আইনৰ কেইবাটাও ধাৰাৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় ।
আন এটা অভিযোগত দাবী কৰা হৈছিল যে এই ছবিবোৰে মহিলা আৰু শিশুৰ মৰ্যাদাত আঘাত হানিছে । পিছত ৰণবীৰ সিঙে মুম্বাই আৰক্ষীৰ ওচৰত নিজৰ ভাষ্য ৰেকৰ্ড কৰে আৰু জানিবলৈ দিয়া মতে— ইণ্টাৰনেটত ভাইৰেল হোৱা এখন ছবি আচলতে ডিজিটেলভাৱে বিকৃত কৰা হৈছিল ।
৪. ‘কান্তাৰা’ৰ দৈৱ (Daiva) বিতৰ্ক

২০২৫ চনত গোৱাত অনুষ্ঠিত হোৱা ‘ইণ্টাৰনেশ্বনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া’ (IFFI)ৰ মঞ্চত ৰণবীৰ সিঙে এক তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল । অনুষ্ঠানত অভিনেতা তথা পৰিচালক ঋষভ শ্বেট্টীৰ উপস্থিতিতে ৰণবীৰ সিঙে ‘কান্তাৰা: চেপ্টাৰ ১’ চিনেমাখনৰ এটা দৃশ্য অনুকৰণ কৰিবলৈ চেষ্টা কৰিছিল । এই দৃশ্যটো কৰ্ণাটকৰ তুলু (Tulu) সম্প্ৰদায়ে যুগ যুগ ধৰি বিশ্বাস কৰি অহা পবিত্ৰ ‘দৈৱ পৰম্পৰা’ৰ সৈতে জড়িত আছিল । অনুকৰণ কৰাৰ সময়ত ৰণবীৰে সেই পবিত্ৰ দেৱতাক ভুলবশতঃ এগৰাকী ‘মহিলা ভূত’ বুলি সম্বোধন কৰে, যাৰ বাবে কান্নাড়া আৰু তুলু সম্প্ৰদায়ৰ লোকসকল অত্যন্ত ক্ষুব্ধ হৈ পৰে । এই ভিডিঅ’ ক্লিপটো অতি সোনকালে ইণ্টাৰনেটত বিয়পি পৰে আৰু তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় ।
ধৰ্মীয় সংগঠনসমূহে পবিত্ৰ পৰম্পৰাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি অভিনেতাগৰাকীক ক্ষমা খুজিবলৈ দাবী জনায় । পিছলৈ ৰণবীৰে ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাজহুৱাকৈ ক্ষমা বিচাৰে আৰু স্পষ্ট কৰি দিয়ে যে তেওঁৰ উদ্দেশ্য কেৱল ঋষভ শ্বেট্টীৰ অভিনয়ক প্ৰশংসা কৰাটোহে আছিল । পৰৱৰ্তী সময়ত এই গোচৰটো কৰ্ণাটক উচ্চ ন্যায়ালয় পায়গৈ, য’ত অভিনেতাগৰাকীয়ে নিজৰ বিৰুদ্ধে ৰুজু হোৱা এজাহাৰৰ পৰা সকাহ পাবলৈ আবেদন জনায় ।
৫. ‘কফি উইথ কৰণ’ত কৰা আপত্তিজনক মন্তব্য

ৰণবীৰ সিঙৰ কেৰিয়াৰৰ প্ৰথম পৰ্যায়ৰ এই বিতৰ্কটো ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহু বছৰৰ পিছত পুনৰ চৰ্চালৈ আহিছিল । ২০১১ চনত অনুষ্কা শৰ্মাৰ সৈতে অংশগ্ৰহণ কৰা ‘কফি উইথ কৰণ’ অনুষ্ঠানৰ এটা খণ্ডত ৰণবীৰে এনে কিছুমান মন্তব্য কৰিছিল যিবোৰক বহু দৰ্শকে অশালীন আৰু লিংগবৈষম্যমূলক বুলি গণ্য কৰিছিল । ৰণবীৰৰ কথা শুনি অনুষ্কা লগে লগে অস্বস্তিত পৰিছিল আৰু কেমেৰাৰ সন্মুখতে তেওঁক তেনেদৰে কথা নক’বলৈ সকীয়াই দিছিল ।
২০১৯ চনত যেতিয়া টক শ্ব’বোৰত চেলেব্ৰিটীসকলৰ লিংগবৈষম্য আৰু ত্ৰুটিপূৰ্ণ আচৰণক লৈ চৰ্চা চলিছিল, তেতিয়া এই পুৰণি ভিডিঅ’ ক্লিপটো পুনৰ চৰ্চালৈ আহে । ছ’চিয়েল মিডিয়াৰ বহু ব্যৱহাৰকাৰীয়ে সহ-অভিনেত্ৰীৰ প্ৰতি কৰা এনে সস্তীয়া পুৰুষতান্ত্ৰিক মানসিকতা আৰু অসন্মানজনক মন্তব্যৰ বাবে ৰণবীৰ সিঙক তীব্ৰ সমালোচনা কৰে । অৱশ্যে, বিগত বছৰবোৰত ইমানবোৰ বিতৰ্কৰ সন্মুখীন হোৱাৰ পিছতো ৰণবীৰ সিং আজিও বলীউডৰ অন্যতম সফল আৰু বিশ্বাসযোগ্য তাৰকা হিচাপে টিকি আছে ।
লগতে পঢ়ক : ডন ৩ বিতৰ্ক: ৰণবীৰ সিঙৰ বিৰুদ্ধে FWICE-ৰ অসহযোগিতাৰ নিৰ্দেশ, অভিনেতাজনে ভাঙিলে মৌনতা

