ETV Bharat / entertainment

বিয়াৰ মাত্ৰ ৫ মাহৰ পিছতে ভাঙিল গায়ক বাদশ্বাহৰ সংসাৰ! ঈশা ৰিখিৰ সৈতে ল’লে বিচ্ছেদৰ সিদ্ধান্ত

বাদশ্বাহ আৰু ঈশা ৰিখিয়ে পাঁচ মাহৰ পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলিছিল ৷ সোমবাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে দুয়োৱে এই বৈবাহিক সম্পৰ্ক ওৰ পেলোৱাৰ কথা ঘোষণা কৰে ৷

Rapper Badshah and Actress Isha Rikhi Announce Separation
বাদশ্বাহ আৰু ঈশা ৰিখিৰ বিবাহ বিচ্ছেদ (Photo: ANI/ IANS)
author img

By ETV Bharat Entertainment Team

Published : September 1, 2026 at 10:06 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : জনপ্ৰিয় ৰেপ্পাৰ বাদশ্বাহ আৰু পঞ্জাবী অভিনেত্ৰী ঈশা ৰিখিৰ বিয়া বুলি যেতিয়া খবৰটো বিয়পি পৰিছিল, বহুতৰে মনত প্ৰশ্ন উদয় হৈছিল যে সঁচা নে মিছা ? কিয়নো বাদশ্বাহে নিজাববীয়াকৈ একো খবৰ সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰা নাছিল ৷ অভিনেত্ৰীগৰাকীৰ মাতৃ পুনম ৰিখিয়েহে কিছুমান প’ষ্ট আপলোড কৰি এই খবৰৰ সত্যতা প্ৰমাণ কৰিছিল ৷

এই বিয়াখন অতি গোপনে অনুষ্ঠিত হৈছিল ৷ বাদশ্বাহৰ অনুৰাগীসকলে উৎসুকতা প্ৰকাশ কৰিছিল যে, এগৰাকী জনপ্ৰিয় গায়কে কোনো আনুষ্ঠানিক ঘোষণা নকৰাকৈ কেনেকৈ ইমান গোপনে বিয়া এখন সম্পন্ন কৰিলে! কিন্তু এতিয়া বিচ্ছেদৰ খবৰটো বাদশ্বাহে ঈশা ৰিখিৰ সৈতে একেটা সময়তে শ্বেয়াৰ কৰিছে ৷

Rapper Badshah and Actress Isha Rikhi Announce Separation
ছ’চিয়েল মিডিয়াত যুটীয়াভাৱে ঘোষণা কৰিলে দুয়োৱে (Photo: Instagram)

বাদশ্বাহে লিখিছে, "মই আৰু ঈশা ৰিখিয়ে পাৰস্পৰিক সন্মতিৰে ইজনে সিজনৰ পৰা আঁতৰি অহাৰ আৰু নিজৰ নিজৰ পথত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছোঁ । এই সিদ্ধান্ত আমি দুয়োৰে মাজত থকা পাৰস্পৰিক সন্মানৰ আধাৰত লোৱা হৈছে । এই কঠিন সময়ছোৱাত আমি সকলোকে আমাৰ ব্যক্তিগত গোপনীয়তাক সন্মান জনাবলৈ অনুৰোধ জনাইছোঁ ।"

তেওঁ লগতে লিখিছে, "এই বিষয়ত আমাৰ ফালৰ পৰা কেৱল এইটোৱেই একমাত্ৰ মন্তব্য । আমাৰ সম্পৰ্কক লৈ ভৱিষ্যতে যাতে কোনেও কোনো ধৰণৰ উৰাবাতৰি প্ৰচাৰ নকৰে, তাৰ বাবে আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ ।"

Rapper Badshah and Actress Isha Rikhi Announce Separation
বিবাহপাশত আৱদ্ধ হোৱাৰ ৫ মাহৰ পিছতে পৃথক হ’ল বাদশ্বাহ-ঈশা (Photo: Instagram)

তেওঁলোকৰ বিচ্ছেদৰ এই ঘোষণাটো এনে এক সময়ত আহিছে, যেতিয়া চৰ্চা চলিছে যে ছলমান খানে আঁত ধৰিবলগীয়া ‘বিগ বছ ২০’ ৰিয়েলিটী শ্ব’টোত ঈশা ৰিখিয়ে এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিব পাৰে ।

উল্লেখ্য যে, প্ৰায় চাৰি বছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত, ২০২৬ চনৰ মাৰ্চ মাহত এক ঘৰুৱা অনুষ্ঠানৰ জৰিয়তে বাদশ্বাহ আৰু ঈশা ৰিখি বিবাহপাশত আৱদ্ধ হৈছিল । এই বিয়াখন অতি গোপনীয়কৈ ৰখা হৈছিল, কিন্তু পিছলৈ ঈশাৰ মাতৃ পুনম ৰিখিয়ে ছ’চিয়েল মিডিয়াত বিয়াৰ ফটোসমূহ শ্বেয়াৰ কৰে । ফটোত তেওঁলোকক পৰম্পৰাগত সাজ-পোছাকত বিয়াৰ নীতি-নিয়ম পালন কৰা দেখা গৈছিল ।

ঈশা ৰিখি পঞ্জাবী ছবিজগতৰ এগৰাকী পৰিচিত অভিনেত্ৰী । তেওঁ ‘জাট বয়জ পুট জাতান দে’, ‘অৰ্দাস’ আৰু ‘হেপ্পী গো লাকী’ আদি পঞ্জাবী ছবিৰ লগতে ‘নৱাবজাদে’ নামৰ ছবিখনৰ জৰিয়তে বলীউডতো আত্মপ্ৰকাশ কৰিছিল । ২০২০ চনত প্ৰথম পত্নী জেছমিনৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত এইখন বাদশ্বাহৰ দ্বিতীয় বিবাহ আছিল । কিন্তু তেওঁলোকৰ এই সংসাৰো বেছিদিন নিটিকিল; বিয়াৰ মাত্ৰ পাঁচ মাহৰ পিছতে, ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত বাদশ্বাহ আৰু ঈশাই পাৰস্পৰিক সন্মতিৰে ইজনে সিজনৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক : বিবাহ বিচ্ছেদৰ ৬ বছৰৰ পাছত পুনৰ দৰাৰ সাজত বাদশ্বাহ ! কাক জীৱন সংগী কৰিলে গায়কগৰাকীয়ে ?