ছবিগৃহত 'হোমৱৰ্ক'ৰ সফল যাত্ৰা: মুক্তি পালে নতুন গীত ‘মাটিৰ মৰমে’
'হোমৱৰ্ক' চলচ্চিত্ৰখনৰ ‘মাটিৰ মৰমে’ শীৰ্ষক এটি নতুন গীত মুক্তি দিয়া হৈছে । গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত গীতটি ৰাইজৰ বাবে উন্মোচন কৰা হয় ।

By ETV Bharat Entertainment Team
Published : May 22, 2026 at 6:08 PM IST
|Updated : May 23, 2026 at 9:40 AM IST
গুৱাহাটী: ছবিগৃহত বৰ্তমান সগৌৰৱে চলি আছে নতুন অসমীয়া চলচ্চিত্ৰ 'হোমৱৰ্ক' । বিগত ১৫ মে'ত মুক্তি লাভ কৰা এই ছবিখনে সফলতাৰে দ্বিতীয় সপ্তাহত ভৰি দিছে । 'আউটৰিচ এডভাৰ্টাইজিং প্ৰাইভেট লিমিটেড' (Outreach Advertising Pvt Ltd) ৰ বেনাৰত মুকেশ মৌৰ আৰু নিধি মৌৰে প্ৰযোজনা কৰা এই ছবিখনৰ ‘মাটিৰ মৰমে’ শীৰ্ষক এটি নতুন গীত শেহতীয়াকৈ মুক্তি দিয়া হৈছে ।
গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক বিশেষ অনুষ্ঠানত এই গীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । গীত উন্মোচনী এই অনুষ্ঠানত ছবিখনৰ পৰিচালক অচিন্ত শংকৰ, জনপ্ৰিয় অভিনেতা দেৱজিৎ মজুমদাৰ, অভিনেত্ৰী গায়ত্ৰী মহন্ত, সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা আৰু বৃত্তান্ত নয়ন কাশ্যপৰ লগতে ছবিখনৰ অন্যান্য কলা-কুশলীসকল উপস্থিত থাকে ।
ছবিখনৰ সফলতা আৰু নতুন গীতটিৰ সন্দৰ্ভত মন্তব্য কৰি বিশিষ্ট অভিনেত্ৰী গায়ত্ৰী মহন্তই কয়, "ছবিখনে আজি দ্বিতীয় সপ্তাহত ভৰি দিছে । এই সময়ছোৱাত দৰ্শকৰ পৰা আমি অতি সুন্দৰ সঁহাৰি লাভ কৰিছোঁ । আজিৰ পৰাই ৰাজ্যৰ বাহিৰতো ছবিখন মুক্তি দিয়া হৈছে । আনহাতে, বিদেশতো ছবিখন মুক্তি দিয়াৰ বাবে আমাৰ পৰিকল্পনা চলি আছে ।"
আনহাতে, ছবিখনৰ সন্দৰ্ভত পৰিচালক অচিন্ত শংকৰে কয়, "দৰ্শকে ছবিখনক যথেষ্ট মৰম দিছে । প্ৰথম সপ্তাহত কেইবাটাও ছবিগৃহত শ্ব' হাউচফুল আছিল, যাৰ বাবে দৰ্শনীৰ সংখ্যাও বৃদ্ধি কৰিবলগীয়া হৈছে । ছবিখন শিশুক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে যদিও ই কেৱল শিশুৰ ছবি নহয়, ই অভিভাৱক আৰু শিক্ষকসকলৰ বাবেও সমানেই উপযোগী ।"

উল্লেখ্য যে, এই ছবিখনৰ জৰিয়তেই কেইবাবছৰৰ বিৰতিৰ মূৰত পুনৰ ৰূপালী পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰিছে জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই । অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত 'হোমৱৰ্ক'ত দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেৱজিৎ হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস, গায়ত্ৰী মহন্তৰ লগতে শিশু শিল্পী সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, বৃত্তান্ত নয়ন কাশ্যপ আৰু অলংকৃতা পদ্মৰাগ গোস্বামী আদিকে ধৰি বহুতো নতুন-পুৰণি তাৰকাই অভিনয় কৰিছে ।
ছবিখনৰ সংগীত পৰিচালনা কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱাই । গুৰুত্বপূৰ্ণ কথা যে, আজিৰ পৰা ৰাজ্যৰ বাহিৰতো অসমীয়া আৰু হিন্দী—দুয়োটা ভাষাতে মুক্তি লাভ কৰিছে এই ছবিখনে ।
লগতে পঢ়ক : ১৫ মে’ত মুক্তি বহু চৰ্চিত দুখনকৈ অসমীয়া ছবি ‘মৰমৰ দেউতা’ আৰু ‘হোমৱৰ্ক’

