বিতৰ্কৰ মাজত ৰহমানৰ কাষত আমিন-ৰহিমা-খাটিজা, সমালোচকক তীক্ষ্ণ উত্তৰ
ধৰ্মীয় মন্তব্য কৰি বিতৰ্কৰ সন্মুখীন হৈছে এ আৰ ৰহমান । অস্কাৰ বিজয়ী কণ্ঠশিল্পীগৰাকীৰ সন্তানে এতিয়া সমালোচনাক লৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

By ETV Bharat Entertainment Team
Published : January 20, 2026 at 2:29 PM IST
হায়দৰাবাদ : এইগৰাকী তাৰকা সাধাৰণতে লাইমলাইটৰ পৰা আঁতৰি থাকে । ছ’চিয়েল মিডিয়াত তেওঁৰ সাক্ষাৎকাৰ কমকৈ দেখিবলৈ পোৱা যায়, কিন্তু আচল জীৱনত কাম তেওঁৰ বহুত বেছি । শেহতীয়াকৈ অস্কাৰ বিজয়ী শিল্পীগৰাকী তেওঁৰ এটা মন্তব্যৰ বাবে বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।
ধৰ্মীয় মেৰুকৰণ সন্দৰ্ভত ৰহমানৰ বক্তব্যই ব্যাপক দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ সমালোচনা কৰাত ব্যস্ত হৈ পৰিছে নেটিজেনসকল ৷ কিন্তু দেশৰ প্ৰতি থকা ৰহমানৰ প্ৰেম পাহৰি যোৱা সমালোচকৰ প্ৰতি ৰহমানৰ সন্তানে উচিত সঁহাৰি দিছে । ছ’চিয়েল মিডিয়াত খাটিজা, ৰহিমা আৰু আমিনে পিতৃৰ কাষত থিয় দি তেওঁক সমৰ্থন কৰিছে । তেওঁলোকে পুনৰবাৰ দেশবাসী আৰু সমালোচকসকলক সোঁৱৰাই দিছে যে তেওঁলোকৰ পিতৃ এ আৰ ৰহমানে এই দেশখনক কেনেদৰে গৌৰৱান্বিত কৰিছিল ।


আমিনৰ পোষ্ট
আমিন আৰু তেওঁৰ ভগ্নী খাটিজা আৰু ৰহিমাই পিতৃৰ সমৰ্থনত ইনষ্টাগ্ৰাম ষ্ট’ৰীত কেইবাটাও পুৰণি ভিডিঅ’ আৰু ফটো পোষ্ট কৰিছে । এটা ভিডিঅ’ত দেখা গৈছে যে ৰহমানে ক্ৰিকেট ষ্টেডিয়ামত বিশাল জনসমাগমৰ আগত হাত জোকাৰি আছে, আনহাতে তেওঁৰ অস্কাৰ বিজয়ী গীত ‘জয় হো’ স্পীকাৰত বাজি আছে । ৰহমানৰ সন্তানে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰৰ পৰা ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ এখন ফটোও পোষ্ট কৰিছে ।
ইয়াৰ লগতে ইনষ্টা ষ্ট’ৰীত মোদীয়ে ৰহমানক প্ৰশংসা কৰা ভিডিঅ’ও শ্বেয়াৰ কৰিছে, য'ত প্ৰধানমন্ত্ৰীয়ে কোৱা শুনা যায়, "এ আৰ ৰহমানৰ সংগীত হওক বা ৰাজামৌলীৰ গল্প কোৱা শৈলী হওক, ই ভাৰতীয় সংস্কৃতিৰ কণ্ঠস্বৰত পৰিণত হৈছে আৰু বিশ্বৰ কোটি কোটি মানুহৰ হৃদয় জয় কৰিছে ।"


ৰহিমাৰ পোষ্ট
খাটিজাইও একেটা ভিডিঅ’ আৰু ফটো তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰে । ৰহিমাই সাম্প্ৰদায়িক বিভাজনৰ ভিত্তিত তৰ্ক কৰা লোকসকলক সমালোচনা কৰি কেইটামান টোকা পোষ্ট কৰে । তেওঁ শ্বেয়াৰ কৰা এটা টোকাত লিখা আছে, "তেওঁলোকৰ ভাগৱত, কোৰাণ বা বাইবেল পঢ়িবলৈ সময় নাই - প্ৰেম, শান্তি, শৃংখলা আৰু সত্য শিকোৱা সেই পবিত্ৰ গ্ৰন্থবোৰ । কিন্তু পৃথিৱীত তেওঁলোকৰ হাতত সম্পূৰ্ণ সময় আছে ইজনে সিজনক তৰ্ক, উপহাস, উত্তেজিত, গালি-গালাজ আৰু অসন্মান কৰিবলৈ ।"

প্ৰতিক্ৰিয়াৰ মাজতে চলচ্চিত্ৰ নিৰ্মাতা ইমতিয়াজ আলীয়েও এ আৰ ৰহমানৰ সপক্ষে মাত দিয়ে । নিউজ দেইলীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ইমতিয়াজে কয়, "মই বিশ্বাস নকৰো যে চলচ্চিত্ৰ জগতত কোনো ধৰণৰ সাম্প্ৰদায়িক পক্ষপাতিত্ব আছে । এ আৰ ৰহমান মই লগ পোৱা অন্যতম উজ্জ্বল ব্যক্তিত্ব ৷" লগতে আৰু কয়, "মই নাভাবোঁ যে তেওঁ ঠিক সেইধৰণে কথাবোৰ কৈছিল যি ধৰণে লোৱা হৈছে । তেওঁৰ শব্দসমূহ ভুলকৈ ধৰি লোৱা হৈছে ।"
উল্লেখ্য যে, ৰহমানে উদ্যোগটোত পক্ষপাতিত্বৰ কথা কোৱাৰ পিছতে এই বিতৰ্ক আৰম্ভ হয় । তেওঁ উল্লেখ কৰে যে, ক্ষমতাৰ শেহতীয়া পৰিৱৰ্তনে হয়তো সৃষ্টিশীল জগতখনক প্ৰভাৱিত কৰিছিল আৰু কৈছিল যে ই "সাম্প্ৰদায়িক কথাও হ'ব পাৰে ৷" কিন্তু তেওঁ কেতিয়াও এনে পৰিস্থিতিৰ প্ৰত্যক্ষ সন্মুখীন হোৱা নাছিল বুলিও উল্লেখ কৰিছিল ।
এই প্ৰতিক্ৰিয়াৰ পিছত ৰহমানে স্পষ্টীকৰণ জাৰি কৰি কয়, "ভাৰত মোৰ প্ৰেৰণা, মোৰ শিক্ষক আৰু মোৰ ঘৰ । মোৰ উদ্দেশ্য সদায় সংগীতৰ জৰিয়তে উত্থান আৰু সেৱা আগবঢ়োৱা ।" বৰ্তমান এ আৰ ৰহমানে আন্তঃৰাষ্ট্ৰীয় সুৰকাৰ হান্স জিমাৰৰ সৈতে নিতেশ তিৱাৰীৰ ৰামায়ণৰ কাম কৰি আছে ।
লগতে পঢ়ক : বিৰতিৰ প্ৰয়োজন বুলি ষ্ট’ৰী দি ডিলিট কৰিলে নেহাই, আঁৰৰ কাৰণ ভাবি পাৰ পোৱা নাই নেটিজেনে

