ETV Bharat / entertainment

অন্ত পৰিল ভোটযুদ্ধ : গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে শিল্পীসমাজে

সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত প্ৰতিকূল বতৰকো নেওচি সাধাৰণ জনতাৰ সমান্তৰালকৈ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে শিল্পীসকলেও । শাৰীৰিক অসুস্থতাৰ মাজতো ভোটদান সাব্যস্ত কৰিলে গৰিমা শইকীয়া গাৰ্গে।

Assam assembly election 2026
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যৰ শিল্পীসকলেও (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2026 at 8:40 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : অন্ত পৰিল অসম বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া । প্ৰতিকূল বতৰকো নেওচি বৃহস্পতিবাৰে পুৱাৰে পৰা নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ বহু ৰাইজ ওলাই আহিল । বহু ঠাই দেখা ভোটাৰৰ দীঘলীয়া শাৰীও দেখা পাইছিল ।

সাধাৰণ জনতাৰ সমান্তৰালকৈ অসমীয়া সাংস্কৃতিক জগতৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীৰ লগতে কণ্ঠশিল্পীয়ে ভোটদান সাব্যস্ত কৰে । সমান্তৰালভাৱে অসুস্থ দেহৰে ভোটদান সাব্যস্ত কৰে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ।

  • ভোটাধিকাৰ সাব্যস্ত গৰিমা শইকীয়া গাৰ্গৰ

অসুস্থ শৰীৰে পুৱাৰ ভাগতে কাহিলীপাৰাৰ দক্ষিণগাঁও প্ৰাথমিক বিদ্যালয়ত গৰিমা শইকীয়া গাৰ্গে ভোটদান সাব্যস্ত কৰে । গৰিমা শইকীয়া গাৰ্গৰ লগত উপস্থিত থাকে ভগ্নী পামী বৰঠাকুৰ । ভোটাধিকাৰ সাব্যস্ত গৰিমা শইকীয়া গাৰ্গে কয়, ‘‘শৰীৰ সুস্থ নহয়, কালি চিকিৎসাৰ পৰা ঘৰলৈ আহিছো । আগতে মই সদায় জুবিনৰ সৈতে ভোটদান কৰিবলৈ আহিছিলো । ভোটদান সকলোৰে গণতান্ত্ৰিক অধিকাৰ, আমাৰ সকলোৰে এইটো দায়িত্ব । সেয়ে অসুস্থ দেহাৰে হ’লেও আজি ভোটদান কৰিবলৈ আহিছো ।’’

Assam assembly election 2026
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰে (ETV Bharat Assam)

আনহাতে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত তেওঁ কয়, ‘‘ন্যায়ৰ বাবেই আমি যুঁজি আছো । আশা কৰিছো সোনকালে এটা ৰিজাল্ট ওলাব ।’’

ইফালে জুবিন ভগ্নী পামী বৰঠাকুৰে কয়, ‘‘সকলোৱে সজাগ আৰু সতৰ্ক হৈ ভোটাদান কৰক ৷ তেতিয়াহে আমি বিচৰা ধৰণে কথাবোৰ হ'ব ।’’

  • ভোটাধিকাৰ সাব্যস্ত কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তৰ

নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ দুদিনীয়া কাৰ্যসূচীৰে মুম্বাইৰ পৰা অসমত উপস্থিত হয় অংগৰাগ পাপন মহন্ত । মহানগৰীৰ এ আই ডি ছি. কাৰ্যলয়ত দিনৰ ভাগত পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে কণ্ঠশিল্পীগৰাকীয়ে ।

Assam assembly election 2026
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে পাপন অংগৰাগ মহন্তই (ETV Bharat Assam)

গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত জুবিনক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহে কৰা ৰাজনীতিকৰণৰ প্ৰসংগত তেওঁ কয়, ‘‘কোনে কি কৈছে সেইটো ডাঙৰ কথা নহয়, জুবিনৰ ন্যায় আমি বিচাৰি আছো । সোনকালে আমাক ন্যায় লাগে ।’’

লগতে এইবাৰ বিহুমঞ্চত পাপনক দেখা নাযাব বুলিও জনায় কণ্ঠশিল্পীগৰাকীয়ে । ‘‘জুবিনৰ অনুপস্থিতিয়ে এইবাৰ যে বিহুত এক শূন্যতা অনুভৱ হ’ব’’ - বুলিও কয় কণ্ঠশিল্পীগৰাকীয়ে ।

  • ভোটাধিকাৰ সাব্যস্ত কণ্ঠশিল্পী তৰালী শৰ্মাৰ

মহানগৰীৰ এ আই ডি ছি. কাৰ্যলয়ত ভোটাধিকাৰ সাব্যস্ত কৰে কণ্ঠশিল্পী তৰালী শৰ্মাই । ভোটদান কৰি সংবাদ মাধ্যমৰ সন্মুখত তৰালী শৰ্মাই এইবাৰৰ নিৰ্বাচনী পৰিৱেশটোৰ চিন্তাশীল বুলিও মন্তব্য কৰে ৷ আনহাতে বিহুৰ প্ৰস্তুতিৰ সন্দৰ্ভতো কেতবোৰ মন্তব্য কৰে তৰালী শৰ্মাই ৷

Assam assembly election 2026
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে তৰালী শৰ্মাই (ETV Bharat Assam)

জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ প্ৰসংগত কয়, ‘‘মই ভাবো জুবিন গাৰ্গ এটা বহুত বেছি বৃহৎ আৰু পৃথক বিষয় । তেওঁৰ সত্ত্বা বহুত বেছি গভীৰ ৷ ইমান ডাঙৰ আমি আচলতে তেখেতক একেবাৰে একাষৰীয়া কৰি থৈ দিব লাগে ৷ হকে বিহকে তেওঁৰ নামটো আনিব নালাগে । তেতিয়া সেই সত্ত্বাৰ প্ৰতি অসন্মান কৰা যেন মোৰ অনুভৱ হয় ।’’

  • ভোটাধিকাৰ সাব্যস্ত কণ্ঠশিল্পী দীপলিনা ডেকাৰ

পৰিয়ালৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে কণ্ঠশিল্পী দীপলিনা ডেকাই । গীতানগৰৰ জ্যোতি বিদ্যাপীঠ প্রাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কণ্ঠশিল্পীগৰাকীয়ে ।

Assam assembly election 2026
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে দীপলিনা ডেকাই (ETV Bharat Assam)

নৱগঠিত ডিমৰিয়া সমষ্টিত ভোটদান কৰি সংবাদ মাধ্যমৰ সন্মুখত কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘‘ইমান দিনে দিছপুৰ সমষ্টিত ভোটদান কৰি আহিছিলো ৷ এইবাৰ নৱ গঠিত ডিমৰিয়া সমষ্টিত ভোটদান কৰিলো । ডিমৰিয়া সমষ্টিত যিবোৰ সমস্যা যিয়ে সমাধান কৰিব বুলি ভাবিছো তেওঁকে বিবিকেৰে ভোটদান কৰিছো । যুৱ প্ৰজন্মৰ যিসমূহ সমস্যা আছে সেইসমূহৰ সমাধান লাগে । সেয়ে যুৱ প্ৰজন্মৰ পৰা নিৰ্ভীক কণ্ঠ গণতন্ত্ৰলৈ যোৱাটো প্ৰয়োজন । লগতে এগৰাকী নাৰী হিচাপে বিধানসভাত আৰু বেছি নাৰীৰ কণ্ঠ থকাটো মই বিচাৰো ।’’

Assam assembly election 2026
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে ৰবি শৰ্মা আৰু মৈত্ৰেয়ী প্ৰিয়দৰ্শিনীয়ে (ETV Bharat Assam)
  • ৰবি শৰ্মা, যতীন বৰা, আঙুৰলতা ডেকা, আইমী বৰুৱাৰ ভোটদান

পত্নীৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে অভিনেতা ৰবি শৰ্মা আৰু যতীন বৰাই । স্বামী পীযুষ হাজৰিকা সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে অভিনেত্ৰী আইমী বৰুৱাই । অভিনেত্ৰী আঙুৰলতা ডেকায়ো পুৱাৰ ভাগত সাব্যস্ত কৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ ।

Assam assembly election 2026
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে আইমী বৰুৱাই (ETV Bharat Assam)
Assam assembly election 2026
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে আঙুৰলতা ডেকাই (ETV Bharat Assam)
Assam assembly election 2026
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে যতীন বৰা আৰু নৱনীতা শৰ্মাই (ETV Bharat Assam)

লগতে ৰাজ্যৰ আন আন শিল্পীসকলেও ব্যস্ততাৰ মাজতেই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা দেখা যায় । জানিব পৰা অনুসৰি, থিয়েটাৰ ব্যস্ততাৰ বাবে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰলে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ।

লগতে পঢ়ক : নৱগঠিত ডিমৰীয়া সমষ্টিত গণতন্ত্ৰৰ উৎসৱ : সুকলমে সম্পন্ন ভোটগ্ৰহণ প্ৰক্ৰিয়া

লগতে পঢ়ক : বৰাকত সুকলমে ভোটদান সম্পন্ন, ৰাইজৰ মাজত ব্য়াপক উছাহ

লগতে পঢ়ক : তামুলপুৰত সংঘটিত নিৰ্বাচনী হিংসাক গৰিহণা প্ৰমোদ বড়োৰ, উচিত বিচাৰৰ দাবী

লগতে পঢ়ক : পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজ ওলাই আহিছে : ভোটদানৰ পাছতে গৌৰৱ গগৈৰ এই মন্তব্য

লগতে পঢ়ক : ভোটদান কৰি বিজয়যাত্ৰা অব্যাহত ৰখাৰ আশা প্ৰকাশ কেশৱ মহন্তৰ