অৱসৰৰ সিদ্ধান্ত অৰিজিতৰ, আন শিল্পীসকলৰ প্ৰশ্ন-এতিয়াই কিয় ?
অৰিজিত সিঙৰ সিদ্ধান্তত দুখী কুমাৰ ছানু, আন তাৰকাও শোকাহত, সকলোৰে প্ৰশ্ন - কিয় ? শ্ৰেয়া ঘোষালেও কৰিছে মন্তব্য ৷ বহুতৰ প্ৰতিক্ৰিয়া ৷

By ETV Bharat Entertainment Team
Published : January 28, 2026 at 5:36 PM IST
হায়দৰাবাদ : প্লেবেক গায়কীৰ পৰা অৱসৰৰ কথা ঘোষণাৰ জৰিয়তে অৰিজিত সিঙে কেৱল লাখ লাখ অনুৰাগীৰে নহয়, ভাৰতীয় মনোৰঞ্জন ক্ষেত্ৰখনৰ আগশাৰীৰ প্লেবেক গায়ক-গায়িকাসকলকো প্ৰভাৱিত কৰিছে ৷ কুমাৰ ছানু হতাশ হৈ পৰিছে যেন অনুভৱ হয় ৷
অৰিজিত সিঙৰ অৱসৰৰ সিদ্ধান্তক লৈ নিজৰ মত মুকলিৰৈ প্ৰকাশ কৰিছে কুমাৰ ছানুৱে । কুমাৰ ছানুৰ লগতে ছবি জগতৰ আন বহু তাৰকাইও অৰিজিত সিঙৰ এই সিদ্ধান্ত সন্দৰ্ভত মত প্ৰকাশ কৰিছে ।
অৰিজিত সিঙৰ এই পোষ্টটো তেওঁৰ অনুৰাগীৰ মন্তব্যৰে উপচি পৰিছে, সকলোৱে একেটা প্ৰশ্নকে সুধিছে : কিয় ?
অৰিজিত সিঙৰ অৱসৰ
প্লেবেক গায়কীৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰা পোষ্টটোত অৰিজিত সিঙে লিখিছে, "নমস্কাৰ, আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালো । আপোনালোকে মোক যিমানখিনি মৰম আৰু সন্মান দিছে তাৰ বাবে মই কৃতজ্ঞ । মই ঘোষণা কৰি সুখী যে এতিয়াৰ পৰা নেপথ্য কণ্ঠশিল্পী হিচাপে কোনো নতুন প্ৰজেক্ট মই নকৰোঁ । এয়া মই বন্ধ কৰিছো । এক অবিস্মৰণীয় যাত্ৰা আছিল ।" পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে নিমিষতে অনুৰাগীসকলৰ মাজত হুলস্থূলৰ সৃষ্টি হয় ।
কুমাৰ ছানুৰ প্ৰতিক্ৰিয়া
অৰিজিত সিঙৰ এই পোষ্টটোক লৈ তেওঁৰ লাখ লাখ অনুৰাগী আৰু চেলেব্ৰিটীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিশিষ্ট গায়ক কুমাৰ ছানুৱে দুখ মনেৰে লিখিছে, "এই কথা শুনি মই গভীৰ দুখ পাইছো, কাৰণ আপোনাৰ মাতটো লাখৰ ভিতৰত এজন । মই আপোনাৰ কণ্ঠক সদায় ভাল পাই আহিছো । মই আপোনাক এজন ব্যক্তি হিচাপেও প্ৰশংসা কৰো । ইমান কম বয়সতে ইমান ডাঙৰ পদক্ষেপ লোৱাৰ সাহস থকাৰ বাবে মই গৌৰৱান্বিত । ভগৱানে আপোনাক আশীৰ্বাদ কৰক । মই জানো যে আপুনি এজন গ্ল'বেল ষ্টাৰ ।"

শ্ৰেয়া ঘোষাল সুখী
অৰিজিতৰ এই সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কণ্ঠশিল্পী শ্ৰেয়া ঘোষালে । কণ্ঠশিল্পীগৰাকীয়ে লিখিছে, "এয়া অৰিজিতৰ বাবে এক নতুন যুগৰ আৰম্ভণি আৰু এইজন প্ৰতিভাৱান শিল্পীৰ সৃষ্টিবোৰ শুনিবলৈ, বুজিবলৈ আৰু অনুভৱ কৰিবলৈ মই অত্যন্ত উৎসাহিত হৈ আছো !! এইটোক মই এটা যুগৰ অন্ত বুলি ক'ব নোৱাৰো । তেওঁৰ দৰে এজন প্ৰতিভাৱান শিল্পীক গতানুগতিক পদ্ধতি আৰু মাধ্যমেৰে সংজ্ঞায়িত কৰিব নোৱাৰি আৰু কোনো নিৰ্দিষ্ট সূত্ৰতে আৱদ্ধ কৰি ৰাখিব নোৱাৰি । মোৰ প্ৰিয় অৰিজিত, ইয়াতকৈও ওপৰলৈ উৰাৰ সময় আহি পৰিছে ।"

অৰিজিতৰ এই পোষ্টক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাসকলৰ ভিতৰত আশীষ চাঞ্চলনী, যশৰাজ মুখাটে, অৰমান মালিক, ৰেপাৰ বাদশ্বাহ, গায়িকা ৰাজা কুমাৰী, ভোজপুৰী অভিনেত্ৰী নম্ৰতা মাল্লা, অভিনেতা সিদ্ধান্ত কাপুৰ, অভিনেত্ৰী ৰিচা চাড্ডা, কাষ্টিং ডাইৰেক্টৰ মুকেশ ছাব্ৰাকে ধৰি বহু তাৰকা আছে । অৰিজিত সিঙৰ অৱসৰৰ পোষ্টটো ২২ লাখ লোকে লাইক কৰিছে ।
লগতে পঢ়ক : মনোমালিন্যৰ মাজতো ছবিত কণ্ঠদান কৰা শেষৰটো গান ছলমানৰ সৈতেই আছে অৰিজিতৰ

