শেষবাৰৰ বাবে পৰ্দাত জুবিন-যতীনৰ যুটিৰে আহি আছে অগ্নিবাণ
৬ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব অসমীয়া ছবি অগ্নিবাণ । মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত এই ছবিখনত শেষবাৰৰ বাবে দেখা যাব জুবিন-যতীনৰ যুটি ।

Published : January 25, 2026 at 5:17 PM IST
গুৱাহাটী: অপেক্ষাৰ অন্ত পেলাই ৬ ফেব্ৰুৱাৰীত ছবিগৃহলৈ আহিব অসমীয়া ছবি 'অগ্নিবাণ' । মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ বেনাৰত শৈলেন কুমাৰ শৰ্মাৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত এক অন্য ৰূপত দেখিবলৈ পোৱা যাব অভিনেতা যতীন বৰাক ।
পূৰ্বে জনপ্ৰিয় তথা বহুলভাৱে সমাদৃত ৱেব চিৰিজ "কলংপাৰ" আৰু "ক্ৰিটিকেল কাপল"ৰ পৰিচালক মৃণ্ময় শইকীয়াই পৰিচালনা কৰিছে এই নতুন অসমীয়া ছবিখন । ইতিমধ্যে ছবিখনৰ প্ৰচাৰৰ কৌশলে দৃষ্টি আকৰ্ষণ কৰিছে দর্শকৰ । শেহতীয়াকৈ মুক্তি লাভ কৰিছে ছবিখনৰ টিজাৰো । সামাজিক মাধ্যমযোগে মুক্তি লাভ কৰিছে ছবিখনৰ টিজাৰটো ।
ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে জনোৱা অনুসৰি, ‘‘বৰ্তমান ৰাজ্যত যি ঘটনা বা পৰিস্থিতি চলি আছে, তাৰ ওপৰতে ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে এই ছবিখন । বিশেষকৈ বৰ্তমান অসমত ড্ৰাগছ আসক্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ ভয়াৱহতাৰ লগতে বৰ্তমানৰ ভৱিষ্যত প্ৰজন্ম কোন দিশে গতি কৰি আছে, এনে এক আধাৰতে ছবিখন নিৰ্মাণ কৰা হৈছে ।’’
মহানগৰীৰ ভিন্ন ঠাইৰ লগতে পাৰ্শ্ববৰ্তী অঞ্চল ৰাণী, গড়ভঙা ফৰেষ্ট ৰিজাৰ্ভ আদিৰ লগতে ছবিখনৰ এটা অংশৰ দৃশ্যগ্ৰহণ লছ এঞ্জেছলতো কৰা হৈছে । এই ছবিখনত যতীন বৰাৰ লগতে অভিনয় কৰিছে প্ৰীতিকংকনা, কুলদা কুমাৰ ভট্টাচাৰ্য, কমল লোচন, কংকনা চক্ৰৱৰ্তী, হিমাংশু প্ৰসাদ দাস, ববিতা শৰ্মা আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ বিষয়বস্তু তথা কাহিনী শৈলেন কুমাৰ শৰ্মাৰ । সহঃ প্ৰযোজক হিচাপে আছে ময়ূৰাক্ষী শৰ্মা ।
উল্লেখ্য যে, 'হিয়া দিয়া নিয়া'ৰ পৰা 'ৰাঘৱ'ৰ জুবিন গাৰ্গৰ কণ্ঠৰ যাদুক অভিনয়ৰ দ্বাৰা ৰূপালী পৰ্দাৰ জৰিয়তে দৰ্শকৰ মাজলৈ নিয়া এগৰাকী অন্যতম ব্যক্তি হৈছে যতীন বৰা । অগ্নিবাণৰ জৰিয়তে শেষবাৰৰ বাবে জুবিন-যতীন যুটিৰ গীত 'জনমে জনমে' উপভোগ কৰিব পাৰিব দর্শকে ।
লগতে পঢ়ক: দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ জুবিন পত্নী গৰিমাৰ

