হায়দৰাবাদৰ মঞ্চত প্ৰ'টাগনিষ্ট বাহাৰুল ইছলাম: ভিৰৰ মাজতো কিয় অকলশৰীয়া হয় বহুজন !
ভাৰতৰ সম্ভ্ৰান্ত আৰু আগশাৰীৰ নাট্য মহোৎসৱ কাদিৰ আলী বেইগ থিয়েটাৰ ফেষ্টিভেলত বাহাৰুল ইছলামৰ নাটক ‘উঁচাই' ৷ শীতৰ সন্ধ্যাৰ আমেজ ল’লে নাট্যপ্ৰেমী ৰাইজে ৷

By ETV Bharat Entertainment Team
Published : November 17, 2025 at 4:38 PM IST
হায়দৰাবাদ : বাহাৰুল ইছলাম মানেই নাটক... ! বাহাৰুল ইছলাম মানেই অভিনয়... ! দেশৰ ভিন ভিন প্ৰান্তৰ 25 খন মঞ্চত ইতিমধ্যে দৰ্শকৰ বিপুল সমাদৰৰ মাজত বাহাৰুল ইছলামে মঞ্চস্থ কৰি আহিছে এখন বিখ্যাত নাটক 'উঁচাই' ৷ এইবাৰ 'উঁচাই' মঞ্চস্থ হ'ল হায়দৰাবাদত ৷ 16 নৱেম্বৰ অৰ্থাৎ দেওবাৰৰ সন্ধিয়া হায়দৰাবাদত দৰ্শকে উপভোগ কৰিলে নাটকখন ৷
'উঁচাই' হৈছে বিংশ শতিকাৰ প্ৰখ্যাত ফৰাচী দাৰ্শনিক, নাট্যকাৰ, লেখক জা পল ছাত্ৰেৰ বিখ্যাত সৃষ্টি Erostratus ৰ হিন্দী ৰূপ ৷ ইমান সাৱলীলভাৱে ইয়াক বাহাৰুল ইছলামে হিন্দী ৰূপান্তৰ কৰিছে যে নাটকখন উপভোগ নকৰাসকলে অনুভৱ কৰিব নোৱাৰিব ৷
'উঁচাই'ক আচলতে এখন নাটক বুলি কোৱাতকৈ চৌদিশৰ সমাজখনৰ মানুহে ঘেৰি ৰখাৰ পিছতো কোনোবাজন কেনেকৈ অকলশৰীয়া হৈ পৰে, তেতিয়া কেনেকুৱা হৈ পৰে তেওঁৰ মনস্তত্ত্ব সেই বিষয়ে দৰ্শকৰ সৈতে এজন অভিনেতাৰ পোনপটীয়া আলাপ বুলিও ক'ব পাৰি ৷ সেই অকলশৰীয়া হৈ পৰা বাহাৰুল ইছলামজন হয়তো আপুনিও হ'ব পাৰে ৷


75 মিনিটৰ এই নাটকখনৰ মূল চৰিত্ৰটোৱেই বাহাৰুল ইছলামে ৰূপায়ণ কৰিছে ৷ অৱশ্যে কাহিনীভাগ সাৱলীলভাৱে আগুৱাই নিবলৈ দুই এটা চৰিত্ৰৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু সেই চৰিত্ৰসমূহো অতি সুন্দৰভাৱে দৰ্শকৰ চকুৰ আগত জীৱন্ত কৰি তুলিছে নিৰ্মালী শৰ্মা, আফতাব হুছেইন আৰু প্ৰশান্ত কলিতাই ৷


নাটখনৰ সংগীতৰ কামখিনি কৰিছে গৌৰাংগ নাৰায়ণ দেৱে ৷ আনহাতে বাহাৰুলপত্নী, সু-অভিনেত্ৰী ভাগিৰথী বাই কদমে নাটকখনৰ পোহৰসজ্জা আৰু সাজসজ্জাৰ দিশটো সুন্দৰকৈ চম্ভালিছে ৷ দেওবাৰে শীতৰ সন্ধিয়াটোত হায়দৰাবাদৰ শিল্পাৰমমৰ এম্পিথিয়েটাৰৰ মঞ্চত নাটখন উপভোগ কৰি অভিভূত হৈ পৰে দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শক ৷


14 নৱেম্বৰৰ পৰা হায়দৰাবাদত আৰম্ভ হৈছে ভাৰতৰ এখন সম্ভ্ৰান্ত আৰু আগশাৰীৰ নাট্য মহোৎসৱ কাদিৰ আলী বেইগ থিয়েটাৰ ফেষ্টিভেল ৷ এইবাৰ এই নাট্য মহোৎসৱৰ বিংশতম বৰ্ষ ৷ 30 নৱেম্বৰলৈকে চলি থাকিব এই মহোৎসৱ ৷ এই মহোৎসৱৰে তৃতীয় সন্ধ্যা গুৱাহাটীৰ 'ছিগাল'ৰ বেনাৰত মঞ্চস্থ কৰা হয় 'উঁচাই' ৷
লগতে পঢ়ক : ভাৰতীয় পেনোৰামাৰ বিশেষ পেকেজৰ অধীনত গোৱাত প্ৰদৰ্শন হ'ব 'ভূপেন দা আনকাট’

