ETV Bharat / entertainment

জুবিনৰ চৰিত্ৰ হনন কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ: পুৱাই গোচৰ গৰিমা শইকীয়াৰ

পুৱা এজাহাৰ, গধূলিলৈ আটক ৷ বাঘৰ পত্নীৰ এজাহাৰৰ ভিত্তিত অসম আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে শিখা শৰ্মাক ।

sikha sarma arrested zubeen garg wife garrima saikia garg files complaint against writer
পুৱাই ক্ৰাইম ব্ৰান্সত উপস্থিত গৰিমা-গ্ৰেপ্তাৰ শিখা শৰ্মা (Photo : IANS/Facebook)
author img

By ETV Bharat Entertainment Team

Published : January 19, 2026 at 4:47 PM IST

|

Updated : January 19, 2026 at 5:13 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : সোমবাৰে পুৱাই ক্ৰাইম ব্ৰান্সত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত বহু বিতৰ্কিত মন্তব্য কৰি থকা শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ । এজাহাৰ ভিত্তিত আৰক্ষীয়ে BNS ৰ অধীনত ১৫২/১৯৬/২৯৯/৩৫১/৩৫২/৩৫৩/৩৫৬ ধাৰাৰ অধীনত থানাত ২/২৬ নম্বৰত গোচৰ ৰুজু কৰে । এই গোচৰৰ ভিত্তিত অপৰাধ শাখাই পাথৰকুঁৱেৰিস্থিত নীলাচল এপাৰ্টমেণ্টৰ A BLOCK ৰ C2 বাসগৃহৰ পৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰে । শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই গৰিমা শইকীয়া গাৰ্গে অসম আৰক্ষীক ধন্যবাদ জনাই সামাজিক মাধ্যমত পোষ্ট দিয়ে ।

শিখা শৰ্মাক অসমৰ এগৰাকী শত্ৰু আখ্যা গৰিমা শইকীয়া গাৰ্গৰ

শিখা শৰ্মাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিবলগীয়া পৰিস্থিতি হয় জুবিন গাৰ্গৰ পৰিয়ালৰ । ক্ৰাইম ব্ৰান্সত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গৰিমা শইকীয়া গাৰ্গে । জুবিন গাগৰ্ক জনমানসত হেয় কৰাৰ বিৰুদ্ধে আৰক্ষীত গোচৰ তৰে তেওঁ ।

আজি চাৰিটা মাহ সম্পূৰ্ণ হৈছে জুবিন গাৰ্গক হেৰুওৱাৰ আৰু আজিৰ দিনটোতে শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দিয়ে গৰিমা শইকীয়া গাৰ্গে । সামাজিক মাধ্যমত জুবিন গাৰ্গক লৈ শিখা শৰ্মাই কৰি আহিছিল বিৰূপ মন্তব্য । জুবিন গাৰ্গৰ চৰিত্ৰক লৈও বহুতো ফেচবুক পোষ্ট দিছিল শিখা শৰ্মাই ।

ক্ৰাইম ব্ৰান্সত এজাহাৰ দাখিল কৰি গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমৰ আগত কয়, "এগৰাকী মানসিক ৰোগী বুলি ভাবি ইমানদিনে আওকাণ কৰা হৈছিল, কিন্তু সহ্যৰ এটা সীমা থাকে । এজন মানুহ আমাৰ মাজৰ পৰা গুচি গৈছে । তেওঁৰ সত্বাটো কি অসমৰ মানুহে জানে । অসমৰ লগতে এতিয়া সমগ্ৰ বিশ্বই জানে- জুবিন গাৰ্গে অসমৰ সমাজ-সংস্কৃতিৰ বাবে কি কৰি থৈ গৈছে । সেইজন ব্যক্তিক কোনো কথা নাই বতৰা নাই, অভদ্ৰ অশালীন ভাষাৰে দিনে ৰাতিয়ে কটু মন্তব্য কৰি চৰিত্ৰহনন, অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে ! সেই কাম অসমৰ মানুহে নকৰে । এইগৰাকী মহিলাই না অসম ভাল পাই, না অসমীয়াক ভাল পাই, না অসমীয়া মানসিকতাক ভাল পাই, না অসমীয়া আৱেগক ভাল পায় । তেওঁ যিবোৰ কথা কৈছে সঁচাকৈয়ে সহ্য কৰিব নোৱাৰা । সেয়ে আমি ভাবিলো আইনী ব্যৱস্থা লোৱাৰ কথা । আইনৰ ওপৰত এৰিছো । আইনে ব্যৱস্থা ল'ব ।”

শিখা শৰ্মাক অসমৰ এগৰাকী শত্ৰু আখ্যা দি গৰিমা শইকীয়া গাৰ্গে কয়, "জুবিন গাৰ্গক শেষ কৰা মানুহক যদি সহযোগ কৰিছে তেওঁ এগৰাকী অসমীয়া কেনেকৈ হ'ব পাৰে ।"

ইপিনে জুবিন ফেন ক্লাবেও শিখাৰ বিৰুদ্ধে দাখিল কৰিছে আন এখন এজাহাৰ । 20-২৫ খন থানাত এজাহাৰ দাখিল কৰিব জুবিন গাৰ্গ ফেন ক্লাবে । সোমবাৰে শিখা শৰ্মাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে জুবিন গাৰ্গ ফেন ক্লাবে ।

এজাহাৰ দাখিল কৰি জুবিন গাৰ্গ ফেন ক্লাবৰ সম্পাদক পিকু বৰগোঁহাইয়ে কয়, "শিখা শৰ্মা নামৰ মহিলাগৰাকীয়ে জুবিন গাৰ্গৰ ব্যক্তিগত জীৱন, ন্যায়িক প্ৰক্ৰিয়া আদিক লৈ বিভিন্ন ধৰণৰ কটু মন্তব্য কৰি আহিছে । তিনিদিন পূৰ্বে জুবিনৰ পৰিয়ালক সাঙুৰি কটু মন্তব্য কৰিছে । প্ৰথম অৱস্থাত কথাখিনি আওকাণ কৰি আছিলো । জুবিনৰ ন্যায় প্ৰাপ্তিৰ বাবে ৰাইজে দাবী জনাই আহিছে, সেই সময়ত শিখা শৰ্মাই গোটেই ইচ্ছ্যুটো বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰি জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈ, কেতিয়াবা জুবিন গাৰ্গৰ সামাজিক জীৱনক লৈ বিভিন্ন মন্তব্য কৰিছে সেয়েহে আমি আজি এজাহাৰ দাখিল কৰিছো । অসমৰ ২০-২৫ খন থানাত এজাহাৰ দাখিল কৰা হ'ব । তেওঁ কি তথ্যৰ ভিত্তিত কি কথা কৈ আছে সেয়া আমাক লাগে ।"

লগতে তেওঁ জুবিনক হত্যা কৰা সকলোৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি কামনা কৰে । "আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে"- বুলি মন্তব্য কৰে ।

গ্ৰেপ্তাৰ শিখা শৰ্মা, গৰিমাৰ ভাষ্য (ETV Bharat Assam)
garrima saikia garg
গৰিমা শইকীয়া গাৰ্গ (Photo : ETV Bharat Assam)

আনহাতে শিখা শৰ্মাৰ বিৰুদ্ধে শিল্পী সমাজৰো এজাহাৰ দাখিল । শিল্পী সমাজে দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । এজাহাৰ দাখিল কৰি চলচ্চিত্ৰ পৰিচালক ৰাজেশ ভূঞাই কয়, "শিখা শৰ্মাই জুবিন গাৰ্গক লৈ‌ অশালীন মন্তব্য কৰি আহিছিল । ন্যায় প্ৰক্ৰিয়া চলি থকা সময়ত সামাজিক মাধ্যমত যিটো পোষ্ট কৰিছে, ই ন্যায় প্ৰক্ৰিয়াত হয়তো ব্যাঘাত জন্মালে‌হেঁতেন । গতিকে আমি শিল্পী সমাজৰ সকলো মিলি এজাহাৰ দাখিল কৰিছোঁ । ভৱিষ্যতে সামাজিক মাধ্যমত এনে মন্তব্য দিয়াৰ পৰা যাতে বিৰত থাকে । যদি তেওঁৰ হাতত প্ৰমাণ আছে, তেওঁ আহক আদালতত দাখিল কৰক । ন্যায় প্ৰক্ৰিয়াৰে তেওঁ যাওক । সামাজিক মাধ্যমত অশালীন মন্তব্য কৰি ব্যক্তিগতভাৱে সকলোকে আক্ৰমণ কৰাটো ঠিক নহয় ।"

লগতে পঢ়ক : জুবিন হত্যা গোচৰৰ চতুৰ্থ শুনানি: শ্যামকানুসহ পাঁচ অভিযুক্তৰ জামিন আৱেদন

Last Updated : January 19, 2026 at 5:13 PM IST