জুবিন গাৰ্গৰ গানত কোৰিয়ান বাছ চালকৰ নৃত্যই জিনিলে লাখ লাখ অসমীয়াৰ হৃদয়
হিয়াৰ আমঠু জুবিন সংগীতে দেশৰ সীমা অতিক্ৰম কৰি নচুৱাইছে বিদেশীক! জুবিন গাৰ্গৰ ‘চকুলে চাই’ গীতত কোৰিয়ান বাছ চালকৰ নৃত্যই ইন্টাৰনেটত খলকনি তুলিছে ৷

By ETV Bharat Entertainment Team
Published : August 25, 2026 at 6:08 PM IST
হায়দৰাবাদ : অসমীয়া সংগীতৰ জনপ্ৰিয়তা এতিয়া কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই, এয়া এতিয়া দেশ-বিদেশৰ চৰ্চা ৷ অসমীয়া সংগীত জগতৰ হীৰা জুবিন গাৰ্গৰ সংগীতে অসমীয়াৰ লগতে প্ৰতিনিয়ত বিশ্ববাসীক মোহিত কৰি ৰাখিছে ৷
কোৰিয়াৰ জনপ্ৰিয় কণ্টেণ্ট ক্ৰিয়েটৰ মিকি ষ্টাইল, এজন স্থানীয় প্ৰাণৱন্ত বাছ চালকে জুবিন গাৰ্গৰ চিৰসেউজ জনপ্ৰিয় গীত 'চকুলে চাই'-ৰ তালে তালে নাচি এটি ভিডিঅ’ সামাজিক মাধ্যমত আপলোড কৰিছে ৷
আপলোডৰ পাছত তৎক্ষণাত ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ৷ বৰ্তমান ছ’চিয়েল মিডিয়াত অসমীয়া ৰাইজে কোৰিয়ান ব্যক্তিগৰাকীক প্ৰশংসাৰে ওপচাই পেলাইছে ৷ এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে যে সংগীতৰ কোনো ভাষা নাই আৰু ই সকলোৰে হৃদয় স্পৰ্শ কৰিব পাৰে ।
Assamese music is breaking borders! 🎶 Korean creator Miki Style and a cheerful local bus driver have gone viral dancing to Zubeen Garg’s timeless hit 'Sokule Sai'. Proof that great music truly has no language barriers.
— I.Khan(Issac/Isa)🇮🇳 (@Khan_Aizawl) August 25, 2026
#ZubeenGarg #AssameseMusic pic.twitter.com/ry03ysKHDn
কোৰিয়াৰ এজন ব্যক্তি, যাৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ নাম মিকি ষ্টাইল, তেওঁ জুবিন গাৰ্গৰ সুমধুৰ অসমীয়া গীত 'চকুলে চাই'-ৰ তালে তালে নিজৰ এক বিশেষ শৈলীত সুন্দৰকৈ নৃত্য কৰিছে । তেওঁৰ ইনষ্টাগ্ৰাম বায়’ত কোৰিয়ান বাছ চালক বুলি উল্লেখ আছে ৷
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় গীতটোৰ তালে তালে এই কোৰিয়ান বাছ চালকজনে কৰা নৃত্যৰ ভিডিঅ’টোৱে এতিয়া ইণ্টাৰনেটত বহুতৰে হৃদয় জয় কৰিছে । এই ঘটনাই অসমীয়া সংগীতৰ প্ৰতি থকা বিশ্বজোৰা আদৰ আৰু মৰমকে প্ৰতিফলিত কৰিছে ।
চকুলে চাই জুবিন গাৰ্গৰ এটি পুৰণি গীত ৷ এই গীতটো হেঙুল থিয়েটাৰৰ এটা অন্যতম জনপ্ৰিয় গীত ৷ এইবাৰ হেঙুলৰ মঞ্চতো এই গীতটো দৰ্শকে উপভোগ কৰিবলৈ পাব ৷ সদ্যহতে এই গীতটোৰ হুক ষ্টেপত বহুতেই ইতিমধ্যে ৰীল বনাই সামাজিক মাধ্যমত এৰিছে ৷
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে কণ্ঠদান কৰা গীতটোৰ কথা আৰু সুৰ পলাশ সূৰ্য গগৈৰ ৷ এতিয়া জুবিনৰ কায়িক অনুপস্থিতিত আজি বিদেশী ৰাষ্ট্ৰত হঠাতে কোনোবাই তেওঁৰেই গান এটা গাবলৈ চেষ্টা কৰি কৰি কৰা নৃত্যই প্ৰতিগৰাকী অনুৰাগীকে আৱেগিক কৰি তুলিছে ৷
উপাসনা নাথৰ সম্পাদনাত প্ৰকাশিত
লগতে পঢ়ক : ভাষাৰ হেঙাৰ ভাঙি জুবিন গাৰ্গৰ কালজয়ী গীত গালে সিদ শ্ৰীৰামে, প্ৰশংসাৰে ওপচাই দিলে অসমীয়া অনুৰাগীয়ে

