ETV Bharat / entertainment

কলকাতাতো একেই আবেগৰ ঢল, ৰৈ ৰৈ বিনালে উপভোগ কৰিলে শতাধিক লোকে

কলকাতাতো জুবিন গাৰ্গ অভিনীত ছবিখন উপভোগ কৰিবলৈ ছবিগৃহত উৎসাহী দৰ্শকৰ ভিৰ দেখা যায় ।

ROI ROI BINALE
কলকাতাৰ ছবিগৃহত দৰ্শকৰ ভিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : November 3, 2025 at 6:51 PM IST

4 Min Read
Choose ETV Bharat

কলকাতা: অসমৰ লগতে বহিঃৰাজ্যতো বৰ্তমান চলিছে জুবিন বন্দনা, চলিছে অসমীয়া ছবিৰ জয়জয়কাৰ ৷ বিগত ৩১ অক্টোবৰত জুবিন গাৰ্গ অভিনীত অন্তিমখন অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’ মুক্তি লাভ কৰে ৷

প্ৰয়াত শিল্পীগৰাকীয়ে ছবিখন যিটো তাৰিখত মুক্তি পোৱাটো বিচাৰিছিল, সেই তাৰিখতে তেওঁৰ ইচ্ছামতে ছবিখনে মুক্তি পায় । কলকাতাতো জুবিন গাৰ্গ অভিনীত ছবিখন উপভোগ কৰিবলৈ ছবিগৃহত উৎসাহী দৰ্শকৰ ভিৰ দেখা যায় ।

ৰৈ ৰৈ বিনালে যুদ্ধোত্তৰ অসমৰ আধাৰত নিৰ্মিত এখন পূৰ্ণদৈৰ্ঘ ছবি । সংগীতৰ পটভূমিত কাহিনীটো ৰচনা কৰা হৈছে । ছবিখনত পৰিৱৰ্তিত সমাজত প্ৰেম, পৰিচয়, শিল্পৰ উদ্দেশ্য বিচাৰি ফুৰা এদল শিল্পীৰ কাহিনী বৰ্ণিত হৈছে । ৰাজেশ ভূঞা আৰু জুবিন গাৰ্গৰ যুটীয়া পৰিচালনাৰে ছবিখন নিৰ্মাণ কৰা হৈছে ।

জুবিন গাৰ্গ আৰু ৰাহুল গৌতম শৰ্মাই ৰচনা কৰিছে ছবিখনৰ চিত্ৰনাট্য ৷ জুবিন গাৰ্গে নিজেও ছবিখনত ভিক্টৰ বেনাৰ্জী আৰু ৰাহুল গৌতম শৰ্মাৰ সৈতে অভিনয় কৰিছে । ছবিখনত জুবিন গাৰ্গে এজন দৃষ্টিহীন শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে । জুবিনে ছবিখনৰ সংগীতো ৰচনা কৰিছে । এই ছবিখন জুবিন গাৰ্গৰ জীৱনৰ অন্তিমখন ছবি ৷

ROI ROI BINALE
ৰৈ ৰৈ বিনালে উপভোগ কৰিলে শতাধিক লোকে (ETV Bharat)

শিল্পীগৰাকীৰ মৃত্যুৰ পূৰ্বে ছবিখনৰ মাত্ৰ কেইটামান দৃশ্যৰহে শ্বুটিং আধৰুৱা আছিল ৷ যাৰ বাবে পূৰ্বে নিৰ্ধাৰিত সময়তে ছবিখনে মুক্তি লাভ কৰাটো নিশ্চিত হৈ পৰিছিল ৷ সেয়ে ৩১ অক্টোবৰতে মুক্তি লাভ কৰে ‘ৰৈ ৰৈ বিনালে’ ই ৷ এই ছবিখনত মুঠ ১১ টা গীত আছে ।

ছবিখনক কেন্দ্ৰ কৰি উত্তেজনা বৃদ্ধি পাইছে কলকাতাত ৷ অসমীয়া লোকসকলে ভিৰ কৰিছেহি ছবিগৃহত ৷ অসমীয়াসকলৰ লগতে বঙালী দৰ্শকেও ছবিগৃহত উপস্থিত হৈ ৰৈ ৰৈ বিনালে উপভোগ কৰে ৷ জুবিনৰ প্ৰতি প্ৰতিগৰাকী লোকৰে অনুভৱ আৰু আবেগ অন্তহীন ৷ বিশেষকৈ ছবিখন উপভোগ কৰা অসমীয়া লোকসকলে ধৰি ৰাখিব নোৱাৰিলে নিজৰ চকুলো ৷

এজন অসমীয়া দৰ্শকে কয়, ‘‘তেওঁৰ মৃত্যু গ্ৰহণযোগ্য নহয় । তেওঁৰ জীৱনত ইমান আশা আছিল । আমি বিচাৰো যে তেওঁৰ বন্ধুসকলে সেইটো পূৰণ কৰক । জুবিনে আমাক ইমানখিনি শিকাইছিল । তেওঁৰ মৃত্যুৰ পিছত আমি আৰু অধিক শিকিছো । তেওঁৰ লগত আমাৰ আত্মিক সম্পৰ্ক আছে । তেওঁ প্ৰচাৰ নোহোৱাকৈ ৰাইজৰ বাবে কাম কৰিছিল । কোনো ৰাজনৈতিক নেতাই তেনেকুৱা কৰিব নোৱাৰে । জুবিন আছিল এজন মহান আত্মা থকা মানুহ । আমাৰ দেশৰ ট্ৰেজেডীটো হ’ল জীয়াই থকাৰ সময়ত কোনেও পাবলগীয়া গুৰুত্ব নাপায় । মুম্বাইবাসীৰ দৰে হ’ব নোৱাৰিলে বাবেই তেওঁ অসমলৈ উভতি আহিছিল ৷ অৱশ্যে বহুতে উপলব্ধি কৰাতকৈ জুবিন আছিল বহু বেছি প্ৰতিভাশালী । এতিয়া তেওঁৰ প্ৰতিভা আৰু অধিক চৰ্চালৈ আহিছে ।’’

এজন দৰ্শকে কয়, ‘‘অসমৰ সন্তান হোৱাৰ পিছতো জুবিনে বহু বাংলা গীত গাইছিল । আগতে তেওঁ নিজকে আধা বঙালী বুলিয়ে কৈছিল । জুবিনে বহু দুখীয়া মানুহক সহায় কৰিছিল । কিন্তু তেওঁৰ অনুদানৰ কথা কাকো কোৱা নাছিল । এনে এজন ব্যক্তিৰ এনেকৈ মৃত্যু হ'ব পাৰে মই কল্পনাও কৰিব নোৱাৰো ।’’

এজন বঙালী মানুহ জুবিনৰ অসমীয়া গীতৰ ডাঙৰ অনুৰাগী । তেখেতৰ ভাষাত ‘‘জুবিনৰ গীতৰ সুৰবোৰ অসমীয়াত আন ভাষাতকৈ বেছি ভাল লাগে । সকলো বুজি নাপাওঁ । সুৰৰ বাবে শুনো ।’’

ই টিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত জুবিনৰ সহশিল্পী সংহতি দাসে কয়, ‘‘জুবিনৰ লগত মোৰ কথাৰ আদান-প্ৰদান হোৱাৰ কাহিনীটো চিনেমাৰ দৰে, দহ বছৰে হ'ল । দহ বছৰ ধৰি বংগ আৰু কলকাতাত জুবিনৰ লগত শ্ব' কৰিছো । মোৰ বাবে তেওঁ এজন ভগৱানৰ দৰে । এই ছবিখনৰ কাম কৰি তেওঁ সপোন সঁচা কৰি তুলিলে । তেওঁ এজন অন্ধ শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছে । আনকি চৰিত্ৰটোত একাত্ম হ’বলৈ ইচ্ছাকৃতভাৱে মঞ্চত পৰি থকাও দেখিছিলো । তেওঁ আছিল অতি নিষ্ঠাবান । আমি ছবিখন চাম আৰু জুবিন ইয়াত নাথাকিব বুলি মই কল্পনাও কৰিব নোৱাৰো ।’’

লগতে পঢ়ক: প্ৰথম দিনাই ২.৫ কোটি টকা উপাৰ্জনেৰে 'ৰৈ ৰৈ বিনালে'ৰ অভিলেখ