ETV Bharat / entertainment

'ককাদেউতা নাতি আৰু হাতী ২' উপভোগ কৰি কি ক'লে দৰ্শকে ?

৮০ৰ দশকৰ এখন বিখ্যাত ছবি পুনৰ এবাৰ ৰূপালী পৰ্দাত । আশা কৰা অনুসৰি লাভ কৰিছেনে দৰ্শকৰ সঁহাৰি ?

Audience review while enjoying the movie 'Kakadeuta Nati aru Hati 2'
'ককাদেউতা নাতি আৰু হাতী ২' উপভোগ কৰি কি ক'লে দৰ্শকে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2026 at 7:26 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: ৩ জুলাইত মুক্তিলাভ কৰিছে 'ককাদেউতা নাতি আৰু হাতী ২' এ । ৪৩ টা বসন্তৰ পাছত পুনৰ এবাৰ ৰূপালী পৰ্দাত দৰ্শকৰ ওচৰত 'ককাদেউতা নাতি আৰু হাতী'ৰ চিকুৱেল 'ককাদেউতা নাতি আৰু হাতী ২' । প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ প্ৰযোজনা ৰিণিকি ভূঞা শৰ্মাৰ । ছবিখনৰ পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই ।

ছবিখন উপভোগ কৰি দৰ্শকে কলে, "খুব লাভ লগিছে, সকলোৱে উপভোগ কৰিব লাগে । জুবিন গাৰ্গে অসমীয়া ছবি চাবলৈ কৈছিল, সেয়ে আমিও অসমীয়া ছবি চাবলৈ আহিছোঁ ।"

'ককাদেউতা নাতি আৰু হাতী ২' উপভোগ কৰি কি ক'লে দৰ্শকে ? (ETV Bharat Assam)

'ককাদেউতা নাতি আৰু হাতী' আৰু 'ককাদেউতা নাতি আৰু হাতী ২' সন্দৰ্ভত আন এগৰাকী দর্শকে কলে,"ছবিখন চাই ভাল লাগিল । কিন্তু আগৰ 'ককাদেউতা নাতি আৰু হাতী'ৰ কাহিনী বেছি ভাল লাগিছিল, নিপ বৰুৱা পৰিচালনা অন্য ধৰণৰ আছিল ।"

ইফালে আন এগৰাকী দর্শকে কয়,"'ককাদেউতা নাতি আৰু হাতী'খন আগতে চাইছিলোঁ এতিয়া 'ককাদেউতা নাতি আৰু হাতী ২' খন চালোঁ । আগতকৈ এইখন বেছি ভাল লাগিছে । গোটেই কেইজনৰে অভিনয় ভাল হৈছে । দুয়োখনৰে কাহিনীটো বেলেগ বেলেগ । ভাল লাগিছে ছবিখন ।"

আনহাতে ৩ জুলাইত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি পোৱা ছবিখনে লাভ কৰা নাই আশা কৰা ধৰণে দর্শকৰ সঁহাৰি । ১৯৮৩ চনত মুক্তিলাভ কৰা এখন জনপ্ৰিয় ছবিৰ চিকুৱেল হিচাবে এই ছবিখনে লাভ কৰিছে সীমিত সংখ্যাক দর্শক । বিশেষকৈ গুৱাহাটী মহানগৰীৰ প্ৰায় কেইটা ছবিগৃহতে ছবিখনেনাই আশা অনুযায়ী দৰ্শক লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

উল্লেখ্য যে, এই ছবিখনত অভিনয় কৰিছে যতীন বৰা, প্ৰাঞ্জল শইকীয়া, পংকজ মহন্ত, প্ৰীতি কংকনা, প্ৰস্তুতি পৰাশৰ, তপন দাস, উৎপল দাস , আদিল হুছেইন আদিকে ধৰি কেইবাগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । যোৰহাট, তিতাবৰ, গুৱাহাটী, নগাঁও, কলিয়াবৰ লগতে লাডাখতো ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে ।

ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে । ছবিখনত কণ্ঠদান কৰিছে তৰালী শৰ্মা, জয় বৰুৱা, দ্বীপেন বৰুৱাই । ছবিখনৰ মুখ্যসহকাৰী পৰিচালক হিচাপে আছে মুম্বাইৰ অৰুণ বিশ্বকৰ্মা । আনহাতে সহকাৰী পৰিচালক হিচাপে আছে জিতুল ৰাজবংশী, আকাশ ভৰদ্বাজ, দেৱশীষ কলিতা, আৰু নিলোৎপল ৰাজবংশী ।

লগতে পঢ়ক: ৩ লাখ হেক্টৰৰো অধিক বনভূমি বেদখলকাৰীৰ কৱলত: বিধানসভাত বনমন্ত্ৰী

গুৱাহাটী ব্ৰিকছ সন্মিলন: ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ ‘গুৱাহাটী ঘোষণা-পত্ৰ’ গ্ৰহণ