মহাশিৱৰাত্ৰিত সৰুপথাৰৰ ঐতিহাসিক আহোম গাঁৱত শিশুশিল্পীৰ দ্বাৰা ভাওনা প্রদর্শন
ব্ৰহ্মা, বিষ্ণু, শিৱ, সৰস্বতী, লক্ষ্মী এই পাঁচটা মূৰ্তি উদ্ধাৰে গাঁওখনত ঐতিহাসিক চানেকি বহন কৰে ।

Published : February 16, 2026 at 7:43 PM IST
সৰুপথাৰ : সৰুপথাৰ সমজিলাৰ আহোম গাঁৱত অৱস্থিত হৰিহৰ মন্দিৰ শিশুশিল্পী সমাজৰ দ্বাৰা মহি শিৱৰাত্ৰি উপলক্ষে প্ৰদৰ্শন কৰা হয় "দক্ষ যজ্ঞ" নাট । ৰিংকু বৰবৰাৰ দ্বাৰা পৰিচালিত নাটখনত শিশুশিল্পীসকলে অভিনয় কৰে । শিৱৰাত্ৰি উপলক্ষে মন্দিৰভাগত আহোম গাঁৱৰ ৰাইজে কেইবা বছৰ ধৰি ভাওনা প্ৰদৰ্শন কৰি আহিছে । দেওবাৰে নিশা শিশুশিল্পীৰ দ্বাৰা প্ৰদৰ্শিত হোৱা নাটখনি উদ্বোধন কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই ।
শিশুশিল্পীসকলে নাটখনত ব্যতিক্ৰমী অভিনয় প্ৰদৰ্শন কৰে । উদীয়মান শিল্পী ৰিংকু বৰবৰাৰ দ্বাৰা পৰিচালিত নাটখনৰ যোগেদি শিশুসকলক ভাওনাৰ যোগেদি নৱপ্ৰজন্মক উৎসাহিত কৰা হৈছে ।

উল্লেখ্য যে ১৯৩৮ চনতেই প্ৰতিষ্ঠা হোৱা মন্দিৰভাগত আছে গাওঁখনতেই উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সমল । ব্ৰহ্মা, বিষ্ণু, শিৱ, সৰস্বতী, লক্ষ্মী এই পাঁচটা মূৰ্তি উদ্ধাৰে গাঁওখনত ঐতিহাসিক চানেকি বহন কৰে । বিংশ শতিকাৰ সময়ছোৱাত গোলাঘাট জিলাৰ সৰুপথাৰ সমজিলাৰ বাবে উল্লেখনীয় সময় বুলি ঠাৱৰ কৰিব পাৰি ।

বিংশ শতিকাৰ সময়ছোৱাতেই সমজিলাটোৰ ভিন্ন প্ৰান্তত উদ্ধাৰ হৈছে ৰজাদিনীয়া বহু প্ৰত্নতাত্ত্বিক সমল । ইয়াৰে ভিতৰত সৰুপথাৰৰ চুকীয়াপথাৰত আছে শতায়ু গৰকা শিৱ মন্দিৰ, বৰপথাৰৰ দুৱৰণিত অৱস্থিত শতায়ু গৰকা শিৱ মন্দিৰ, বৰপথাৰৰ টেঙানীৰ সূৰ্য মন্দিৰ উল্লেখযোগ্য ।
সমান্তৰালকৈ সৰুপথাৰ সমজিলাৰ ১নং ৰজাপুখুৰীত আছে ৰজাদিনীয়া বৃহৎ আকাৰৰ এটা পুখুৰী । নাম ৰজাপুখুৰী । সম্ভৱতঃ কছাৰী ৰজাই খন্দোৱাইছিল পুখুৰীটো । ইয়াৰোপৰি সৰুপথাৰ খনিকৰ গাঁৱত উদ্ধাৰ হৈছিল 'নগাজৰি-খনিকৰ গাঁও প্ৰস্তৰখণ্ড লিপি' । দৈয়াং-ধনশিৰি উপত্যকাই সামৰা সৰুপথাৰৰ নগাজৰি-খনিকৰ গাঁৱৰ লুডুৰাম শইকীয়াদেৱৰ ঘৰৰ পৰা ১৯৭২ চনত উদ্ধাৰপ্ৰাপ্ত এই প্ৰস্তৰ খণ্ডলিপিখন আনুমানিক খ্ৰীষ্টাব্দ চতুৰ্থ শতিকাৰ শেষ নাইবা পঞ্চম শতিকাৰ আদি ভাগৰ কামৰূপী লিপিৰ নিদৰ্শন ।
লগতে পঢ়ক : ৫০০ সূত্ৰধাৰৰ উপস্থাপনেৰে আৰম্ভ অসম ভাওনা সমাৰোহ ২০২৬

