ETV Bharat / entertainment

মণিপুৰী চিনেমা ‘বুং’ৰ সফলতা, বাফটা 2026ত জিলিকিল ফাৰহান আখটাৰ প্ৰযোজিত বুং

ফাৰহান আখটাৰ আৰু ৰিতেশ সিধৱানী প্ৰযোজিত ‘বুং’, বাফটাত শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক চলচ্চিত্ৰ শাখাত বিজয়ী হোৱা প্ৰথমখন ভাৰতীয় ভাষাৰ ছবি ।

bafta awards 2026 Lakshmipriya Devi directorial manipuri film boong wins in-best-childrens-and-family-film-category
বুং টীম (Photo : Getty Images)
author img

By ETV Bharat Entertainment Team

Published : February 23, 2026 at 11:30 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : এইবাৰৰ সন্মানীয় বাফটা বঁটাত জিলিকি উঠিছে ভাৰত । মণিপুৰী ভাষাৰ প্ৰথম ফিচাৰ ফিল্ম বুঙে শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক চলচ্চিত্ৰ শাখাত বঁটা লাভ কৰে । এইবাৰ বাফটাত বুং আছিল ভাৰতৰ পৰা মনোনীত একমাত্ৰ ছবি । এই ঘোষণা বাফটাৰ অফিচিয়েল পেজৰ দ্বাৰা কৰা হৈছে ।

লক্ষ্মীপ্ৰিয়া দেৱীৰ পৰিচালনা আৰু বিকাশ ভুটানী, এলান মেকএলেক্স, ৰিতেশ সিধৱানী আৰু শুজাত সৌদাগৰৰ সৈতে ফাৰহান আখটাৰে প্ৰযোজনা কৰা এই ছবিখনত অভিনয় কৰিছে গুগুন কিপগেন আৰু বালা হিজামে । বঁটা সংগ্ৰহৰ অনুষ্ঠানত ফাৰহান আখটাৰ উপস্থিত থাকে । বুঙে আৰ্কো, লিলো এণ্ড ষ্টিচ আৰু জুট'পিয়া ২ৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ।

‘বুং’ৰ বিষয়ে

বুং ২০২৪ চনৰ টৰণ্ট’ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত ডিস্কভাৰী বিভাগত প্ৰথমে প্ৰদৰ্শিত হৈছিল আৰু তাৰ পাছত বিশ্বৰ বহুতো ফেষ্টিভেলত প্ৰদৰ্শিত হয়, যাৰ ভিতৰত আছে ৱাৰ্ছ’ছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ২০২৪, এম এ এম আই মুম্বাই ফিল্ম ফেষ্টিভেল ২০২৪, ভাৰতৰ ৫৫সংখ্যক ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল আৰু মেলবৰ্ণৰ ভাৰতীয় ফিল্ম ফেষ্টিভেল ২০২৫ ।

bafta awards 2026 Lakshmipriya Devi directorial manipuri film boong wins in-best-childrens-and-family-film-category
লক্ষ্মীপ্ৰিয়া দেৱীৰ ইনষ্টা ষ্ট’ৰী (Photo : Lakshmipriya Devi Instagram)

এই চলচ্চিত্ৰখনে মনিপুৰ ভেলীৰ বুং নামৰ ল’ৰাটোৰ কাহিনী অনুসৰণ কৰে, যিয়ে নিজৰ মাতৃক উপহাৰ দি আচৰিত কৰি তোলাৰ পৰিকল্পনা কৰে । তেওঁ সহজভাৱেই বিশ্বাস কৰে যে তেওঁৰ পিতৃক ঘৰলৈ উভতাই আনিব পৰাটোৱেই তেওঁৰ মাতৃৰ বাবে বিশেষ উপহাৰ হ’ব । তেওঁৰ পিতৃক বিচাৰি যোৱাৰ এই যাত্ৰাই এক অপ্রত্যাশিত কাহিনীৰ উন্মেষ ঘটাই – এক নতুন আৰম্ভণি ।

উল্লেখ্য যে, দেওবাৰে লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত অনুষ্ঠিত হয় ৭৯ সংখ্যক ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ড । অনুষ্ঠানত অভিনেতা তথা প্ৰযোজক আলিয়া ভাটে বঁটা প্ৰদান কৰে ।

লগতে পঢ়ক :

ৰীমা দাসৰ 'নট এ হিৰো'লৈ বাৰ্লিন ২০২৬ৰ সন্মানীয় ক্রিষ্টেল বিয়েৰ স্পেচিয়েল মেনশ্যন সন্মান