ETV Bharat / entertainment

আকৌ আহিল চুমী বৰা, কঁকাল ভাঙিব বিপিন চাউদাঙৰ নতুন গীতত

বছৰৰ অন্তিমটো দিনত মুক্তি লাভ বিপিন চাউদাঙৰ নতুন বিহুগীত । জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মুক্তি দিয়া গীতটোত অভিনয় কৰিছে বিতৰ্কিত অভিনেত্ৰী চুমী বৰাই ।

bipin chawdang new Song
বিপিন চাউদাঙৰ নতুন গীত 'নাহৰ ঐ' (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 1, 2026 at 3:17 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : দীৰ্ঘদিনৰ বিৰতিৰ অন্তত পুনৰ অভিনয়ৰ মঞ্চত দেখা যাব বিতৰ্কিত অভিনেত্ৰী তথা কৰিঅ'গ্ৰাফাৰ চুমী বৰা । ৰাজ্য জোকাৰি যোৱা অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ গোচৰত প্ৰায় ৮ মাহ কাৰাগাৰত থকা চুমী বৰাক পুনৰ দেখা যাব ৰূপালী পৰ্দাত ।

২০২৫ চনৰ মে' মাহত কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত অনুষ্ঠান বা অভিনয়ৰ পৰা চুমী বৰা প্ৰায় অন্তৰ্ধান হৈ আছিল । কিন্তু বছৰৰ অন্তিমটো দিনত বিপিন চাউদাঙে মুকলি কৰা 'নাহৰ ঐ' শীৰ্ষক বিহু গীতটিত অভিনয় কৰিছে চুমী বৰাই ।

বিপিন চাউদাঙৰ নতুন গীতত অভিনয় চুমী বৰাৰ (ETV Bharat)

উল্লেখ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অসমৰ কণ্ঠশিল্পী বিপিন চাউদাঙে ২০২৫ৰ অন্তিম নিশা অৰ্থাৎ ৩১ ডিচেম্বৰত মৰাণৰ বাসগৃহত উন্মোচন কৰিলে এটি নতুন গীত । জুবিন গাৰ্গৰ জনপ্ৰিয় বিহুগীত 'নাহৰ'ৰ সৈতে সামঞ্জস্য ৰাখি বিপিন চাউদাঙে মুক্তি দিলে নতুন বিহুগীত 'নাহৰ ঐ' ৷

গীতটোৰ কথা আৰু সুৰ বিপিন চাউদাঙৰ ৷ বিপিন চাউদাঙৰ লগতে গীতটিত কণ্ঠদান কৰিছে প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপে ৷ মূলত ঢোল-তালৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বিহুগীতটি ৰাইজে আদৰি ল'ব বুলি আশাবাদী শিল্পীগৰাকী ৷

গীতটো মুক্তি দি বিপিন চাউদাঙে কয়, "ঢোল-তালৰ সহায়ত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এই গীতটো কৰিছো । জুবিন গাৰ্গে নাহৰৰ কথা কৈছিল সেয়ে মই কেছেটটোৰ নাম 'নাহৰ ঐ' দিছো ।’’

bipin chawdang new Song
বিপিন চাউদাঙৰ নতুন গীত মুকলি (ETV Bharat)

কাজিৰঙাৰ মহিলা বনকৰ্মীক লৈও আহি আছে নতুন গীত :

তদুপৰি দুই-এদিনৰ পাছতে বিপিন চাউদাঙে মুক্তি দিব কাজিৰঙাৰ মহিলা বনকৰ্মীসকলক লৈ লিখা আন এটি বিহুগীত 'কাজিৰঙা বননি' ৷ এই সম্পৰ্কে তেওঁ কয়, "কাজিৰঙাৰ মাজেদি সদায় অহা যোৱা কৰি থাকোতেই দেখো কেইগৰাকীমান ৰূপহীয়ে বন্দুক লৈ কাজিৰঙা ৰক্ষা কৰি থাকে । সেই দৃশ্য দেখিয়ে এটা গীত লিখিছিলো ।‌"

bipin chawdang new Song
বিপিন চাউদাঙৰ নতুন গীত 'নাহৰ ঐ' (ETV Bharat)

ন্যায়ালয়ৰ ওপৰত আস্থা আছে, জুবিনে ন্যায় পাব :

জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া লেহেমীয়া হ'লেও ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখি ন্যায়ৰ বাবে আশা কৰি আছো বুলি মন্তব্য কৰে বিপিন চাউদাঙে ৷ সকলোৰে বুকুত এতিয়া ক্ষোভৰ একুৰা জুই জ্বলি আছে বুলি মন্তব্য কৰি চাউদাঙে কয়, "মাজে মাজে এই ক্ষোভৰ উদ্গীৰণ হ'ব খোজে ৷ তথাপিও ন্যায়ালয়ৰ ওপৰত আশা আছে জুবিনে ন্যায় পাব ৷"

লগতে পঢ়ক :বছৰৰ অন্তিম দিনত প্ৰাণৰ শিল্পীজনক মনৰ কথা ক'লে হাজাৰ হাজাৰ অনুৰাগীয়ে