হঠাৎ এটা ডাঙৰ ঘোষণা ! আৰু চিনেমাত কণ্ঠদান নকৰে অৰিজিত সিঙে
অনুৰাগীসকলক নতুন বছৰৰ শুভেচ্ছা জনাই অৰিজিত সিঙে হঠাত নেপথ্য কণ্ঠশিল্পী হিচাপে অৱসৰ লোৱাৰ কথা ঘোষণা কৰে । কিয় এই সিদ্ধান্ত ?

By ETV Bharat Entertainment Team
Published : January 28, 2026 at 10:41 AM IST
হায়দৰাবাদ : হঠাৎ ডাঙৰ ঘোষণা অৰিজিত সিঙৰ । শিল্পীগৰাকীয়ে আৰু কোনো বোলছবিত নেপথ্য কণ্ঠশিল্পী হিচাপে গান নাগায় । কিয় হঠাৎ অৱসৰৰ দিশে আগবাঢ়িল সকলোৰে প্ৰিয় শিল্পীগৰাকী ?
মঙলবাৰে সন্ধিয়া সামাজিক মাধ্যমৰ এটা পোষ্টত অৰিজিত সিঙে লিখিছে, "সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ । ইমান বছৰে শ্ৰোতা হিচাপে মোক ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ । মই ঘোষণা কৰি সুখী যে এতিয়াৰ পৰা নেপথ্য কণ্ঠশিল্পী হিচাপে কোনো নতুন প্ৰজেক্ট মই নকৰোঁ । এয়া মই বন্ধ কৰিছোঁ । এক অবিস্মৰণীয় যাত্ৰা আছিল ।"
অৰিজিতৰ এই ঘোষণাই তেওঁৰ অনুৰাগীসকলক বাকৰুদ্ধ কৰি তুলিছে । শিল্পীগৰাকীৰ হঠাৎ অৱসৰৰ ঘোষণাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই । শেষত অৰিজিতে লিখিছে, "এই যাত্ৰা সঁচাকৈয়ে ধুনীয়া আছিল ।"
অৰিজিতৰ এই পোষ্টটো নিমিষতে ভাইৰেল হৈ পৰিল । কিয় এই সিদ্ধান্ত ? ইয়াৰ উত্তৰ বিচাৰি ইণ্টাৰনেটত বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে নেটিজেনে ।
উল্লেখ্য যে, শেহতীয়াকৈ মুক্তি লাভ কৰিছে ৰোমিঅ’ চিনেমাৰ পৰা তেওঁ গোৱা ‘হম তেৰে লিয়ে’ গীতটো । এই গীতটোৱে ইতিমধ্যে বহুত ভিউজ লাভ কৰিছে ।
জানিব পৰা মতে, অৰিজিতে পৰিচালনাৰ দিশে মন মেলিছে । ইতিমধ্যে তেওঁ দুখন ছবি পৰিচালনাৰ দায়িত্ব লৈছে । সূচী অনুসৰি শ্বুটিঙো চলি আছে । অৰিজিতে নিজৰ সংগীত সৃষ্টিৰ বাবে অধিক সময় উচৰ্গা কৰিব বিচাৰিছে । প্ৰায় ১৫ বছৰীয়া কেৰিয়াৰত অৰিজিতে দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে অগণন হিট গান উপহাৰ দিছে । পিছে তেওঁৰ এই সিদ্ধান্তই ভাৰতীয় সংগীত জগতখনক স্তম্ভিত কৰি তুলিছে ।
অৱশ্যে অৰিজিতে গানৰ চৰ্চা এৰি দিয়া নাই । তেওঁ স্পষ্টকৈ কৈছে যে তেওঁ গান গোৱা বা সংগীত সৃষ্টি কৰা বন্ধ কৰা নাই । কেৱল ব্যৱসায়িক ছবিৰ বাবে প্লেবেক গোৱাৰ পৰাহে আঁতৰি যাব বিচাৰিছে । যদিও তেওঁ ইয়াৰ কাৰণ স্পষ্ট কৰা নাই ।
সিঙে নিজৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ বিতংভাৱে নক’লেও এই ঘোষণাই অনুৰাগীসকলক ভবাই তুলিছে ৷ বহু অনুৰাগীয়ে কমেণ্ট ছেকশ্যনত নিজৰ হতাশা প্ৰকাশ কৰিছে । "বহুত সোনকাল হ’ল ছাৰ, ই বাস্তৱ হ’ব নোৱাৰে," এজন ব্যৱহাৰকাৰীয়ে লিখিছে ।
আন এজন ব্যক্তিয়ে লিখিছে, "এইটো সঁচা হ'ব নোৱাৰে । আৰে কিন্তু কিয় ??????? আপুনি আমাৰ লগত কিয় এনেকুৱা কৰি আছে ??? প্লিজ নাযাব । আমাক আপোনাক অন্ততঃ ২০ বছৰৰ বাবে প্ৰয়োজন ৷"
ভাৰতীয় সংগীত জগতত সিঙৰ উত্থান বহুতৰ বাবে প্ৰেৰণাদায়ক । ২০০৫ চনত ৰিয়েলিটী শ্ব' ‘ফেম গুৰুকুল’ত প্ৰতিযোগী হিচাপে আৰম্ভণি কৰা অৰিজিতে ২০১১ চনত ইমৰাণ হাছমী অভিনীত ‘মাৰ্ডাৰ ২’ৰ গান ‘ফিৰ মহব্বত’ ত কণ্ঠদান কৰি এই যাত্ৰাৰ অভিষেক ঘটায় ।
২০১৩ চনত ‘আশিকী ২’ৰ হিট গান ‘তুম হি হো’ৰ জৰিয়তে তেওঁ সকলোৰে হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছত সিং বহু ধাৰাৰ গীতৰ লগতে যিকোনো মেজাজৰ প্ৰিয় কণ্ঠস্বৰ হৈ পৰে, সেয়া লাগিলে প্ৰেম হওক, হৃদয় বিদাৰক হওক বা সুখৰ গানেই নহওক কিয়, সকলোতে কেৱল অৰিজিতৰ কণ্ঠ । চান্না মেৰেয়া, অগৰ তুম সাথ হো, ৰাবতা, কেশৰিয়া, গেৰুৱা, এ দিল হে মুস্কিল আৰু চালেয়া এইসমূহ গীতৰ কথা উল্লেখ কৰিব পাৰি ।
বছৰ বছৰ ধৰি তেওঁ হিন্দী চিনেমাৰ প্ৰায় সকলো আগশাৰীৰ তাৰকাক নিজৰ কণ্ঠ ধাৰলৈ দিছে - ছুপাৰষ্টাৰ ছলমান খান আৰু শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি ৰণবীৰ কাপুৰ আৰু ৰণবীৰ সিঙৰ দৰে অভিনেতালৈকে সকলোৰে বাবে গান গাইছে তেওঁ ।
সিঙে হিন্দী, বাংলা, তামিল, তেলুগু, মালয়ালম আৰু মাৰাঠীকে ধৰি একাধিক ভাৰতীয় ভাষাত গীত ৰেকৰ্ডিং কৰিছে আৰু আগশাৰীৰ সুৰকাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে সহযোগিতা কৰিছে ।
বহুতো ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ লগতে একাধিক শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়কৰ সন্মানো লাভ কৰিছে অৰিজিত সিঙে । যোৱা বছৰৰ জুলাই মাহত সিঙে গ্লোবেল পপ তাৰকা টেইলৰ চুইফ্ট আৰু এড শ্বীৰাণক পিছ পেলাই ১৫১ মিলিয়ন অনুগামীৰে মিউজিক ষ্ট্ৰীমিং প্লেটফৰ্ম স্পটিফাইত সৰ্বাধিক অনুসৰণ কৰা শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল ।

