পিতৃৰ স্মৃতিত উৎসৰ্গিত 'মৰ্ত্য' প্ৰদৰ্শিত হ’ব মস্কো চলচ্চিত্ৰ মহোৎসৱত
বিশ্ব দৰবাৰত অসমীয়া ছবি: ৪৮ সংখ্যক মস্কো চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত 'মৰ্ত্য' ৷

By ETV Bharat Entertainment Team
Published : April 22, 2026 at 6:04 PM IST
গুৱাহাটী : অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক গৌৰৱৰ খবৰ । ২০২৬ চনৰ ১৬ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া সন্মানীয় ৪৮ সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে অসমীয়া চুটি ছবি 'মৰ্ত্য' । মানৱীয় সম্পৰ্কৰ গভীৰতা আৰু জটিলতাক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই ছবিখনে ইতিমধ্যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
ছবিখনত অসমৰ বিশিষ্ট অভিনেতা দুলাল ৰয় আৰু প্ৰখ্যাত অভিনেত্ৰী বীণা বাৰুৱতীয়ে অভিনয় কৰিছে । দুয়োগৰাকী প্ৰবীণ শিল্পীৰ অভিনয়েৰে সমৃদ্ধ এই ছবিখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া চিনেমাৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে । প্ৰায় ২০ মিনিট দৈৰ্ঘৰ এই চুটি ছবিখনৰ পৰিচালনা কৰিছে প্ৰজ্ঞা পাৰমিতা আৰু উদয় ভাস্কৰ পাটৰে ।

ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য উদয় ভাস্কৰ পাটৰৰ হোৱাৰ বিপৰীতে ইয়াৰ প্ৰযোজনা কৰিছে প্ৰজ্ঞা পাৰমিতাই । প্ৰযোজকগৰাকীয়ে এই ছবিখন তেওঁৰ স্বৰ্গীয় পিতৃ মণি মেধিৰ স্মৃতিত উৎসৰ্গা কৰিছে । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মানীয় মহোৎসৱত স্থান লাভ কৰি 'মর্ত্য'ই অসমীয়া ছবি জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে । প্ৰযোজক প্ৰজ্ঞা পাৰমিতাই এই বিশেষ ছবিখন তেওঁৰ পিতৃ মণি মেধিৰ স্মৃতিত উৎসৰ্গা কৰিছে ।

কাৰিকৰী দিশ
গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ কাৰিকৰী দিশটো অত্যন্ত সবল । ছবিখনৰ চিত্ৰগ্ৰহণ সৰ্পিল নন্দন ডেকাৰ আৰু সম্পাদনা ধীৰাজ মজুমদাৰৰ । ৰাষ্ট্ৰীয় বঁটা বিজয়ী শব্দযন্ত্ৰী দেৱজিৎ গায়নে ছবিখনৰ শব্দ পৰিকল্পনা (Sound Design) কৰিছে । পাৰ্শ্ব সংগীত ডঃ সৌৰভ মহন্তৰ আৰু ডি আই শ্যামল দাসৰ । গুঞ্জন শৰ্মা, ধীৰাজ ৰাভা, জয়শ্ৰী তালুকদাৰ আৰু অভিষেক কৌশিক বৰঠাকুৰে সহকাৰী পৰিচালক হিচাপে ছবিখনত সহযোগিতা আগবঢ়াইছে ।
'মৰ্ত্য'ৰ সাফল্যৰ যাত্ৰা: আন কেইবাখনো আন্তঃৰাষ্ট্ৰীয় মহোৎসৱলৈ নিৰ্বাচিত
মস্কো চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱাৰ পূৰ্বেও 'মৰ্ত্য'ই ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে । ইয়াৰ আগতে ছবিখনে ১৮ সংখ্যক জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু নৱম নতুন দিল্লী চলচ্চিত্ৰ মহোৎসৱলৈ মনোনয়ন লাভ কৰিছিল । ইয়াৰ উপৰি পশ্চিম মুম্বাই, হিমাচল, কলকাতা, হায়দৰাবাদ আৰু পিম্প্ৰি-চিনৱাড আদি বিভিন্ন চুটি ছবি মহোৎসৱলৈও ছবিখন নিৰ্বাচিত হোৱা বুলি নিৰ্মাতাগোষ্ঠীয়ে জানিবলৈ দিছে । আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত 'মৰ্ত্য'ৰ এই সফলতাই অসমীয়া ছবি জগতলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে ।
লগতে পঢ়ক : মুম্বাইত অসমীয়া ছবিৰ জয়জয়কাৰ: 'গোলাই চোৰ' আৰু 'ৰুদ্ৰ'ই লাভ কৰিলে ইণ্ডিয়ান নেশ্বনেল চিনে একাডেমী বঁটা

