ETV Bharat / entertainment

চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ লৈ বাট বুলিছে ভাইমন দাই

১১ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ (CIFF)ৰ বাবে নিৰ্বাচিত হৈছে ‘ভাইমন দা’ ।

assamese film Bhaimon Da selected for Chennai International Film Festival 2025
CIFF 2025 ৰ বাবে নিৰ্বাচিত হৈছে ‘ভাইমন দা’ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : December 10, 2025 at 3:37 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বাৰে বাৰে ৰাষ্ট্ৰীয় মঞ্চত সমাদৃত হৈছে চলিত বৰ্ষত মুক্তি লাভ কৰা ছবি ‘ভাইমন দা’ ৷ শশাংক সমীৰৰ পৰিচালনাত নিৰ্মিত ছবিখন শেহতীয়াকৈ ৫৬ সংখ্যক ইণ্টাৰনেশ্য়নেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াৰ ‘ইণ্ডিয়ান পেনোৰামা’ শাখাত নিৰ্বাচিত হোৱাৰ পাছত পুনৰ নিৰ্বাচিত হৈছে চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ (CIFF)ৰ বাবে ৷ পৰিচালক সমীৰে সামাজিক মাধ্যমযোগে এই খবৰটো শ্বেয়াৰ কৰিছে ৷

তেওঁ লিখিছে, "নমস্কাৰ প্ৰিয় অসমীয়া, আমি এই কথা শ্বেয়াৰ কৰি আনন্দিত হৈছো যে আমাৰ ছবি ‘ভাইমন দা’ পুনৰবাৰ নিৰ্বাচিত হৈছে—এইবাৰ ১১ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ (CIFF)ৰ বাবে ।

প্ৰতি বছৰে চি আই এফ এফে গোৱাৰ আই এফ এফ আইৰ ইণ্ডিয়ান পেনোৰামা নিৰ্বাচনৰ পৰা একচেটিয়াভাৱে মাত্ৰ ৮ খন ছবিহে আমন্ত্ৰণ জনায় । এইবাৰ আই এফ এফ আইত ভাৰতীয় পেনোৰামা শাখাৰ বাবে বিভিন্ন ভাৰতীয় ভাষাৰ মুঠ ২৫ খন ছবি বাছনি কৰা হৈছিল—তাৰ ভিতৰত ‘ভাইমন দা’ এতিয়া এই নতুন যাত্ৰাৰ বাবে বাছনি কৰা হৈছে ।

‘ভাইমন দা’ আগবাঢ়ি যোৱাৰ লগে লগে আপোনালোকৰ অবিৰত মৰম, সমৰ্থন আৰু আশীৰ্বাদ আমি আন্তৰিকতাৰে বিচাৰিছো । 🙏🏻🙏🏻🙏🏻

অসমীয়া চিনেমা জীয়াই থাকক । 💛

কৃতজ্ঞতাৰে,

টীম ভাইমন দা ৷"

ঘোষণা হোৱাৰে পৰা ভাইমন দা ছবিখন চৰ্চাত আছিল ৷ ছবিখনৰ ট্ৰেইলাৰ মুক্তিৰ পিছতে ই দৰ্শকৰ মাজত যথেষ্ট গুঞ্জনৰ সৃষ্টি কৰিছিল ৷ ২.৩০ মিনিটৰ ট্ৰেইলাৰটোৱে আৰম্ভণিৰে পৰা শেষলৈকে দৰ্শকক উৎকণ্ঠাৰ মাজত ধৰি ৰাখে ৷ ‘সি ক’ত কি বজৰুৱামি কৰি ঘূৰি ফুৰিছে, মই সব খবৰ পাওঁ’-এইটো সংলাপেৰে আৰম্ভ হোৱা ট্ৰেইলাৰটো অন্ত পৰে আশীষ বিদ্যাৰ্থীৰ এটা সংলাপেৰে য’ত তেওঁ মুনিন বৰুৱাক ‘বাবুলাল’ বুলি সম্বোধন কৰে ৷

জীল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই ‘ভাইমন দা’ ছবিখন । সংগীতশিল্পৰ সাধনাৰ পৰা আৰম্ভ কৰি চিত্ৰনাট্যকাৰ হিচাপে অসমীয়া চলচ্চিত্ৰ জগতখনত খোজ পেলোৱা ভাইমন দাই পিতা-পুত্ৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, ৰং, বাৰুদ, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয়কে ধৰি সৰ্বমুঠ ১৪ খন হিট চিনেমা আগবঢ়াইছিল ৷ অসমীয়া ছবি জগতলৈ ই তেওঁৰ অনবদ্য অৱদান ।

অসমীয়া চলচ্চিত্ৰ জগতখনে ৯০ বছৰীয়া যাত্ৰাত সন্মুখীন হোৱা বিভিন্ন উত্থান-পতন, ঘাত-প্ৰতিঘাত তথা ছবিগৃহত হিন্দী চিনেমাৰ পয়োভৰৰ পিছতো অসমীয়া চলচ্চিত্ৰই কেনেদৰে সপ্তাহজোৰা প্ৰদৰ্শনী লাভ কৰিছিল, তাৰ আঁৰৰ সংঘৰ্ষ 'ভাইমন দা'ত দেখিবলৈ পোৱা গৈছে ।

assamese film Bhaimon Da selected for Chennai International Film Festival 2025
চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫ (Photo : ETV Bharat Assam)

ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ ৷ শ্যামন্তক গৌতমে প্ৰযোজনা কৰা এই ছবিখনৰ চিনেমাট’গ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ ৷ আনহাতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বনদীপ শৰ্মাই ৷ অন্যান্য চৰিত্ৰসমূহত আছে য়াশশ্ৰী ভূঞা, গুণাকৰ দেৱগোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম শইকীয়া, শিল্পী শিখা বৰা, বৈভৱী গোস্বামীকে ধৰি প্ৰায় ৩৬o ৰো অধিক শিল্পী ৷

লগতে পঢ়ক : ইণ্টাৰনেশ্য়নেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়ালৈ নিৰ্বাচিত হৈছে 'ভাইমন দা'