ETV Bharat / entertainment

ৰীমা দাসৰ 'নট এ হিৰো'লৈ বাৰ্লিন ২০২৬ৰ সন্মানীয় ক্রিষ্টেল বিয়েৰ স্পেচিয়েল মেনচন সন্মান

ৰীমা দাসৰ ছবি 'নট এ হিৰো'ৱে বাৰ্লিনৰ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ‘ক্রিষ্টেল বিয়েৰ স্পেচিয়েল মেনশ্বন‘ লাভ কৰি বিশ্বব্যাপী প্ৰশংসিত হয়।

INDIAN FILM AT BERLIN FILM FESTIVAL
ৰীমা দাসৰ 'নট এ হিৰো'লৈ বাৰ্লিনেল ২০২৬ৰ সন্মানীয় ক্রিষ্টাল বিয়েৰ স্পেচিয়েল মেনচন সন্মান (Photo: Film Poster)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 9:53 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসে পুনৰ এবাৰ ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিলে । আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হ’ল অসম সন্তানগৰাকী । ৰীমা দাসৰ শেহতীয়া ফিচাৰ ফিল্ম 'নট এ হিৰো'এ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় ক্রিষ্টাল বিয়েৰ স্পেচিয়েল মেনচন (Crystal Bear Special Mention) বঁটা লাভ কৰিছে ।

শিশু আৰু যুৱ দৰ্শকৰ বাবে নিৰ্মিত ছবিখনক 'জেনেৰেচন কে প্লাছ' প্ৰতিযোগিতা শিতানত এই বঁটা প্ৰদান কৰা হয় ।

নিজৰ আনন্দৰ কথা ব্যক্ত কৰি ৰীমা দাসে কয়, "মোৰ বাবে এই স্বীকৃতি গভীৰভাৱে অৰ্থপূৰ্ণ । ল’ৰা-ছোৱালীৰ কথা ভালদৰে শুনি, তেওঁলোকৰ ওপৰত বিশ্বাস কৰি, তেওঁলোকৰ নিস্তব্ধ শক্তি, তেওঁলোকৰ সাহস, আৰু তেওঁলোকে কোন হ’ব বিচাৰে সেইটো নিৰ্বাচন কৰাৰ অধিকাৰক বিশ্বাস কৰি 'নট এ হিৰো' সৃষ্টি কৰা হৈছে । মই জেনেৰেচনৰ জুৰী, জেনেৰেচনৰ দল, আৰু ইমান মৰম আৰু আদৰৰে ছবিখন গ্ৰহণ কৰা দৰ্শকৰ প্ৰতি কৃতজ্ঞ ।"

ছবিখনত এজন ল’ৰাক মহানগৰৰ সা-সুবিধাৰ পৰা দূৰত পূৰ্বপুৰুষৰ পুৰণি গাঁৱত লৈ যোৱা হয়, য’ত তেওঁ দূৰৈৰ এগৰাকী পেহীয়েকক লগ পায়, ঘোঁৰাৰ সৈতে বন্ধুত্ব কৰে আৰু স্থানীয় ল’ৰা-ছোৱালীৰ সৈতে অদম্য দুঃসাহসিক অভিযানত যোগদান কৰে ,জীৱনৰ সৌন্দৰ্য্য আৰু তেওঁ কেতিয়াও গম নোপোৱা নিজৰ মাজত থকা সাহস আৱিষ্কাৰ কৰে । কাহিনীটোৱে লাহে লাহে শক্তি, অন্তৰ্গততা আৰু ডাঙৰ হোৱাৰ ধাৰণাটো অন্বেষণ কৰিছে ।

ছবিখনৰ মুখ্য চৰিত্ৰ মিভানৰ চৰিত্ৰ ৰূপায়ন কৰা যুৱ অভিনেতা ভূমন ভাৰ্গৱ দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, "মই এই সন্মান লাভ কৰি অতি সুখী । আমাৰ প্ৰদৰ্শনীখন বৰ ভাল আছিল, আৰু বহুতে চাইছিল । মোৰ দৰে বহু ল'ৰা-ছোৱালীয়ে চাবলৈ আহিছিল আৰু নিজৰ চিন্তাধাৰা শ্বেয়াৰ কৰিছিল । কিছুমানে অটোগ্ৰাফ আৰু ফটো বিচাৰিছিল । ইমান ডাঙৰ থিয়েটাৰ এখন প্ৰথমবাৰৰ বাবে চাইছো । এই জয়ৰ অনুভৱ বৰ ভাল লাগে কাৰণ ইয়াৰ অৰ্থ হ'ল মানুহে মোৰ দৰে ল'ৰা-ছোৱালীৰ কথা শুনিছে ।"

এই ছবিখনেৰে অভিষেক ঘটোৱা সুকন্যা বৰুৱাইও এই অভিজ্ঞতাক সপোন বাস্তৱায়িত বুলি অভিহিত কৰে । সুকন্যাই কয়, "এইখন মোৰ প্ৰথম ছবি আৰু মোৰ প্ৰথম বাৰ্লিনেল । 'নট এ হিৰো'ৰ অংশ হোৱাটো এটা আচৰিত যাত্ৰা । শিশুৰ সৈতে কেনেকৈ সঁচাকৈয়ে সংযোগ স্থাপন কৰিব পাৰি সেই বিষয়ে মই ইমানখিনি শিকিলোঁ ।"

আকাংগা ফিল্ম এছিয়া আৰু ট্ৰেইনট্ৰিপাৰ ফিল্মছৰ সহযোগত ফ্লাইং ৰিভাৰ ফিল্মছৰ দ্বাৰা নিৰ্মিত এই ছবিখনে বাৰ্লিনেলৰ সৈতে দাসৰ শক্তিশালী সম্পৰ্ক অব্যাহত ৰাখিছে । তেওঁৰ পূৰ্বৰ ছবি বুলবুল কেন চিঙেও ২০১৯ চনত বিশেষ সন্মান লাভ কৰিছিল । এই নতুন সন্মানেৰে ৰীমা দাসে পুনৰবাৰ প্ৰদৰ্শন কৰিছে যে ভাৰতৰ পৰা অহা সহজ, হৃদয়স্পৰ্শী কাহিনীয়ে সমগ্ৰ বিশ্বৰ হৃদয় স্পৰ্শ কৰিব পাৰে ।

লগতে পঢ়ক : বাৰ্লিনেল ২০২৬ত ৱৰ্ল্ড প্ৰিমিয়াৰ ৰীমা দাসৰ নতুন চিনেমা Not a Hero ৰ

নিউয়ৰ্ক ৱ'মেন ইন ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ডেৰে সন্মানিত ৰীমা দাস

NYIFFত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰে সন্মানিত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস