মনোমালিন্যৰ মাজতো ছবিত কণ্ঠদান কৰা শেষৰটো গান ছলমানৰ সৈতেই আছে অৰিজিতৰ
ছলমান-অৰিজিতৰ মাজৰ বিৰ্তক সকলোৰে জ্ঞাত ৷ ‘ভাইজান’ৰ বাবে মাত্ৰ চাৰিটা গীত গাইছিল তেওঁ ৷ আনকি গায়কগৰাকীৰ শেষৰটো গীতো ছলমান খানৰ সৈতেই এক সহযোগিতা ৷

By ETV Bharat Entertainment Team
Published : January 28, 2026 at 2:50 PM IST
হায়দৰাবাদ : ২৭ জানুৱাৰীৰ নিশা ভাৰতীয় চিনেমাৰ প্ৰখ্যাত গায়ক অৰিজিত সিঙে এক চাঞ্চল্যকৰ ঘোষণা কৰে । নিশা ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টত কণ্ঠশিল্পীগৰাকীয়ে প্লে-বেক গায়কীৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । তেওঁ উল্লেখ কৰে যে নেপথ্য কণ্ঠশিল্পী হিচাপে তেওঁৰ যাত্ৰা অসাধাৰণ আৰু এতিয়া তেওঁ এই যাত্ৰাৰ ইয়াতেই সমাপ্তি ঘটাইছে ।
অৰিজিত সিঙে বলীউডৰ বহু মৰ্মস্পৰ্শী আৰু ৰোমাণ্টিক গীতত কণ্ঠদান কৰিছে ৷ চিনেমাৰ ভাল গান বুলিলেই সকলোৰে মনলৈ সিঙৰ নামটোৱে মনলৈ আহে ৷ তেওঁৰেই যেন ৰাজত্ব আছিল ক্ষেত্ৰখনত ৷ সমগ্ৰ দেশৰ মানুহে তেওঁৰ গীত শুনি সান্ত্বনা লভে, প্ৰতিটো মোজাজৰে বাবে আছে এটা এটা গান ।
উল্লেখ্য যে, ছলমান খানৰ সৈতে হোৱা বিতৰ্কৰ পিছতো অৰিজিত সিঙে তেওঁৰ বাবে গান গাই থাকিল । এতিয়া তথ্য অনুসৰি, অৰিজিতৰ শেষৰটো প্লে-বেক গান আছে ছলমান খানৰ ছবি ‘বেটেল অফ গালৱান’ত । ছলমান খানৰ সৈতে অৰিজিত সিঙৰ শেষৰটো গীত এটা দেশপ্ৰেমমূলক গীত, যিটোৱে ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিছে ।
ছলমান খানৰ সৈতে অৰিজিত সিঙৰ সহযোগিতা
মাতৃভূমি
শেহতীয়াকৈ মুক্তি পোৱা হিমেশ ৰেশমীয়াৰ সুৰেৰে অৰিজিত সিঙৰ কণ্ঠত ‘মাতৃভূমী’ গীতটো বিপুল হিট হিচাপে প্ৰমাণিত হৈছে । যেতিয়াই ছলমান খান আৰু অৰিজিত সিঙে সহযোগিতা কৰে, তেতিয়াই তেওঁলোকৰ গীতে নিমিষতে মানুহৰ প্লে’লিষ্টত স্থান লাভ কৰে । বছৰ বছৰ ধৰি এই যুটিয়ে শক্তিশালী ডান্স নম্বৰৰ পৰা আৰম্ভ কৰি হৃদয়স্পৰ্শী ৰোমাণ্টিক গীতলৈকে বহুখিনি আগবঢ়াইছে আৰু এতিয়া এটা শক্তিশালী দেশপ্ৰেমমূলক গীতেৰে অৰিজিতে ছবিত কণ্ঠ দিয়া এই যাত্ৰাৰ সামৰণি পেলাইছে ।
আগন্তুক ছবি ‘বেটেল অফ গালৱান’ৰ দেশপ্ৰেমমূলক গীত ‘মাতৃভূমী’ এ এই যুটিটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে । আৱেগিক প্ৰভাৱ আৰু জাতিলৈ শ্ৰদ্ধাঞ্জলি জনোৱা এইটো এটা বিশেষ গীত ।
হিমেশ ৰেশমীয়াৰ সুৰ আৰু অৰিজিত সিং-শ্ৰেয়া ঘোষালে কণ্ঠদান কৰা এই গীতটোত ছলমান খানৰ শক্তিশালী অভিনয় দেখিবলৈ পোৱা গৈছে । গীতটোৱে অনুৰাগীৰ পৰা যথেষ্ট আপ্লুত সঁহাৰি লাভ কৰিছে ।
লেকে প্ৰভু কা নাম
ছলমান-অৰিজিত যুটিৰ এটা ডাঙৰ হিট টাইগাৰ ৩ৰ ‘লেকে প্ৰভু কা নাম’ গীতটো । এইটো এটা শক্তিশালী ডান্স নম্বৰ, যিয়ে ছলমান খানৰ ষ্টাইলিছ আৰু মনোমোহা শৈলী প্ৰদৰ্শন কৰে । আকৰ্ষণীয় সুৰ আৰু সংগীতে গানটোক অনুৰাগীৰ প্ৰিয় কৰি তুলিছিল ।
ৰুৱান
একেখন ছবিৰে আন এটা গীত ‘ৰুৱান’ হৈছে এটি কোমল আৰু ছেণ্টিমেণ্টেল ৰোমাণ্টিক বেলাড । ইয়াত প্ৰেম আৰু বিচ্ছেদৰ আৱেগক সুন্দৰকৈ উপস্থাপন কৰা হৈছে । অৰিজিত সিঙৰ কণ্ঠই গীতটোক আৰু অধিক হৃদয়স্পৰ্শী কৰি তুলিছে ।
হাম আপকে বিনা
তালিকাখন সম্পূৰ্ণ কৰি তুলিছে ছিকন্দৰ ছবিৰ ‘হাম আপকে বিনা’ ৰোমাণ্টিক গানটোৱে ৷ আকৌ এবাৰ ছলমান খান আৰু অৰিজিত সিঙৰ যুটিৰ যাদু প্ৰদৰ্শন কৰিছে এই গানটোৱে ।
এই চাৰিটা গীতে ছলমান খান আৰু অৰিজিত সিঙৰ যুগলবন্দী প্ৰদৰ্শন কৰে । নৃত্য-প্ৰৰোচক সংগীতেই হওক, হৃদয়স্পৰ্শী ৰোমাঞ্চেই হওক বা দেশপ্ৰেমৰ মনোভাৱেই হওক এই যুটিয়ে আজীৱন গুণগুণাই থাকিব পৰাকৈ কেবাটাও শ্ৰুতিমধুৰ গান শ্ৰোতাক উপহাৰ দিলে ৷ শ্ৰোতা-দৰ্শকৰ আশা অৱশ্যেই ভৱিষ্যতৰ বাবেও আছে ৷
লগতে পঢ়ক : হঠাৎ এটা ডাঙৰ ঘোষণা ! আৰু চিনেমাত কণ্ঠদান নকৰে অৰিজিত সিঙে

