লভ ইউ জুবিন দা: অসম-বংগৰ সাংস্কৃতিক আৱেগেৰে পূৰ্ণগতিত চলিছে দৃশ্যগ্ৰহণ
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি এখন নতুন ছবিৰে ৷ চিত্ৰনাট্য নপঢ়াকৈয়ে ‘লভ ইউ জুবিন দা’ত অভিনয়ৰ সন্মতি দিলে গীতাৱলী ৰাজকুমাৰী-পৰাণ বন্দ্যোপাধ্যায়ে ৷

By ETV Bharat Entertainment Team
Published : July 9, 2026 at 5:18 PM IST
হায়দৰাবাদ: ‘লভ ইউ জুবিন দা’ ছবিৰ শ্বুটিং জোৰদাৰ গতিত চলি আছে ৷ পৰিচালক তথা সংগীত পৰিচালক শ্ৰী প্ৰীতমৰ পৰিচালনাত বহু প্ৰত্যাশিত বাংলা মিউজিকেল ড্ৰামা ‘লভ ইউ জুবিন দা’-ৰ শ্বুটিং ইতিমধ্যে আৰম্ভ হৈছে । এই ছবিখনে অসম আৰু বংগৰ সাংস্কৃতিক সম্পৰ্কক এডাল সুতাৰে বান্ধিবলৈ প্ৰয়াস কৰিছে । সংগীতৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু এজন সপোন দেখা যুৱকৰ সংগ্ৰামৰ কাহিনী ইয়াত দেখুওৱা হৈছে । ছবিখনক লৈ ইতিমধ্যে দৰ্শকৰ মাজত এক বিশেষ উছাহ আৰু কৌতূহলৰ সৃষ্টি হৈছে ।
‘লভ ইউ জুবিন দা’ ছবিৰ প্ৰযোজনা আৰু কাহিনীৰ আভাস
এই ছবিখন এম ডি ফাৰুক উদ্দিনৰ প্ৰযোজনাত আৰু ‘গ্ৰীবছ মিডিয়া এণ্ড প্ৰডাকশ্বন প্ৰাইভেট লিমিটেড’ তথা ‘বৰ্ষা মুভীজ’ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে । কাহিনীৰ কেন্দ্ৰবিন্দুত আছে ‘বিশাল’ নামৰ এজন সংগ্ৰামী গায়ক । বিশালৰ জীৱনৰ আটাইতকেই ডাঙৰ প্ৰেৰণা হ’ল কিংবদন্তি শিল্পী জুবিন গাৰ্গ । নিৰ্মাতাসকলে স্পষ্টকৈ জনাইছে যে, এই ছবিখন জুবিন গাৰ্গৰ জীৱনী নহয়, বৰঞ্চ কেৱল জুবিন গাৰ্গৰ প্ৰতি জনোৱা এক আন্তৰিক শ্ৰদ্ধাঞ্জলিহে ।

পৰিচালক শ্ৰী প্ৰীতমে ছবিখনৰ শ্বুটিং আৰু শিল্পীসকলৰ আৱেগক লৈ নিজৰ অনুভৱ ব্যক্ত কৰিছে । পৰিচালকে কয়, "ছবিখনৰ শ্বুটিং অতি সুন্দৰভাৱে আগবাঢ়িছে । প্ৰতিগৰাকী শিল্পীয়ে কেৱল অভিনয়ৰ বাবেই নহয়, বৰঞ্চ এক ব্যক্তিগত আৱেগ লৈ এই ছবিখনৰ সৈতে জড়িত হৈ পৰিছে । শিল্পীসকলৰ এই আন্তৰিকতাই ‘লভ ইউ জুবিন দা’ ছবিখনক অধিক বিশেষ কৰি তুলিছে ।"
পৰাণ বন্দ্যোপাধ্যায়ৰ চৰিত্ৰ আৰু জুবিন গাৰ্গৰ প্ৰতি প্ৰেম
জ্যেষ্ঠ অভিনেতা পৰাণ বন্দ্যোপাধ্যায়ে এই ছবিখনত ‘জিনিয়া’ নামৰ চৰিত্ৰটোৰ ককাকৰ ভূমিকাত অভিনয় কৰিছে । তেওঁ বাস্তৱ জীৱনতো জুবিন গাৰ্গৰ গীত আৰু সংগীতৰ এগৰাকী ডাঙৰ অনুৰাগী । জুবিন গাৰ্গৰ প্ৰতি থকা গভীৰ মৰমৰ বাবেই তেওঁ ছবিখনৰ চিত্ৰনাট্য শুনাৰ আগতেই অভিনয় কৰিবলৈ মান্তি হৈছিল ।

অভিজিৎ গুহৰ চৰিত্ৰ আৰু জুবিন গাৰ্গৰ সৈতে সম্পৰ্ক
বাংলা চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি অভিজিৎ গুহকো এই ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব । অভিজিৎ গুহ হ’ল সেইগৰাকী ব্যক্তি, যিয়ে বাংলা চলচ্চিত্ৰত প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গক সংগীত পৰিচালক হিচাপে কাম কৰাৰ সুযোগ দিছিল । জুবিন গাৰ্গৰ সৈতে থকা তেওঁৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু আৱেগিক সম্পৰ্কৰ বাবেই তেওঁক এই ছবিখনৰ এটা গুৰুত্বপূৰ্ণ অংশ কৰা হৈছে । ছবিখনৰ পৰিচালকে জনোৱা মতে, এই পুৰণি সম্পৰ্ক আৰু আৱেগৰ বাবেই অভিজিৎ গুহৰ চৰিত্ৰটো ছবিখনত বিশেষভাৱে অন্তৰ্ভুক্ত কৰা হৈছে ।
গীতাৱলী ৰাজকুমাৰীৰ চৰিত্ৰ আৰু আন্তৰিকতা
অসমৰ জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়েও এই ছবিখনত এক গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে । এই ছবিখনত তেওঁ ‘জিনিয়া’ নামৰ চৰিত্ৰটোৰ মাতৃৰ ভূমিকাত অভিনয় কৰিছে । জুবিন গাৰ্গৰ প্ৰতি থকা ব্যক্তিগত শ্ৰদ্ধা আৰু মৰমৰ বাবেই তেওঁ ছবিখনৰ চিত্ৰনাট্য নোচোৱাকৈয়ে অভিনয় কৰিবলৈ সন্মত হৈছিল । ছবিখনৰ শ্বুটিঙত অংশগ্ৰহণ কৰিবলৈ তেওঁ বিশেষভাৱে অসমৰ পৰা কলকাতালৈ গৈছে । নিৰ্মাতাসকলৰ মতে, গীতাৱলী ৰাজকুমাৰীৰ এই আন্তৰিকতাই ছবিখনৰ আৱেগিক দিশটোক আৰু অধিক শক্তিশালী কৰি তুলিছে ।

এই ছবিখনৰ জৰিয়তে ছবি জগতলৈ নতুন অভিনেতা-অভিনেত্ৰীৰ আগমন ঘটিছে আৰু বৰ্তমান ইয়াৰ শ্বুটিং পূৰ্ণগতিত চলি আছে । এই ছবিখনৰ জৰিয়তে বৰ্ষা সেনগুপ্তই নায়িকা হিচাপে ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছে । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ইকবাল ৰহিমীয়ে ।
অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে পাৰ্থপ্ৰতিম গোস্বামী, ভায়োলিনা বৰদলৈ, সৌৰভ চট্টোপাধ্যায় আৰু মধুমিতা গুপ্তকে ধৰি কেইবাগৰাকীও শিল্পীয়ে । বৰ্তমান কলকাতা আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন স্থানত ছবিখনৰ শ্বুটিং চলি আছে । নিৰ্মাতাসকলৰ বিশ্বাস যে- সংগীত, আৱেগ, মানৱীয় সম্পৰ্ক আৰু অসম-বংগৰ সাংস্কৃতিক মিলনৰ এই কাহিনীয়ে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব । অতি শীঘ্ৰে ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰি এই বহু প্ৰত্যাশিত চলচ্চিত্ৰখন দৰ্শকৰ মাজলৈ এৰি দিব নিৰ্মাতাই ।
লগতে পঢ়ক : জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ! আহি আছে নতুন মিউজিকেল বাংলা ড্ৰামা ‘লভ ইউ জুবিন দা’

