'আদালত' টাৰ্ণিং পইণ্ট আছিল... সংগীতৰ পৰা কোনে অভিনয় জগতলৈ আনিলে অভিনেত্ৰী মিনু বণিয়াক ?
বিয়াৰ পাছত কেনেকৈ সলনি হৈছিল অভিনেত্ৰী মিনু বণিয়াৰ জীৱন ?

Published : June 3, 2026 at 8:36 PM IST
গুৱাহাটী: অসমীয়া ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে মিনু বণিয়া । জানমণি, অঞ্জনা, ৰাংঢালি আদি জনপ্ৰিয় ভিচিডিত অভিনয় কৰি দৰ্শকৰ মন জয় কৰা প্ৰবীণ অভিনেত্ৰী মিনু বণিয়া বৰ্তমান কিহত ব্যস্ত ? কেইবাখনো অসমীয়া ছবি, ধাৰাবাহিক, ভিচিডিত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে কেনেকৈ সংগীত জগতৰ পৰা অভিনয় জগতত খোজ দিছিল ?
এক আছুতীয়া সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে লগতে ক'লে বহু কথা ৷ ঢলাৰ চৈখোৱাঘাটত শৈশৱ আৰম্ভ কৰি গুৱাহাটীৰ সন্দিকৈ কলেজৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰা মিনু বণিয়াই সংগীতৰ পৰা কেনেকৈ, কি পাক চক্ৰত পৰি অভিনয়লৈ আহিল ? জীৱন সংগ্ৰামৰ বহু কথা কলে অভিনেত্ৰী মিনুৱে ৷
মিনু বণিয়াৰ অভিনয়ৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল :
সৰুৰে পৰা সংগীত চৰ্চা কৰা মিনুৱে কেনেকৈ আৰু কোনে অভিনয় জগতলৈ আনিলে সেই সন্দৰ্ভত কয়,"বিবাহৰ পূৰ্বে অভিনয় কৰিছিল যদিও ভালদৰে অভিনয়ৰ যাত্ৰা আৰম্ভ হৈছিল বিয়াৰ পাছতহে । অৱশ্যে বিবাহৰ পূৰ্বে মই দুই-এখন নাটকত অভিনয় কৰাৰ লগতে ছবিতো সৰু চৰিত্ৰত অভিনয় কৰিছিল কিন্তু বেছিকৈ সংগীত চৰ্চা বা গাইছিলো ৷"
তেওঁ লগতে কয়,"সৰুৰে পৰা সংস্কৃতিক দিশটোৰ সৈতে জড়িত হৈ আছিলো । এই ক্ষেত্ৰত মা-দেউতাই সদায় আগবঢ়াই দিছিল। বিয়া হোৱাৰ পাছত ভালদৰে অভিনয়ৰ সৈতে জৰিত হৈ পৰিলো । বিয়া হোৱাৰ পাছতে মই 'আদালত' নামৰ ছবিখনত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলো । তাৰ পাছতে ভিচিডিৰ যুগ আৰম্ভ হ'ল । তেনেদৰে অভিনয়ৰ লগত জৰিত হৈ পৰিলো ।"
ইন্দ্ৰ বণিয়াৰ সৈতে বিবাহ আৰু অভিনয় জীৱন:
এই সন্দৰ্ভত অভিনেত্ৰী গৰাকীয়ে কয়,"মোৰ বিয়াখন হঠাৎ হোৱা বিয়া । মা-কামাখ্যা মন্দিৰত আমাৰ বিবাহ হৈছিল । বিয়াৰ পাছত মোক স্বামীয়ে নাটক কৰিবলৈ দিছিল । বিয়া হৈ আহিয়ে 'শ্বাহজাহান' নাটক, 'আদালত' নামৰ ছবিখনত অভিনয় মই কৰিছিলো ।"
ভিচিডিয়ে অভিনয় জীৱনৰ টাৰ্নিং পইণ্ট:
ভিচিডিৰ সময় মোৰ বাবে এক টাৰ্নিং পইণ্ট বুলি উল্লেখ কৰি অভিনেত্ৰীগৰাকীয়ে কয়,"ভিচিডিৰ সেই সময়ছোৱাক মই বহু মিছ কৰো । সেইসময়ৰ ভাল ভাল প্ৰায় কেইখন ভিচিডিতে অভিনয় কৰিছিলো । মোক মানুহে আচলতে কেনেদৰে লয় মই নাজানো। কিন্তু যিকোনো অভিনয় কৰিবলৈ দিলে মই প্ৰথমতে না কৰা নাছিলো ।"
তেওঁ লগতে কয়, "মই সদায় অভিনয় কৰিবলৈ চেষ্টা কৰিছিলো । ৰাংঢালি ভিচিডিখনত গাঁৱলীয়া এজনী বোৱাৰীৰ চৰিত্ৰত অভিনয় কৰিছিলো । যিটো চৰিত্ৰক মানুহে এতিয়াও মৰম দিয়ে । একো নজনাকৈয়ে কৰি গৈছিলো, পাছত চাইহে মোৰ হাঁহি উঠিছিল যে ইমান এটা কঠিন চৰিত্ৰ মই কৰিব যে পাৰিলো ।"
হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৈতে কৰা অভিনয়ৰ অভিজ্ঞতা সম্পৰ্কে তেওঁ কয়,"জনপ্ৰিয় ধাৰাবাহিক 'অনুৰাধা'ত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছিলো ৷ সেই সময়ত মোৰ চতিয়াত এটা কাম থকাৰ বাবে ৰাজেশ ভূঞাই মোৰ অংশটো আগতে শ্বুটিং কৰি ৰাখিছিল ৷ সেই ধাৰাবাহিকত এটা অংশত মোৰ জুবিন গাৰ্গৰ লগতো দৃশ্যগ্ৰহণ আছিল । মই চতিয়াৰ পৰা অহাৰ পাছতে জুবিনৰ লগত থকা দৃশ্য খিনিৰ শ্বুটিঙৰ বাবে মোক পুনৰ মাতিলে ।"
অভিনেত্ৰীগৰাকীয়ে লগতে কয়,"দৃশ্যগ্ৰহণৰ বাবে ৰাতিপুৱাই যাও, কিন্তু আমি মেকআপ লৈ বহি থাকো ৷ তেতিয়ালৈ জুবিনে শুই নুঠাৰ বাবে সদায় আমি অপেক্ষা কৰি থাকিব লাগে ৪ টা বজালৈ ৷ তথাপিও আমনি লগা নাছিল আমাৰ ৷"
লগতে পঢ়ক:মানুহে একেটা সোৱাদৰে বস্তু খাই থাকিবলৈ ইচ্ছা নকৰে, ঘৰতে হওক বা আন য’তেই নহওক : চম্পক শৰ্মা

