তেলুগু ছবিত মুখ্য অভিনেত্ৰীৰ ৰূপত অসমৰ ভৈৰৱী
দাক্ষিণাত্যৰ ছবিজগতত দপদপাইছে অসমকন্যাই, শেহতীয়াকৈ মুক্তি লাভ কৰা এখন ছবিয়ে তেওঁৰ বাবে কঢ়িয়াই আনিছে প্ৰশংসাৰ বতৰা ৷ আৰ্ধ্যা

By ETV Bharat Entertainment Team
Published : July 3, 2026 at 5:26 PM IST
হায়দৰাবাদ: দক্ষিণ ভাৰতৰ ছবিত জিলিকিছে অসম জীয়ৰী । ছবিখনত নায়িকাৰ ৰূপত অভিনয় কৰিছে অসমৰ ভৈৰৱীয়ে । অসমকন্যা অভিনীত ছবিখনে বক্স অফিচত তুলিছে খলকনি ।
অসমৰ পৰা আহি দক্ষিণ ভাৰতত প্ৰশংসা বুটলিছে অসমৰ ভৈৰৱী ডেকাই । নিশাটোৰ ভিতৰতে এতিয়া দক্ষিণ ভাৰতৰ চলচ্চিত্ৰপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছে অসমৰ ভৈৰৱীয়ে । ভৈৰৱীয়ে অভিনয় কৰা ‘কথা মালুপু’ নামৰ ছবিখনে এতিয়া খলকনি তুলিছে বক্স অফিচত ।
ভৈৰৱী ডেকাৰ ঘৰ কামৰূপৰ পাকৰকোণাত । প্ৰথমে হায়দৰাবাদত এয়াৰ হোষ্টেজ হিচাপে কৰ্মৰত হৈ আছিল ভৈৰৱী । এতিয়া টলীউডৰ এগৰাকী ব্যস্ত অভিনেত্ৰী তেওঁ । চন্দন ডেকা আৰু মিনু প্ৰভা ডেকাৰ বৰ জীয়ৰী ভৈৰৱী ডেকা । ২০২০ চনত প্ৰথমে হায়দৰাবাদলৈ আহিছিল ভৈৰৱী । অভিনয়ৰ প্ৰতি অত্যন্ত আগ্ৰহী ভৈৰৱীয়ে হায়দৰাবাদলৈ অহাৰ পিছতে দি গৈছিল বহুতো অডিশ্বন ।
অডিশ্বনৰ সময়ত প্ৰথমে ভাষাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল তেওঁ । দাক্ষিণাত্যৰ তেলুগু ভাষাত দখল নথকাৰ বাবেই বহুবাৰ প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল ভৈৰৱী । কিন্তু ভৈৰৱীয়ে হেৰুওৱা নাছিল ধৈৰ্য ৷ একাগ্ৰতা আৰু সাহস বুকুত বান্ধি সদায়ে নিজৰ লক্ষ্যৰ প্ৰতি আত্মবিশ্বাসী হৈ আছিল তেওঁ ।
বহুবছৰ ধৰি একেৰাহে অডিশ্বন দি থকা ভৈৰৱীয়ে বহু চেষ্টাৰ অন্তত পিছলৈ আয়ত্ত কৰে তেলুগু ভাষা । সেয়াই আছিল তেওঁৰ প্ৰথম সফলতা ৷ তাৰ পিছতে ভৈৰৱীয়ে উদ্যোগটোত সাহসেৰে আগবাঢ়ে ৷ তেলুগু ভাষা আয়ত্ত কৰাৰ পিছতে ভৈৰৱীয়ে সুযোগ পাই তেলুগু ছবিত অভিনয় কৰাৰ ।
শেহতীয়াকৈ, ১২ জুনত ভৈৰৱীৰ প্ৰথমখন বোলছবি ‘কথা মালুপু’ এ মুক্তি লাভ কৰে । ‘কথা মালুপু’ ভৈৰৱীৰ প্ৰথমখন ছবি, যিয়ে মুক্তিৰ পাছতে দৰ্শকৰ হৃদয় জিনিছে ৷ ইতিমধ্যে বোলছবিখনে দাক্ষিণাত্যৰ বক্স অফিচত সফলতা লাভ কৰিছে । ভৈৰৱীৰ এই সফলতাত এতিয়া উৎফুল্লিত পিতৃ-মাতৃৰ লগতে স্থানীয় পাকৰকোণা গাঁৱৰ লোকসকল । ভৈৰৱীৰ সুন্দৰ ভৱিষ্যতৰ বাবে ই টিভি ভাৰত অসমৰ তৰফৰ পৰা শুভকামনা ৷
লগতে পঢ়ক : ইণ্ডিয়ান আইডলৰ মঞ্চত অসমৰ গৌৰৱ: মিচিমি বসুক প্ৰশংসা মুখ্যমন্ত্ৰীৰ

