আমেৰিকাৰ চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমীয়া ছবি ‘মই এটি নিশাচৰ’ ৰ সফলতা
ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিদ্যুৎ কটকীয়ে পৰিচালনা কৰা ছবি ‘মই এটি নিশাচৰ’ এ প্ৰশংসা বুটলিলে আমেৰিকাৰ এক’লেড গ্ল’বেল ফিল্ম কম্পিটিশ্যনত ৷

By ETV Bharat Entertainment Team
Published : March 4, 2026 at 12:05 PM IST
গুৱাহাটী : অসমীয়া ছবিজগতৰ বাবে ভাল খবৰ । আমেৰিকাৰ 'এক'লেড বিশ্ব ছবি প্ৰতিযোগিতা'ত (Accolade Global Film Competition) 'এৱাৰ্ড অফ এক্সিলেন্স স্পেচিয়েল মেনশ্যন' (সৰ্বশ্ৰেষ্ঠ পাৰদৰ্শিতাৰ বিশেষ উল্লেখ) এখন অসমীয়া ছবিয়ে লাভ কৰিছে ।
আমেৰিকাৰ 'এক’লেড গ্ল’বেল ফিল্ম কম্পিটিশ্বন'ত 'এৱাৰ্ড অফ এক্সেলেন্স স্পেচিয়েল মেনশ্যন' (Award of Excellence Special Mention) লাভ কৰিছে অসমীয়া ছবি 'মই এটি নিশাচৰ'এ । ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু 'ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ' (red river & blue hills)-ৰ দ্বাৰা প্ৰযোজিত এই ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক বিদ্যুৎ কটকীয়ে ।
সাহিত্য অকাডেমি বঁটা বিজয়ী অনুৰাধা শৰ্মা পূজাৰীৰ এটা সঁচা কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ছবিখন ৷ ছবিখনৰ এই সফলতাৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক টেলিফোনিক বার্তালাপত নিজৰ অনুভৱ ব্যক্ত কৰি পৰিচালকগৰাকীয়ে কয়, "যিকোনো এখন এৱাৰ্ড বা ফেষ্টিভেলত ছবি এখনে পুৰস্কাৰ লাভ কৰিলে নিশ্চয় ভাল লাগে । আমি ছবি এখন দৰ্শকৰ বাবে নিৰ্মাণ কৰো, আমি বিশ্বাস কৰো পৃথিৱীৰ যিকোনো ঠাইৰ দৰ্শকৰ আৱেগ একেই । ছবিখন নিৰ্মাণ কৰোতে যিটো আৱেগত নিৰ্মাণ কৰিছিলোঁ সেইটোৱে 'এক’লেড গ্ল’বেল ফিল্ম কম্পিটিশ্যন'ৰ জুৰী সকলকো সংযোগ কৰিছে হয়তো, যাৰ বাবে মই এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ ।"

ছবিখনৰ কাহিনীৰ আধাৰটো কি ?
ছবিখনৰ কাহিনীটোৰ সন্দৰ্ভত মন্তব্য কৰি কটকীয়ে কয়, "ছবিখন সাহিত্য অকাডেমি বঁটা বিজয়ী অনুৰাধা শৰ্মা পূজাৰীৰ এটা সঁচা কাহিনীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে । অসম আন্দোলনৰ পৰা আৰম্ভ কৰি এই শতিকাৰ প্ৰথম দশকৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা হৈছে । মূলতঃ কদুৱা নামৰ চৰিত্ৰটোৰ ওপৰত ভিত্তি কৰি ছবিখন নিৰ্মাণ কৰা হৈছে । কদুৱা এজন চতুৰ আৰু প্ৰত্যুৎপন্নমতি গাঁৱলীয়া চোৰ । নিজৰ জীৱনধাৰণৰ মান উন্নত কৰাৰ বাবে কদুৱাই কৰা সৎ প্ৰচেষ্টাসমূহ কেনেদৰে স্থানীয় ক্ষমতাশালী লোকৰ খেয়াল-খুচি আৰু নিৰ্দেশনাত বাৰে বাৰে বাধাগ্ৰস্ত হয়, সেয়াই ছবিখনৰ মূল কাহিনী ।"

ছবিখনৰ পৰিকল্পনা কিমান দিনৰ আৰু কেতিয়া নিৰ্মাণ কৰা হৈছিল ?
"আজিৰ পৰা প্ৰায় ১২ বছৰ মান পূর্বে এই কদুৱা নামৰ চৰিত্ৰটোৰ বিষয়ে এবাৰ অনুৰাধা বাইদেউৰ মুখেৰে শুনিছিলোঁ । তেতিয়াই সেই চৰিত্ৰটোৱে মোৰ মনত সাঁচ বহুৱাইছিল । ইয়াৰ ৬ বছৰ মান পাছত বাইদেউৱে কথাই কথাই মোক এই চৰিত্ৰটোৰ ওপৰত কিয় ছবি এখন নিৰ্মাণ নকৰা বুলি কৈছিল । ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে যেতিয়া কেইখন মান ছবি নিৰ্মাণৰ বাবে কাহিনী বিচাৰিছিল, আমি এই কাহিনীটো জমা দিছিলোঁ আৰু তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ৰ চিত্ৰনাট্যত এক নম্বৰ চিত্ৰনাট্য হিচাপে নিৰ্বাচন কৰিছিল । তেনেদৰে এই ছবিখন নিৰ্মাণ কৰা হৈছিল", এই মন্তব্য পৰিচালকগৰাকীৰ ।
ছবিখনত কোনে কোনে অভিনয় কৰিছে ?
ছবিখনৰ মুখ্য চৰিত্ৰত বিশিষ্ট নাট্যশিল্পী গুণমণি বৰুৱাই অভিনয় কৰিছে । ইয়াৰোপৰি অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিছে দৰথী ভৰদ্বাজ, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক শইকীয়া, হিৰণ্য ডেকা, অৰুণ হাজৰিকা, অতুল পাঁচনি, নিকুমণি বৰুৱা, অৰ্ঘ্যদ্বীপ বৰুৱাকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । উল্লেখ্য যে, আমেৰিকাৰ ২০২৬ বৰ্ষৰ ক’ভেলাইট ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেললৈকো নিৰ্বাচিত হৈছে ছবিখন ৷ অহা কেইমাহমানৰ ভিতৰত অসমত ব্যৱসায়িকভাৱে ছবিখন মুক্তি দিয়া হ’ব বুলি জনাই পৰিচালকগৰাকীয়ে ৷
লগতে পঢ়ক :
মণিপুৰী চিনেমা ‘বুং’ৰ সফলতা, বাফটা 2026ত জিলিকিল ফাৰহান আখটাৰ প্ৰযোজিত বুং

