ETV Bharat / entertainment

শীতৰ প্ৰকোপে প্ৰভাৱ পেলাইছে সাংস্কৃতিক জগতত

প্ৰচণ্ড শীতৰ প্ৰকোপে প্ৰভাৱ পেলাইছে ছবি জগতত । নৱবৰ্ষৰ আৰম্ভণিতে মুক্তি লাভ কৰা দুখনকৈ অসমীয়া ছবিয়ে লাভ কৰা নাই আশানুযায়ী দৰ্শক ।

Assamese film
নৱবৰ্ষৰ আৰম্ভণিতে মুক্তি লাভ কৰা দুখনকৈ অসমীয়া ছবি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 7, 2026 at 7:37 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰচণ্ড শীতৰ প্ৰকোপে প্ৰভাৱ পেলাইছে ছবিজগতত । শীতৰ বাবে নৱবৰ্ষৰ আৰম্ভণিতে মুক্তি লাভ কৰা দুখনকৈ অসমীয়া ছবি ‘যৌৱনে আমনি কৰে ২’ আৰু ‘হেৰোৱা ছন্দ’ ই লাভ কৰা নাই আশানুযায়ী দৰ্শক । বিগত ২ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিছিল ছবি দুখনে ।

লক্ষ্মীনাৰায়ণ ফ্লিমছ্‌ৰ বেনাৰত অশোক কুমাৰ বিষয়া আৰু হেপ্পী বিষয়াৰ প্ৰযোজনাৰে বিশিষ্ট পৰিচালক অশোক কুমাৰ বিষয়াৰ পৰিচালনাত মুক্তি লাভ কৰিছিল ‘যৌৱনে আমনি কৰে ২’ ৷ আনহাতে মুকভা প্ৰডাকশ্যন আৰু আৰ এ ক্ৰিয়েশ্যনৰ বেনাৰত ড৹ সৰ্বেশ্বৰ চহৰীয়াৰ প্ৰযোজনাৰে বিশিষ্ট পৰিচালক পদ্মশ্ৰী, পদ্মভূষণ জাহ্নু বৰুৱাৰ পৰিচালনাৰে মুক্তি লাভ কৰিছিল অসমীয়া ছবি ‘হেৰোৱা ছন্দ’ ৷

Assamese film
গুৱাহাটীত ‘হেৰোৱা ছন্দ’ ৰ ৪ টা দৰ্শনী (Photo : ETV Bharat Assam)

ৰাজ্য প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰা ছবি দুখনৰ মুক্তিৰ এসপ্তাহ নৌহওঁতেই বহুকেইটা ছবিগৃহতে দৰ্শনীৰ সংখ্যা কম কৰি দিয়া হৈছে । এই সন্দৰ্ভত চলচ্চিত্ৰ বিতৰক সংস্থা UFO Moviez India Ltd ৰ মহাপ্ৰবন্ধক সৌৰভ দত্তৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁ জানিবলৈ দিয়ে, "বৰ্তমান বনভোজৰ বতৰ ৷ লগতে ৰাজ্যত বিগত কেইদিনমান ধৰি শীতৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে, যাৰ বাবে ছবিগৃহলৈ দৰ্শক অহা নাই । বৰ্তমান গুৱাহাটীত ‘যৌৱনে আমনি কৰে ২’ ৰ ১৩ টা দৰ্শনী আৰু ‘হেৰোৱা ছন্দ’ ৰ ৪ টা দৰ্শনী চলি আছে । মুক্তিৰ দিনটোত কিন্তু ছবি দুখনে ভালেই দৰ্শনী লাভ কৰিছিল ৷ বৰ্তমান ছবি দুখনত দৰ্শক নোপোৱাৰ বাবে ছবিগৃহ কৰ্তৃপক্ষই দৰ্শনীৰ সংখ্যা হ্ৰাস কৰিছে ।"

Assamese film
অশোক কুমাৰ বিষয়াৰ পৰিচালনা (Photo : ETV Bharat Assam)

ইফালে এই সন্দৰ্ভত ‘হেৰুৱা ছন্দ’ৰ টীমৰ হৈ হৃষীকেশ ভট্টাচাৰ্যই জনাই, "শীতৰ বাবে ছবিগৃহলৈ দৰ্শক বহুত কম আহিছে । বিশেষকৈ উজনি অসমত ঠাণ্ডাৰ প্ৰকোপটো অকণমান বেছি দেখা গৈছে । যাৰ বাবে হয়তো দৰ্শক ছবিগৃহলৈ নাই অহা । তথাপিও আমি আশাবাদী বতৰটো অকণমান ভাল হ’লে দৰ্শক নিশ্চয় আহিব । জাহ্নু বৰুৱাৰ পূৰ্বৰ প্ৰতিখন ছবিতে দৰ্শকে যথেষ্ট ভাল সঁহাৰি প্ৰদান কৰিছিল । আশা কৰো এইখনতো ভাল সঁহাৰি প্ৰদান কৰিব ।"

Assamese film
ছবিগৃহ কৰ্তৃপক্ষই হ্ৰাস কৰিছে দৰ্শনীৰ সংখ্যা (Photo : ETV Bharat Assam)

আনহাতে ‘যৌৱনে আমনি কৰে ২’ সন্দৰ্ভত অংকুৰ বিষয়াই কয়, "ৰৈ ৰৈ বিনালেৰ বাবে আমি ছবিখনৰ মুক্তিৰ দিনটো পিছুৱাই জানুৱাৰী মাহলৈ আনিছিলোঁ । আশা কৰা অনুসৰি ছবিখনত বৰ্তমানলৈ দৰ্শক পোৱা নাই যদিও আমি আশাবাদী । দৰ্শক নোপোৱাৰ দুটা কাৰণ হ’ব পাৰে, যিহেতু এতিয়া পিকনিকৰ বতৰ লগতে ঠাণ্ডাও পৰিছে সেইবাবে হয়তো দৰ্শক নাই অহা । কিন্তু আশা কৰিছো বতৰ ভাল হ’লে দৰ্শক আহিব ।"

Assamese film
গুৱাহাটীত ‘যৌৱনে আমনি কৰে ২’ ৰ ১৩ টা দৰ্শনী (Photo : ETV Bharat Assam)

লগতে পঢ়ক : বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ সফলতা