ETV Bharat / entertainment

নতুন গান 'এক দিন'ত পৰ্দাত একেলগে অৰিজিত-আমিৰ

'এক দিন' গানটোত আমিৰৰ জিয়াগঞ্জৰ ভ্ৰমণ কাহিনী দেখিবলৈ পাব ৷ গীতটি শুনিয়েই নহয়, ভিডিঅ’ চাই আৱেগিক হৈ পৰিছে নেটিজেন ।

Arijit Singh song ek din releases starring Aamir Khan son junaid khan and sai pallavi
আমিৰ খান-অৰিজিত সিং (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : February 23, 2026 at 3:05 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : পৰ্দাত অৰিজিত সিং-আমিৰ খানৰ যুটি । সাই পল্লৱী আৰু জুনেইদ খান অভিনীত এক দিন চিনেমাখনৰ টাইটেল ট্ৰেকটো আজি মুক্তি পালে । গীতটোত আমিৰৰ মুৰ্ছিদাবাদৰ জিয়াগঞ্জ ভ্ৰমণৰ কাহিনীও চিত্ৰিত হৈছে । গীতটি কেৱল শুনিয়েই নহয়, চাইয়ো নেটিজেনসকল আৱেগিক হৈ পৰিছে ।

এমাহ পূৰ্বে অৰিজিত সিঙে হিন্দী ছবিত প্লেবেক গায়কীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । সংগীত জগতত শিল্পীগৰাকীৰ এই সিদ্ধান্তই সকলোকে স্তম্ভিত কৰি তুলিছিল । এতিয়া এক দিন ছবিৰ শিৰোনাম গানটোত অৰিজিতৰ কণ্ঠ শুনি শ্ৰোতা-দৰ্শক আৱেগিক হৈ পৰিছে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বলীউডৰ মিষ্টাৰ পাৰফেকশ্যনিষ্ট আমিৰ খানে জিয়াগঞ্জত অৰিজিত সিঙৰ সৈতে একেলগে দিন কটায় । তাত এটা চলচ্চিত্ৰ গীতৰ ৰেকৰ্ডিং ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে ।

ভিডিঅ’টোৰ আৰম্ভণিতে অৰিজিত আৰু আমিৰৰ মাজত কথা-বতৰা চলে । আমিৰে অৰিজিতক প্ৰশ্ন কৰা শুনা যায় । তেওঁ সোধে, "আপুনি নতুনকৈ একো প্ৰজেক্ট আৰু নলয়, অলপ আৰাম কৰিব বিচাৰিছে ? নে এইটো কেৱল হিন্দী ছবিৰ বাবে ?" এই প্ৰশ্নত অৰিজিতে হাঁহে । আমিৰে তেতিয়া কয়, "সেইটো নকৰিবা বন্ধু । তেতিয়া আমাৰ কি হ'ব ?" তাৰ পিছতেই অৰিজিত সুৰীয়া কণ্ঠ শুনিবলৈ পোৱা যায় ।

গীতৰ কথাবোৰে প্ৰেম আৰু বিচ্ছেদৰ সুৰ আৰু আৱেগক উপস্থাপন কৰিছে । আমিৰৰ জিয়াগঞ্জ ভ্ৰমণৰ কাহিনীও ভিডিঅ’টোত দেখা গৈছে । বহুতে এই কাৰণেই আমিৰ জিয়াগঞ্জ গৈছিল বুলিও এতিয়া সন্দেহ প্ৰকাশ কৰিছে ৷

ভিডিঅ’টোত দেখা গৈছে যে কেনেকৈ অৰিজিতে আমিৰক দেখাৰ লগে লগে তেওঁৰ ভৰি চুই প্ৰণাম কৰিছিল । তাৰ পিছত গীতটোৰ লগতে সংগীত পৰিচালক ৰাম সম্পথ আৰু চলচ্চিত্ৰ পৰিচালক সুনীল পাণ্ডেৰ সৈতে অৰিজিতৰ সাক্ষাৎ ।

অৰিজিতৰ ঘৰত আমিৰ :

মজিয়াত বহি খোৱাৰ পৰা আৰম্ভ কৰি গীতৰ অধিবেশনৰ বিভিন্ন মুহূৰ্ত, অৰিজিতৰ স্কুটীৰ পিছফালে বহি আমিৰৰ ৰাতিৰ আড্ডা, সেই সকলোবোৰ ঘটনাৰ ভিডিঅ’টোত বন্দী কৰা হৈছে ।

এই গীতটিৰ কথা লিখিছে ইৰছাদ কামিলে । সংগীত প্ৰযোজক ৰাম সম্পথ আৰু শ্বমু ছীল । গীতটি ৰেকৰ্ডিং কৰা হৈছিল অৰিজিতৰ ব্যক্তিগত ষ্টুডিঅ'ত । অৰিজিত সিঙৰ ৰেকৰ্ডিং ইঞ্জিনিয়াৰ আছিল সুকান্ত সিং । বি টি এছৰ ৰেকৰ্ডিং কৰিছে সন্ধ্যা নিগমে ।

চিনেমাখনৰ নাম ‘এক দিন’। সাই পল্লৱী আৰু আমিৰৰ পুত্ৰ জুনেইদ খানক মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব । কাহিনীটো ৰচনা কৰিছে স্নেহা দেশাও আৰু স্পন্দন মিশ্ৰই । প্ৰডাকশ্যনৰ দায়িত্বত আছে মনছুৰ খান, আমিৰ খান, অপৰ্ণ পুৰোহিত । সোমবাৰে জি মিউজিকে ছ’চিয়েল মিডিয়াত গীতটো মুকলি কৰে ।

লগতে পঢ়ক : ৪৭ বছৰৰ পাছত ৰজনীকান্ত আৰু কমল হাছান একেলগে ৰূপালী পৰ্দাত... 'নায়ক কোন'?