বহুল চৰ্চিত সফল অসমীয়া চিনেমা ‘ভাইমন দা’ চাব পাৰিব অ’টিটি প্লেটফৰ্মত
‘ভাইমন দা’ই মুক্তি লাভ কৰিব অ’টিটি প্লেটফৰ্মত । কিংবদন্তি পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ।

By ETV Bharat Entertainment Team
Published : September 1, 2026 at 11:37 AM IST
|Updated : September 1, 2026 at 11:47 AM IST
গুৱাহাটী : ২০২৪ চনত মুক্তি প্ৰাপ্ত অসমীয়া ছবি ‘ভাইমন দা’ ৩ ছেপ্টেম্বৰত অ’টিটি প্লেটফৰ্ম NKBigstarত ছবিখন মুক্তি লাভ কৰিব ৷
অসমীয়া ছবিজগতৰ কিংবদন্তি পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ৷ জীল ক্ৰিয়েশ্বনছৰ বেনাৰত নিৰ্মিত ছবিখন শ্যামন্তক গৌতমে প্ৰযোজনা কৰিছিল।

ছবিখন অ’টিটি প্লেটফৰ্মত মুক্তিৰ সন্দৰ্ভত মন্তব্য কৰি ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতমে কয়, “ভাইমন দা ছবিখনে মুক্তি লাভ কৰাৰ পাছত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । সমান্তৰালভাৱে ভাৰতৰ বাহিৰত থকা অসমীয়াসকলেও ছবিখন আমেৰিকা, অষ্ট্ৰেলিয়া, ইউৰোপকে ধৰি বহু ঠাইলৈ প্ৰদৰ্শনৰ বাবে লৈ যোৱা গৈছিল।"
তেওঁ লগতে কয় যে, "সেই সময়ত বহু ঠাইত এনে হ'ল যে বহু প্ৰবাসী অসমীয়াই সেই ঠাইলৈ গৈ ছবিখন চাব নোৱাৰিলে । এনেদৰে ইণ্ডোনেছিয়া, মালয়েছিয়া আদিকে ধৰি বহু ঠাইৰ মানুহে ছবিখন চাবলৈ পোৱা নাছিল । তেওঁলোকে সদায় ছবিখন অ’টিটিত দিবলৈ অনুৰোধ জনাই আছিল । সমান্তৰালভাৱে বহু দর্শকে পুনৰবাৰ ছবিখন চাবলৈও ইচ্ছা প্ৰকাশ কৰিছিল । যিহেতু অসমীয়া ছবিসমূহ ৰাষ্ট্ৰীয় অ’টিটি প্লেটফৰ্মসমূহত দিব নোৱাৰি গতিকে NK BigStar ত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ ।”
লগতে তেওঁ কয়, “ছবি আচলতে ডাঙৰ পৰ্দাত চাইহে ভাল লাগে । ডাঙৰ পৰ্দাত চোৱাৰ যিটো মজা সেইটো যাতে অ’টিটি প্লেটফৰ্মতো দৰ্শকে ল’ব পাৰে, তাৰ বাবে বিগত তিনিমাহ ধৰি আমি কাম কৰি কৰি এতিয়া মুক্তিৰ বাবে সাজু হৈছোঁ । যিসকলে ছবিখন সেই সময়ত চাবলৈ সুবিধা পোৱা নাছিল এতিয়া চাবলৈ সুবিধা পাব ।”
উল্লেখ্য যে, ভাইমন দা ছবিখনত অভিনয় কৰিছে প্ৰায় ৩৬o ৰো অধিক শিল্পীয়ে । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল বনদীপ শৰ্মাই । লগতে অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিছিল য়াশশ্ৰী ভূঞা, গুণাকৰ দেৱগোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম হাজৰিকা, শিল্পীশিখা বৰা, বৈভৱী গোস্বামীকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্রীয়ে ।
লগতে পঢ়ক : "ভাইমন দা"ৰ প্ৰশংসাত পঞ্চমুখ প্ৰবাসী অসমীয়া

