ভাৰতীয় পেনোৰামাৰ বিশেষ পেকেজৰ অধীনত গোৱাত প্ৰদৰ্শন হ'ব 'ভূপেন দা আনকাট’
৫৬ সংখ্যক IFFIত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ ‘ভূপেন দা আনকাট’ ৷ ভাৰতীয় পেনোৰামাৰ বিশেষ পেকেজৰ অধীনত গোৱাত আমন্ত্ৰণ লাভ তথ্যচিত্ৰখনৰ ৷

Published : November 16, 2025 at 7:45 PM IST
|Updated : November 16, 2025 at 7:51 PM IST
গুৱাহাটী : ববিতা শৰ্মা পৰিচালিত কিংবদন্তি গায়ক-ভাৰতৰত্ন প্ৰয়াত ড০ ভূপেন হাজৰিকাৰ জীৱনৰ কিছু অপ্ৰকাশিত কথাকলৈ নিৰ্মিত তথ্যচিত্ৰ ‘ভূপেন দা আনকাট’ক ভাৰতীয় পেনোৰামাৰ বিশেষ পেকেজৰ অধীনত গোৱাত অনুষ্ঠিত ৫৬ সংখ্যক আই এফ এফ আইত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ৷ ২৩ নৱেম্বৰত সন্ধিয়া ৬ বজাত গোৱাৰ পাঞ্জিমৰ সম্ৰাট চিনেমাত প্ৰদৰ্শিত হ'ব 'ভূপেন দা আনকাট' ৷
‘ভূপেন দা আনকাট’ হৈছে ড০ ভূপেন হাজৰিকাৰ জীৱনৰ কিছু অপ্ৰকাশিত কথাকলৈ ২৫ বছৰ আগতে ১৯৯৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত শ্বুট কৰা এখন ভিনটেজ ফুটেজ তথ্যচিত্ৰ ৷ এই তথ্যচিত্ৰখনত ভাৰত ৰত্ন ভূপেন হাজৰিকাই তেওঁৰ জীৱনৰ বহু অপ্ৰকাশিত কথা কোৱাৰ লগতে তেওঁ কৈছিল- কৈশোৰ কালত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে শিল্পী সত্তাৰ সান্নিধ্য লাভ কৰা, উচ্চ শিক্ষাৰ বাবে নিউয়ৰ্কৰ যাত্রা, আমেৰিকাত পত্নী প্রিয়ম্বদা পেটেলৰ সৈতে সংযোগ আৰু বিবাহৰ আভাস ৷
দুপৰি কবিতাৰ বহী হাতত লৈ ভূপেন হাজৰিকাই ৰচনা কৰা সমসাময়িক সমাজৰ ছবি ফুটি উঠা কেইবাটাও কবিতা আবৃত্তি যিবোৰৰ কিছুমান কবিতা এতিয়াও বোধকৰো প্রকাশ হোৱা নাই সেই সকলোবোৰ সন্নিবিষ্ট কৰা হৈছে এই তথ্যচিত্ৰখনত ৷ ভূপেন হাজৰিকাৰ কেইটামান কবিতাও আবৃত্তি কৰিছিল যাৰ কিছুমান এতিয়াও প্ৰকাশ হোৱা, সেইবোৰ এই তথ্যচিত্ৰখনত তুলি ধৰা হৈছে ৷

সংগীতা এডভাৰটাইজিঙৰ বেনাৰত চিন্ময় শৰ্মা আৰু ববিতা শৰ্মাই নিৰ্মাণ কৰা তথ্যচিত্ৰখনৰ সম্পাদনা আৰু ক্ৰিয়েটিভ ডাইৰেক্টৰ হৈছে ৰবিবদ্ৰা বৰগয়ান ৷ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু আই এফ এফ আইক ড০ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন বৰ্ষত ‘ভূপেন দা আনকাট’ প্ৰদৰ্শন কৰি তেওঁৰ প্ৰতি এই শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে তথ্যচিত্ৰ নিৰ্মাতাসকলে ধন্যবাদ জ্ঞাপন কৰিছে ৷
উল্লেখ্য, চলিত বর্ষৰ ৭ ছেপ্টেম্বৰত গুৱাহাটীৰ অনুৰাধা চিনেপ্লেক্সত ড০ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ লগতে ড০ হাজৰিকাৰ পৰিয়ালৰ অন্যান্য সদস্যৰ উপস্থিতিত ‘ভূপেন দা আনকাট’ৰ বিশেষ প্ৰদৰ্শন কৰা হৈছিল ৷ ইয়াৰ উপৰিও ১৪ অক্টোবৰত পোলেণ্ডৰ ৱাৰ্ছ’ত পোলেণ্ডৰ অসমীয়া সন্থাৰ উদ্যোগত লাক্সেমবাৰ্গত, ইউৰোপত প্ৰবাসী অসমীয়াৰ এক অনুষ্ঠান অক্সম মিলনত আৰু ২৮ অক্টোবৰত ব্ৰিটেইনৰ নেহৰু চেণ্টাৰত গ্ৰেট বৃটেনস্থিত ভাৰতৰ উচ্চায়ুক্তৰ উদ্যোগত আৰু লুইপৰীয়া নাচনীৰ সহযোগত আয়োজন কৰা এটি অনুষ্ঠানত এই তথ্যচিত্ৰখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ হৈছিল ৷
ব্ৰিটেইনৰ চিনু কিশোৰৰ নেতৃত্বত ড০ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপনৰ স্মৃতিত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল ৷ উল্লেখ্য যে, ভূপেন দা আনকাট তথ্যচিত্ৰখনৰ পৰিকল্পনা আৰু পৰিচালনা ববিতা শৰ্মাৰ ৷

