ETV Bharat / entertainment

"জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব": বৰপেটা বঁটা গ্ৰহণ কৰি পবিত্ৰ ৰাভাৰ আৱেগিক মন্তব্য

পবিত্ৰ ৰাভালৈ ২০২৬ বৰ্ষৰ 'বৰপেটা বঁটা'; পহিলা ব’হাগৰ দিনাই সম্বৰ্ধনা বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ৷

বিশিষ্ট অভিনেতা তথা নাট্যকাৰ পবিত্ৰ ৰাভাক বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ‘বৰপেটা বঁটা’ প্ৰদান
পবিত্ৰ ৰাভালৈ ২০২৬ বৰ্ষৰ 'বৰপেটা বঁটা' (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 16, 2026 at 1:10 PM IST

2 Min Read
Choose ETV Bharat

বৰপেটা : বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পহিলা ব’হাগৰ দিনা বৰপেটা পৌৰসভাৰ খেলপথাৰত ৰঙালী বিহু উদযাপন কৰা হয় । এই বিহু সন্মিলনৰ লগতে সংগতি ৰাখি ছাত্ৰ সন্থাই আগবঢ়াই অহা সন্মানীয় ‘বৰপেটা বঁটা’ও প্ৰদান কৰা হয় ।

এই বৰ্ষত (২০২৬) ৰাজ্যৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা অভিনেতা পবিত্ৰ ৰাভাক এই ‘বৰপেটা বঁটা’ প্ৰদান কৰা হয় । তেওঁৰ সাংস্কৃতিক অৱদানৰ বাবে ৰাজহুৱাকৈ তেওঁক এই সন্মানেৰে বিভূষিত কৰা হয় ।

পবিত্ৰ ৰাভাৰ আৱেগিক মন্তব্য (Photo : ETV Bharat Assam)

পবিত্ৰ ৰাভাক ‘বৰপেটা বঁটা’ প্ৰদান

পৰম্পৰা অনুসৰি এইবাৰো পহিলা ব’হাগৰ দিনা বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই সন্মানীয় ‘বৰপেটা বঁটা’ প্ৰদান কৰে । সমাজলৈ নতুন চিন্তা আৰু সৃষ্টিৰাজিৰে দিশ দৰ্শন কৰোৱা বিশিষ্ট অভিনেতা, নাট্যকাৰ তথা পৰিচালক পবিত্ৰ ৰাভাক এই বৰ্ষৰ বঁটাটি প্ৰদান কৰা হয় । বঁটাৰ লগত পবিত্ৰ ৰাভাক আগবঢ়োৱা হয় এখন ফুলাম গামোচা, এখন চেলেং চাদৰ, এটি জাপি, শৰাই আৰু নগদ ১০,০০০ (দহ হাজাৰ) টকা ৷

Barpeta Regional Students' Association awarded actor Pabitra Rabha withBarpeta Award
বৰপেটা বঁটা গ্ৰহণ পবিত্ৰ ৰাভাৰ (Photo : ETV Bharat Assam)

এই সন্মান গ্ৰহণ কৰি পবিত্ৰ ৰাভাই সংবাদ মাধ্যমৰ জৰিয়তে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা আৰু সমগ্ৰ বৰপেটাবাসীক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে ।

জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব

বঁটা গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত পবিত্ৰ ৰাভাই অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ কয়, "অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ নোহোৱা হৈছে বুলি ক’ব নোৱাৰি । আমি সকলোৱে জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব । জুবিন সদায় থাকিব, তেওঁ কেতিয়াও নোহোৱা নহয় ।"

Barpeta Regional Students' Association awarded actor Pabitra Rabha withBarpeta Award
বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বাৰা পবিত্ৰ ৰাভাক 'বৰপেটা বঁটা ২০২৬' প্ৰদান (Photo : ETV Bharat Assam)

নিজৰ ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি অভিনেতা তথা নাট্যকাৰগৰাকীয়ে কয় যে সমাজৰ বাবে এতিয়াও বহুত কাম কৰিবলৈ বাকী আছে আৰু জীৱনৰ বাকী সময়ছোৱাত তেওঁ একনিষ্ঠভাৱে কাম কৰি যাব ।

বঁটাৰ নেপথ্য আৰু সাংস্কৃতিক অনুষ্ঠান

উল্লেখ্য যে, ২০১৩ চনৰ পৰাই বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক এই ‘বৰপেটা বঁটা’ প্ৰদান কৰি আহিছে । এইবেলিও পবিত্ৰ ৰাভাক গামোচা, চেলেং চাদৰ, জাপি, শৰাই আৰু নগদ ১০,০০০ টকাৰে সন্মানিত কৰা হয় । বঁটা বিতৰণী সভাৰ পাছত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত অসমৰ কেইবাগৰাকীও বিশিষ্ট কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে ।

লগতে পঢ়ক : নাই কলিজাৰ শিল্পী, নাই ব'হাগত প্ৰাণ... এই ব'হাগ যেন সেমেকা চকুৰ ব'হাগ !