ETV Bharat / entertainment

'সূৰ্যবংশম'ৰ পৰা 'কল্কি'— ৰামোজী ফিল্ম চিটীৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্চন

বিশ্বৰ এই অন্যতম বৃহৎ ফিল্ম চিটীখনক লৈ ছ’চিয়েল মিডিয়াত এটা অতি আৱেগিক বাৰ্তা শ্বেয়াৰ কৰিছে বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনে ৷

Big B Shares Heartfelt Note on Ramoji Film City; Authorities Respond
ৰামোজী ফিল্ম চিটীৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্চন (Photo : ANI/ Ramojifilmcity.com)
author img

By ETV Bharat Entertainment Team

Published : May 19, 2026 at 11:39 AM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বিশ্বৰ আটাইতকৈ ডাঙৰ ফিল্ম চিটী হিচাপে পৰিচিত 'ৰামোজী ফিল্ম চিটী'ৰ প্ৰশংসাত এইবাৰ পঞ্চমুখ হৈ পৰিছে বলীউডৰ মহাতাৰকা অমিতাভ বচ্চন । শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ এই ফিল্ম চিটীখনৰ সৈতে জড়িত নিজৰ এক বিশেষ অনুভৱ অনুৰাগীসকলৰ সৈতে ভাগ-বতৰা কৰিছে ।

প্ৰায় ২৭ বছৰ পূৰ্বে এই ৰামোজী ফিল্ম চিটীতেই অমিতাভ বচ্চনৰ অতি জনপ্ৰিয় চিনেমা 'সূৰ্যবংশম'ৰ দৃশ্য়গ্ৰহণ কৰা হৈছিল । 'সূৰ্যবংশম'ৰ উপৰিও তেওঁৰ শেহতীয়া বহু চৰ্চিত চিনেমা 'কল্কী'ৰ দৃশ্য়গ্ৰহণো ফিল্ম চিটীতেই সম্পন্ন হৈছে । কেৱল এই দুখনেই নহয়, বিগত বহু বছৰ ধৰি বিগ বি-য়ে নিজৰ কেবাখনো অন্য সফল চিনেমাৰ দৃশ্য়গ্ৰহণ ইয়াত কৰিছে । ৰামোজী ফিল্ম চিটীৰ বিশালতা আৰু কামৰ পৰিৱেশে তেওঁক সদায় আপ্লুত কৰি আহিছে, যাৰ বাবেই তেওঁ ছ’চিয়েল মিডিয়াত এই বিশেষ ঠাইডোখৰক লৈ নিজৰ আৱেগ আৰু উচ্চ প্ৰশংসা ব্যক্ত কৰিছে ।

ৰামোজী ফিল্ম চিটী মানেই চাৰিওফালে ৰঙীন পোহৰৰ তিৰবিৰণি, বিভিন্ন চিনেমাৰ আকৰ্ষণীয় ছেট, লাইভ এক্সন ডেমো আৰু পৰীৰ দেশৰ দৰে সুন্দৰ কাৰ্নিভাল পেৰেড । এই সকলোবোৰ কাষৰ পৰা চাবলৈকে দেশ-বিদেশৰ দূৰ-দূৰণিৰ পৰা হাজাৰ হাজাৰ পৰ্যটক ইয়ালৈ আহে । কেৱল পৰ্যটনস্থলীয়েই নহয়, এই ফিল্ম চিটীখন বহুতো সৰু-বৰ চিনেমা নিৰ্মাণৰ মূল স্থান ।

ৰামোজী ফিল্ম চিটীৰ বিশেষত্ব আৰু বিগ বি-ৰ আৱেগ

উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ ৬৭৪ হেক্টৰ ভূমিত এই ফিল্ম চিটীখন বিয়পি আছে । চিনেমা জগতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই স্থানখনত এতিয়ালৈকে দেশৰ হাজাৰ হাজাৰ তাৰকাই খোজ পেলাইছে । এইবাৰ বিশ্বৰ এই অন্যতম বৃহৎ ফিল্ম চিটীখনক লৈ ছ’চিয়েল মিডিয়াত এটা অতি আৱেগিক বাৰ্তা শ্বেয়াৰ কৰিছে বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনে ।

ৰামোজী ফিল্ম চিটীক লৈ কি লিখিলে বিগ বিয়ে ?

সোমবাৰে নিশা ৰামোজী ফিল্ম চিটীৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনৰ এটা বিশেষ বাৰ্তা প্ৰকাশ পায় । ৰামোজী ফিল্ম চিটীৰ প্ৰশংসা কৰি বিগ বিয়ে লিখিছে, "ৰামোজী ফিল্ম চিটীত মই কৰা প্ৰতিটো দৃশ্য়গ্ৰহণৰ অভিজ্ঞতা সদায় স্মৰণীয় হৈ থাকিব । মই অতি সহজ আৰু আৰামদায়কভাৱে এই ফিল্ম চিটীত দৃশ্য়গ্ৰহণ সম্পন্ন কৰিছোঁ । ইয়াৰ বিশ্বমানৰ আন্তঃগাঁথনি, একত্ৰিত প্ৰযোজনা ব্যৱস্থা আৰু পেছাদাৰী পৰিৱেশে চিনেমা নিৰ্মাণৰ সমগ্ৰ প্ৰক্ৰিয়াটোক অতি সহজ আৰু আনন্দদায়ক কৰি তোলে ।"

শ্বাহেনশ্বাহে লগতে লিখিছে, "বিগত বছৰবোৰত বিশ্বজুৰি চলচ্চিত্ৰ নিৰ্মাণৰ অন্যতম শ্ৰেষ্ঠ গন্তব্যস্থান হিচাপে এই ফিল্ম চিটীখন গঢ়ি উঠিছে । অতি আৱেগ আৰু নিষ্ঠাৰে ভাৰতীয় চিনেমা জগতক অহৰহ সহায়-সহযোগিতা আগবঢ়াই অহাৰ বাবে ৰামোজী ফিল্ম চিটীৰ সমগ্ৰ দলটোলৈ মোৰ আন্তৰিক শুভকামনা জনালোঁ ।"

অমিতাভ বচ্চনৰ বাৰ্তাৰ প্ৰত্যুত্তৰত ৰামোজী ফিল্ম চিটীৰ কৃতজ্ঞতা

বলীউডৰ মহানায়ক অমিতাভ বচ্চনৰ প্ৰশংসাসূচক বাৰ্তাৰ পিছতে ৰামোজী ফিল্ম চিটীৰ তৰফৰ পৰাও ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলৈ কৃতজ্ঞতা জ্ঞাপন কৰা হয় । ৰামোজী ফিল্ম চিটীৰ কৰ্তৃপক্ষই লিখিছে, "আমাৰ এই অনুষ্ঠান হৈছে কাহিনী, বিশালতা আৰু চলচ্চিত্ৰৰ উৎকৃষ্টতাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এক ঐতিহ্য । ৰামোজী ফিল্ম চিটীত চিনেমা নিৰ্মাণৰ অভিজ্ঞতা সন্দৰ্ভত মিষ্টাৰ অমিতাভ বচ্চনে আগবঢ়োৱা অনুপ্ৰেৰণাদায়ক মন্তব্যৰ বাবে আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ । ইয়াত বিশ্বজুৰি থকা গল্পকাৰ বা চিনেমা নিৰ্মাতাসকলৰ বাবে সৃজনশীলতাৰ সৈতে বিশ্বমানৰ আন্তঃগাঁথনিৰ এক অপূৰ্ব মিলন ঘটে ৷"

ৰামোজী ফিল্ম চিটীত বিগ বি-ৰ চিনেমাৰ শ্বুটিং

তথ্য অনুসৰি, অমিতাভ বচ্চনৰ ব্লকবাষ্টাৰ চিনেমা 'সূৰ্যবংশম'ৰ (১৯৯৯) দৃশ্য়গ্ৰহণ হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটীতেই কৰা হৈছিল । এই চিনেমাখনৰ দৃশ্য়গ্ৰহণ ফিল্ম চিটীৰ 'মোগল গাৰ্ডেন'কে ধৰি ৰাজপ্ৰসাদৰ দৰে দেখিবলৈ পোৱা বিভিন্ন আকৰ্ষণীয় ছেটত সম্পন্ন হৈছিল । বিশেষকৈ চিনেমাখনৰ 'পিপল কে পাতৱা' গীতটিৰ ভিডিঅ’টো চালেই গম পোৱা যায় যে, ফিল্ম চিটীৰ এক বৃহৎ অংশ জুৰি এই চিনেমাখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল আৰু ইয়াক পটভূমি হিচাপে ব্যৱহাৰ কৰা হৈছিল । ইয়াৰ উপৰি, নাগ অশ্বিনৰ পৰিচালনাত মুক্তি পোৱা বিগ বি-ৰ আন এখন ব্লকবাষ্টাৰ চিনেমা 'কল্কি ২৯৯৮ এডি'ৰ দৃশ্য়গ্ৰহণো ৰামোজী ফিল্ম চিটীৰ ভিতৰত এক বিশাল ছেট নিৰ্মাণ কৰি কৰা হৈছিল ।

লগতে পঢ়ক : বিগ বিৰ সতৰ্কবাণী : বাহ্যিক প্ৰভাৱতকৈ নিজৰ ‘অন্তৰৰ মাত’ শুনক