ETV Bharat / entertainment

দুবছৰৰ বিৰতিৰ অন্ত: 'ইতিহাস থিয়েটাৰ'ৰ জৰিয়তে পুনৰ ভ্ৰাম্যমাণত যতীন বৰা

ৰূপালী পৰ্দাৰ পৰা পুনৰ থিয়েটাৰৰ মঞ্চলৈ যতীন বৰা । দুবছৰৰ বিৰতিৰ অন্তত ২০২৭-২৮ নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণলৈ উভতিব জনপ্ৰিয় অভিনেতাগৰাকী ।

Assam Mobile Theatre: Jatin Bora to Make Comeback with Itihas Theatre
ৰূপালী পৰ্দাৰ পৰা পুনৰ ভ্ৰাম্যমাণৰ মঞ্চলৈ যতীন বৰা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : August 29, 2026 at 10:28 AM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : দুবছৰ বিৰতিৰ অন্তত পুনৰ ভ্ৰাম্যমাণৰ মঞ্চত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতা যতীন বৰাক । ২০২৭-২৮ নাট্যবৰ্ষৰ বাবে ইতিহাস থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে অভিনেতাগৰাকী ।

বুধবাৰে এক ফেচবুক পোষ্টযোগে এই কথা ৰাজহুৱা কৰে অভিনেতাগৰাকীৰ লগতে নাট্য গোষ্ঠীটোৱে । অভিনেতাগৰাকীৰ লগতে ২০২৭-২৮ নাট্যবর্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱী যাব অভিনেত্ৰী সুকন্যা ৰাজগুৰুক।

দুবছৰ অন্তত পুনৰ ভ্ৰাম্যমাণলৈ উভতনি যাত্ৰা

Assam Mobile Theatre: Jatin Bora to Make Comeback with Itihas Theatre
পুনৰ ভ্ৰাম্যমাণৰ মঞ্চলৈ যতীন বৰা, চুক্তিবদ্ধ হ’ল 'ইতিহাস থিয়েটাৰ'ৰ সৈতে (Photo : ETV Bharat Assam)

পুনৰ ভ্ৰাম্যমাণলৈ উভতনি যাত্ৰা সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত অভিনেতাগৰাকীয়ে কয়, “ছবিত অভিনয়ৰ পূৰ্বে মই মঞ্চত অভিনয় কৰিছিলোঁঁ । ১৯৯৪ চনত মই প্ৰথমবাৰৰ বাবে হেঙুল থিয়েটাৰৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰলৈ গৈছিলোঁ । মঞ্চৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছে, কাৰণ মঞ্চত অভিনয় কৰি মই বেছি ভাল পাওঁ । ছবি কৰাৰ বহু আগৰে পৰা মঞ্চত অভিনয়ৰ জৰিয়তে দুলাল ৰয়, ৰফিকুল হুছেইনকে ধৰি বহু নাট্যকৰ্মীৰ সান্নিধ্য লাভ কৰিছিলোঁ । আচলতে মই মঞ্চত অভিনয় কৰিহে চিনেমালৈ আহিছোঁ, মোৰ মঞ্চৰ অভিনয় চাইহে নিৰ্মাতাই ছবিত অভিনয় কৰাৰ প্ৰস্তাৱ দিছে ।”

অভিনেতাগৰাকীয়ে আৰু কয়, “কোনোবা এটা কোণত মনত কিছুমান হেঁপাহ থাকে মঞ্চত গৈ আৰু ভাল ভাল কাম কৰিবলৈ । ভ্ৰাম্যমাণত ভৱেন শইকীয়া, মুনিন বৰুৱাক পাইছিলোঁ । তাৰ পৰাই মই ভৱেন শইকীয়া, মুনিন বৰুৱাৰ লগত ছবি কৰাৰ সুযোগ পাইছিলোঁ । ভ্ৰাম্যমাণত ৰতন লহকৰ, হেমন্ত দত্ত, সেৱাব্ৰত বৰুৱা, কৃষ্ণ ৰয় আদিৰ দৰে লোকৰ সান্নিধ্য লাভ কৰিছিলোঁঁ । আনহাতে অভিজিত ভট্টাচাৰ্যৰ মোৰ প্ৰথম নাটক আছিল 'দৰা হ'ব কোন' ৷ সেইখন নাটক যথেষ্ট ব্যয় বহুল লগতে জনপ্ৰিয় নাটক আছিল । দুবছৰৰ বিৰতিৰ অন্তত পুনৰ যাবলৈ ওলাইছোঁ এটা ভাল অনুভৱ ।”

পুনৰ এবাৰ দৰ্শকক ওচৰৰ পৰা পোৱাৰ অনুভৱ

Assam Mobile Theatre: Jatin Bora to Make Comeback with Itihas Theatre
২০২৭-২৮ বৰ্ষত 'ইতিহাস থিয়েটাৰ'ত অভিনয় কৰিব যতীন বৰাই (Photo : ETV Bharat Assam)

ছবি আৰু ভ্ৰাম্যমাণত কৰা অভিনয় পৃথক পৃথক । ভ্ৰাম্যমাণত দৰ্শকক একেবাৰে ওচৰৰ পৰা পোৱা যায় । দুবছৰৰ বিৰতিৰ অন্তত পুনৰ এবাৰ দৰ্শকক ওচৰৰ পৰা পোৱাৰ অনুভৱ বাখ্যা কৰি অভিনেতাগৰাকীয়ে কয়, “ছবিৰ শ্বুটিঙত ৰি-টেক কৰিব পৰা যায় । মঞ্চখন হৈছে অভিনয়ৰ মাধ্যম । মোৰ মতে ভ্ৰাম্যমাণ হৈছে অভিনয়ৰ পাঠশালা । দৈনিক অভিনয় কৰি নিজৰ চৰিত্ৰতো বেলেগ বেলেগ ধৰণে কৰিব পাৰি । নিজকে পৰীক্ষা কৰিবলৈ খুব সহজ । ইয়াত দৰ্শকক একেবাৰে ওচৰৰ পৰা পোৱা যায় । ইয়াত কেৱল এটা বস্তু হয়- শ্ব' মাষ্ট গ' অন ।”

পিতৃ ঢুকোৱাৰ সময়তো অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে

এই সন্দৰ্ভত বৰাই কয়, “ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত ৰতন লহকৰে কৈছিল- শ্ব' মাষ্ট গ' অন । ইয়াত পৰিয়ালৰ কোনোবা লোক ঢুকালেও মঞ্চত উঠিবই লাগিব । প্ৰায় কেইবছৰমান পূৰ্বে ইতিহাস থিয়েটাৰৰ মঞ্চত থকা সময়তে মোৰ দেউতা ঢুকাইছিল । তেনেকৈ মই সেইদিনা দেউতাক মুখাগ্নি কৰি পুনৰ মঞ্চলৈ আহিবলগীয়া হৈছিল ৷ থিয়েটাৰ এখনৰ ক্ষেত্ৰত সমিতিয়ে এবছৰৰ আগতে সিদ্ধান্ত লয়, লগতে থিয়েটাৰৰ এখনত বহু শিল্পী কলা-কুশলী জড়িত হৈ থাকে । এই ক্ষেত্ৰত মই বুলিয়ে নহয় বহু শিল্পীয়েই এনেকুৱা কৰিবলগীয়া হয় । শেহতীয়াকৈ তপন দাসেও তেখেতৰ পত্নী ঢুকোৱাৰ তিনিদিনৰ পাছত আখৰা কৰিছে, সেইটো থিয়েটাৰখনৰ প্ৰতি থকা দায়বদ্ধতা ।”

দৰ্শকক আকৰ্ষণ কৰিবলৈ নাটকসমূহ কেনেধৰণৰ হ'ব লাগে

দৰ্শকক আকৰ্ষণ কৰিবলৈ নাটকসমূহ কেনেধৰণৰ হোৱা উচিত এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, “মোৰ মতে এয়া সম্পূৰ্ণ দৰ্শকৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰিব । দর্শকৰ ৰুচিৰ প্ৰতি সন্মান কৰি নাটক কৰিলে মই ভাল বুলি ভাবো ।”

ভ্ৰাম্যমাণলৈ যোৱাৰ পূৰ্বে পৰিকল্পনা

Assam Mobile Theatre: Jatin Bora to Make Comeback with Itihas Theatre
যতীন বৰাৰ নতুন নাটক (Photo : ETV Bharat Assam)

“কেইবাখনো ছবিৰ কাম কৰি থকা হৈছে । শীঘ্ৰে মোৰ অভিনীত ছবি 'অদৃশ্য'ই মুক্তি লাভ কৰিব । এই ছবিখনত 'দাগ'ৰ পাছত তপন দাস আৰু মোক একেলগে দর্শকে দেখা পাব । তাৰ পাছত আহিব 'বাৰুদ ০২' ৷ এই ছবিখনত বহুদিনৰ পাছত মোক আৰু ৰবি শর্মাক দর্শকে একেলগে দেখা পাব । সমান্তৰালভাৱে দৃশ্যগ্ৰহণ আৰম্ভ হ'ব । দুই-তিনিখন ছবিৰ কাম আছে, মই যোৱাৰ পূৰ্বে এইখিনি কাম কৰি যাম । এটা বছৰত এই আধৰুৱা কামসমূহ মই সম্পূৰ্ণ কৰিব লাগিব ।”

উল্লেখ্য যে, ২০২৪-২৫ নাট্যবর্ষৰ সুদীৰ্ঘ ৬ টা বছৰৰ অপেক্ষাৰ অন্তত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখা গৈছিল অভিনেতা যতীন বৰাক । সেই বর্ষত ইতিহাস থিয়েটাৰত অভিজিৎ ভট্টাচাৰ্যৰ তিনিখনকৈ নাট ক্ৰমে 'জুয়ে পোৰা মানুহ', 'মহাৰাজ' আৰু 'মহাবীৰ লাচিত'ত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকী ।

লগতে পঢ়ক : দুবছৰৰ বিৰতিৰ পিছত নতুন ৰূপেৰে উভতিল ৫৮ বছৰীয়া থিয়েটাৰ ভাগ্যদেৱী