অ’টিটিৰ ধামাকাৰ পাছত এতিয়া ডাঙৰ পৰ্দাত মুক্তি পাব 'ডেকা সন্ন্যাসী'
এদল নৱপ্ৰজন্মৰ প্ৰচেষ্টাত ছবিগৃহলৈ আহি আছে ‘ডেকা সন্ন্যাসী’। ১১ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰায় ২৩ টা ছবিগৃহত মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখন ।

By ETV Bharat Entertainment Team
Published : August 29, 2026 at 11:47 AM IST
গুৱাহাটী : অ’টিটি প্লেটফৰ্মত বিশেষ সঁহাৰি লাভ কৰাৰ পাছত এতিয়া ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে অসমীয়া ছবি 'ডেকা সন্ন্যাসী'। নৱ প্ৰজন্মৰ পৰিচালক হৰ্ষ সিদ্ধান্তৰ কাহিনী আৰু পৰিচালনাৰে আহিবলগীয়া ডেকা সন্ন্যাসী (The Millennial Monks) ছবিখনৰ প্ৰযোজনা হৰ্ষ সিদ্ধান্ত আৰু শক্তি মুছাহাৰীৰ । ১১ ছেপ্টেম্বৰত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰিব ছবিখনে ।
অ’টিটি প্লেটফৰ্মৰ পৰা ছবিগৃহলৈ যাত্ৰা


ছবিখনৰ এই যাত্ৰা সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফনিক বাৰ্তালাপত পৰিচালক হৰ্ষ সিদ্ধান্তই কয়, “যেতিয়া আমি ছবিখনৰ কথাটো ভাবিছিলোঁ, তেতিয়া খুব সৰুকৈ ভবা হৈছিল । যিসকল ইউটিউবাৰ আছিল, আমি সকলোৱে মিলি নিজাকৈ এখন ছবি নিৰ্মাণ কৰাৰ চিন্তা কৰিছিলোঁ । এখন সম্পূৰ্ণ ইণ্ডিপেণ্ডেণ্ট ছবি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিলোঁ । আমি দুটা অ’টিটি প্লেটফৰ্মত ছবিখন দিছিলোঁ । কিন্তু এতিয়া আমি যিহেতু ছবিখন ছবিগৃহত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছোঁ, সেয়ে বৰ্তমান অ’টিটি প্লেটফৰ্মত বন্ধ কৰি থোৱা আছে । ২০২৪ চনতে অ’টিটিত ছবিখন মুক্তি দিয়া হৈছিল । ছবিখন আমি ছবিগৃহতে মুক্তি দিয়াৰ পৰিকল্পনাৰে নির্মাণ কৰিছিলোঁ যদিও বিভিন্ন কাৰণত ছবিখন ছবিগৃহত মুক্তি দিয়া পৰিৱৰ্তে আমি অনলাইনত মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ । ছবিখনৰ নিৰ্মাণৰ ৩ বছৰৰ পাছত এতিয়া আমি ছবিগৃহত মুক্তি দিবলৈ আগবাঢ়িছোঁ ৷”

ছবিখনৰ সন্দৰ্ভত পৰিচালকৰ মন্তব্য


ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি পৰিচালকগৰাকীয়ে কয়, “ছবিখনৰ কাহিনীটো বহু বেছি গহীনো নহয়, বহু বেছি হাঁহি উঠাও নহয় । ছবিখনত দর্শকে নিজকে কৰবাত বিচাৰি পাব । পাৰ্থিৱ জীৱন আৰু আধ্যাত্মিক জীৱন এই দুটা বিষয় ছবিখনত উপস্থাপন কৰা হৈছে । ছবিখনত মূল দুটা চৰিত্ৰ আছে । এগৰাকী সংগীতশিল্পী আৰু এগৰাকী সন্ন্যাসীৰ কাহিনীৰে ছবিখন নিৰ্মাণ কৰা হৈছে । সংগীত শিল্পীগৰাকীয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰি থকাৰ সময়তে এগৰাকী সন্ন্যাসীৰ সৈতে তেওঁৰ যোগাযোগ হয় । সেই সন্ন্যাসীগৰাকীও সম্পূৰ্ণ এক আধ্যাত্মিক পথত আগবাঢ়ি গৈ আছিল । পৰিস্থিতিত পৰি সন্ন্যাসীজন আৰু সংগীত শিল্পীগৰাকী মহানগৰীত সংস্পৰ্শলৈ আহে । তাৰ পাছত তেওঁলোকে এনেকুৱা এখন জালত ভৰি দিয়ে যিবোৰ বৰ্তমান সমাজত সচৰাচৰ ঘটি আছে । তেনেকুৱা এক ঘটনাৰ আধাৰতে ছবিখন নিৰ্মাণ কৰা হৈছে ।”

উল্লেখ্য যে, ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন হাজৰিকাই । লগতে অভিনয় কৰিছে আলিস্মিতা গোস্বামী, বিভূতি ভূষণ হাজৰিকা, ৰঞ্জীৱলাল বৰুৱা, পুলক নিশাচৰ, দীপক কুমাৰ ৰয়, জাৱেদ আখটাৰ আৰু শক্তি মুছাহাৰীয়ে । দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই, সম্পাদনা গৌতম মজুমদাৰৰ । ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে জ্যোতি চেতিয়াই লগতে বিজিএম লিয়ন শৰ্মাৰ ।
লগতে পঢ়ক : সংগীতশিল্পী-সন্ন্যাসীৰ সংযোগে কি বতৰা আনিব দৰ্শকলৈ ?

