ETV Bharat / entertainment

‘বীৰাংগনা সাধনী’- সতী সাধনীৰ ত্যাগৰ কাহিনী সামৰি নতুন বোলছবি

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পৰিচালক বিশ্বজিৎ বৰাৰ নতুন চিনেমা বীৰাংগনা সাধনীৰ অন্তিম পৰ্যায়ৰ কাম চলি আছে ৷ মুক্তি পাব এই বছৰতে ৷

biswajeet bora directorial New Assamese film BIRANGANA XAADHANI to be released in july 2026
নতুন অসমীয়া চিনেমা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 28, 2026 at 4:45 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : বহ্নিমান, ৰক্তবীজ আদিৰ দৰে বাণিজ্যিক ছবি নিৰ্মাণ কৰি অসমীয়া ছবিজগতক এক অনন্য মাত্ৰ প্ৰদান কৰা চলচ্চিত্ৰ নিৰ্মাতা বিশ্বজিৎ বৰাৰ পৰিচালনাৰে শীঘ্ৰে আহি আছে এখন নতুন অসমীয়া ছবি, নাম ‘বীৰাংগনা সাধনী’ ।

চুতীয়া উন্নয়ন পৰিষদৰ প্ৰযোজনাত তথা অসম চৰকাৰৰ সহযোগিতাত নিৰ্মাণ কৰা এই ছবিখন বিগত বর্ষতে মুক্তি লাভ কৰাৰ কথা আছিল যদিও বিভিন্ন কাৰণত পিছুৱাই দিয়া হৈছিল মুক্তিৰ দিন । বৰ্তমান অন্তিম পৰ্যায়ৰ কাম চলি আছে ছবিখনৰ ।

New Assamese film
অন্তিম পৰ্যায়ৰ কাম চলি আছে ছবিখনৰ (Photo : ETV Bharat Assam)

মুক্তিৰ পূৰ্বে ই টিভি ভাৰতৰ সাংবাদিকে পৰিচালকৰ এটা টেলিফোনিক সাক্ষাৎকাৰ লয় ৷ বাৰ্তালাপটোত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত পৰিচালক বিশ্বজিৎ বৰাই ছবিখনৰ মুক্তিৰ লগতে আন বহু কথাও জনায় ।

New Assamese film
পৰিচালক বিশ্বজিৎ বৰাৰ নতুন চিনেমা (Photo : ETV Bharat Assam)

পৰিচালক বিশ্বজিৎ বৰাৰ মন্তব্য

অসমীয়া ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ থকা বীৰাংগনাসকলৰ ভিতৰত অন্যতম হৈছে বীৰাংগনা সতী সাধনী । বীৰাংগনাৰ সতী সাধনীৰ জীৱন গাঁথা তথা ত্যাগৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷

New Assamese film
‘বীৰাংগনা সাধনী’ টীম (Photo : ETV Bharat Assam)

মুক্তিৰ লগতে ছবিখন সন্দৰ্ভত মন্তব্য কৰি পৰিচালকগৰাকীয়ে কয়, “সম্ভৱত জুলাই মাহত মুক্তি লাভ কৰিব ছবিখনে । বৰ্তমান ছবিখনৰ ভি এফ এক্সৰ কাম চলি আছে । যিহেতু ছবিখন বুৰঞ্জীধর্মীক, সেয়ে এক বৃহৎ পৰিষৰত ছবিখনৰ কাম কৰা হৈছে । বুৰঞ্জীধর্মীক ছবি হোৱাৰ বাবে কিছু সময় লাগিছে, কাৰণ সকলো দিশ চাবলগীয়া হৈছে ।"

New Assamese film
অন্তিম পৰ্যায়ৰ কাম চলি আছে ছবিখনৰ (Photo : ETV Bharat Assam)

পৰিচালকগৰাকীয়ে কয়, "ছবিখনৰ পৰা দর্শকে চুতীয়া জাতিৰ ইতিহাস সন্দৰ্ভত বহু কথাই জানিব পৰিব । অতি শীঘ্ৰে ছবিখনৰ গীতকেইটা মুক্তি দিয়া হ'ব । তিনিটা গীত আছে ছবিখনত, গীত কেইটাত কণ্ঠদান কৰিছে অংগৰাগ মহন্তই । গীত কেইটা ৰচনা কৰিছে ইবচন লাল বৰুৱা আৰু ৰাহুল গৌতম শৰ্মাই ।"

New Assamese film
‘বীৰাংগনা সাধনী’ টীম (Photo : ETV Bharat Assam)

উল্লেখ্য যে, এই ছবিখনত অভিনয় কৰিছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী অভিনেত্ৰী মলয়া গোস্বামীয়ে ৷ তেওঁৰ লগতে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, অসমৰ নাট্যজগত আৰু ৰূপালী পৰ্দাত খলকনি তোলা অভিনেতা মৃদুল চুতীয়া, তপন দাস, অৰুণ হাজৰিকা, চন্দনা শৰ্মা, হিমাংশু প্ৰসাদ দাস, প্ৰণামী বৰা, জ্যোতি নাৰায়ণ নাথ, বিনোদ লাল দাস আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীকো এই ছবিখনত দেখিবলৈ পোৱা যাব ।

New Assamese film
জনপ্ৰিয় অভিনেতা তপন দাস (Photo : ETV Bharat Assam)

লগতে ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব মণিপুৰৰ ৰাজবংশীয় পৰিয়ালৰ লুকানন্দক । লুকানন্দ হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিভিন্ন প্ৰতিযোগিতাত শীৰ্ষস্থান দখলকাৰী, ১৪ বছৰীয়া বৰ্ণাঢ্য সাংস্কৃতিক পৰিক্ৰমাৰ পৰিপূৰ্ণ এগৰাকী অভিনেতা, পৰিচালক তথা মডেল ।

লগতে পঢ়ক : এক দুই তিনি চাৰি... যুটি দিলো গৰুগাড়ী... শিশু হিমন্ত বিশ্বক নতুন ৰূপত আৱিষ্কাৰ কৰিব দৰ্শকে